হনুমানৰ বিবাহৰ কথা : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, August 5, 2022

হনুমানৰ বিবাহৰ কথা : Religious Studies

Religious Studies


হনুমানৰ বিষয়ে বিশ্বাস কৰা হয় যে-তেওঁ এজন চিৰ ব্ৰহ্মচাৰী।কিন্তু ভাৰতৰ কিছুমান ঠাইত বিশেষকৰি-তেলেংগানাত হনুমানক বিবাহিত বুলি গণ্য কৰা হয়। ( Religious Studies )


এই অঞ্চলসমূহত প্ৰচলিত বিশ্বাস অনুসৰি হনুমানৰ পত্নীৰ নাম সুৱৰচলা।আৰু তেওঁ সূয্য দেৱতাৰ কন্যা।ইয়াত সুৱৰচলা আৰু হনুমানৰ এটা প্ৰাচীন মন্দিৰ অৱস্থিত।ইয়াৰ উপৰিও পৰাশৰ সংহিতাত হনুমান আৰু সুৱৰচলাৰ বিবাহৰ কাহিনী আছে।


*হনুমান আৰু তেওঁ পত্নী সুৱৰচলাৰ মন্দিৰ তেলেংগানাৰ খাম্মাম জিলাৰ এটি প্ৰাচীন মন্দিৰ।ইয়াত হনুমান আৰু তেওঁৰ পত্নী সুৱৰচলাৰ প্ৰতিমূৰ্তি আছে।হনুমান আৰু তেওঁ পত্নীক যিয়ে দেখে-সেই ভক্তসকলৰ বৈবাহিক জীৱনৰ সকলো কষ্ট দূৰ হয়।পতি-পত্নীৰ মাজত প্ৰেম ৰৈ যায় বুলি বিশ্বাস কৰা হয়।


খাম্মাম জিলা হায়দৰাবাদৰ পৰা প্ৰায়-২২০কিলোমিটাৰ দূৰত্বত অৱস্থিত।


*বীৰ হনুমানৰ বিবাহৰ পৌৰাণিক কথাৰে-


*তেলেংগানাৰ খাম্মাম জিলাত পৰাশৰ সংহিতাত জনবিশ্বাসৰ ভিত্তি হিচাপে গণ্য কৰা হয়।হনুমান অবিবাহিত নহয়-বৰং বিবাহিত বুলি পৰাশৰ সংহিতাত উল্লেখ আছে।সূয্যদেৱৰ কন্যা সুৱৰচলাৰ লগত হনুমানৰ বিবাহ হৈছে।


সংহিতা অনুসাৰে হনুমানে সূয্য দেৱতাক গুৰু কৰি লৈছিল।সূয্য দেৱৰ ৯টা দৈৱিক বিদ্যা আছিল।হনুমানে এই সকলোবোৰ বিদ্যাৰ জ্ঞান লাভ কৰিব বিচাৰিছিল।সূয্যদেৱে এই ৯টা বিদ্যাৰ ভিতৰত ৫টা বিদ্যাৰ জ্ঞান হনুমানক দিলে।কিন্তু বাকী ৪টা বিদ্যাৰ বাবে সূয্যদেৱৰ সন্মুখত সংকটৰ সৃষ্টি হল।বাকী ৪টা দৈৱিক বিদ্যাৰ জ্ঞান কেৱল বিবাহিত শিষ্যকহে দিব পৰা যায়। ( Religious Studies )


হনুমান এজন চিৰ ব্ৰহ্মচাৰী আছিল।যাৰ বাবে সূয্যদেৱে তেওঁক বাকী ৪টা বিদ্যাৰ জ্ঞান দিবলৈ সক্ষম হোৱা নাছিল।এই সমস্যা সমাধানৰ বাবে সূয্যদেৱে বিয়া পাতিবলৈ পৰামৰ্শ দিলে।প্ৰথমে হনুমানে বিবাহত সন্মতি দিয়া নাছিল।কিন্তু যিকোনো উপায়েৰে তেওঁ বাকী ৪টা  বিদাৰ জ্ঞান লাভ কৰিব বিচাৰিছিল।এই কথাৰ বাবে-অৱশেষত বিয়াৰ সন্মতি দিলে।


*হনুমানে যেতিয়া বিবাহত সন্মতি দিলে-তেতিয়া তেওঁৰ বাবে যোগ্য কন্যা বিচৰা হল।আৰু সূয্য দেৱৰ কন্যা সুৱৰচলাত অনুসন্ধানত অন্ত পৰিল।সূয্য দেৱে হনুমানক কলে যে-সুৱৰচলা পৰম তপস্বী আৰু তেজস্বী।আৰু ইয়াৰ উজ্জ্বলতা কেৱল তুমিহে সহ্য কৰিব পাৰিবা।


সুৱৰচলাক বিয়া কৰাই-বাকী ৪টা দৈৱিক বিদ্যাৰ জ্ঞান লাভ কৰিবলৈ তুমি যোগ্য হৈ পৰিবা।সূয্যদেৱে লগতে কলে যে-সুৱৰচলাৰ লগত বিবাহত বঢ়াৰ পাছত তুমি সদায়ে চিৰ ব্ৰহ্মচাৰী হৈয়ে থাকিবা।কাৰণ বিবাহৰ পাছত পুনৰ সুৱৰচলা তপস্যাত মগ্ন হব।


*এই সকলোবোৰ কথা জানি সূয্যদেৱে-সুৱৰচলা আৰু হনুমানৰ বিবাহ সম্পন্ন কৰালে।বিবাহৰ পাছত সুৱৰচলা তপস্যাত মগ্ন হল।আৰু লগতে হনুমানে গুৰু সূয্যদেৱৰ পৰা বাকী ৪টা বিদাৰ জ্ঞান লাভ কৰিলে।এইদৰে বিবাহৰ পাছটো হনুমান ব্ৰহ্মচাৰী হৈ থাকিল।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

No comments:

Post a Comment

Advertisement

Pages