এই কথা আমি সকলোৱে জানো মনুষ্যৰ জীৱনত বহু সমস্যা আহিব, আৰু কেতিয়া আহিব, সেয়া মনুষ্যৰ কুণ্ডলী আৰু গ্ৰহৰ দ্বাৰা নিৰ্ধাৰিত হব। ( Religious Studies )
ৰাহু কেতু, মংগল আৰু শণি এই চাৰি গ্ৰহেই মুখ্য গ্ৰহ হয়। কাৰোবাৰ জীৱনত আহিব লগীয়া সমস্যাৰ কাৰণ। এয়াক নিয়ন্ত্রণ কৰিবলৈ যদি কোনো ৰামবান আছে, সেয়া হৈছে হনুমন্ত আৰাধনা।
পঞ্চমুখী হনুমানৰ প্ৰতিমা বা ছবিক বৰ শুভ মনা হয়। বাস্তু শাস্ত্র মতে, পঞ্চমুখী হনুমানৰ প্ৰতিমা বা ছবি ঘৰৰ দক্ষিণ পশ্চিম কোণত ৰখা হয়। তেতিয়া ঘৰখনৰ বাস্তু দুখ আঁতৰি যায়।
পঞ্চমুখী হনুমানৰ পূজা কৰিলে কি কি লাভ হয়..
১/ধন লাভৰ বাবে পঞ্চমুখী হনুমানৰ পূজা কৰা হয়। এটা নাৰিকলত ৰঙা ৰছি বান্ধি নাৰিকলৰ পূজা কৰিব লাগে। আৰু চাউল সেন্দুৰ হালধীয়া ফুল দিব লাগে। ৰাতিপুৱা হনুমানৰ মন্দিৰলৈ গৈ, সেই নাৰিকল আগবঢ়াব লাগে। এগচি বন্তি জ্বলাব লাগে। আৰু ঘৰলৈ আহি হনুমান চালিচা পাঠ কৰিব লাগে।
২/পঞ্চমুখী হনুমানক পাঁচ বিধ ফল আৰু ফুল দিব লাগে। কপুৰ দি আৰতি কৰিব লাগে। হনুমান মন্দিৰত তিনিকুনীয়া ৰঙা কাপোৰৰ পটাকা দিব লাগে। ( Religious Studies )
৩/ব্যক্তিৰ ওপৰত বাৰে বাৰে সংকট বা সমস্যা আহিলে, ১১খিলা আঁহতৰ পাত লৈ ভালদৰে ধুই সেই পাতত সেন্দুৰৰে শ্ৰী ৰাম লিখি হনুমানৰ মন্দিৰলৈ গৈ সেই আঁহতৰ পাতৰ মালা গুঠি, হনুমানক আগবঢ়াব লাগে। প্ৰসাদ আগবঢ়াব লাগে, আৰু এগচি ঘী বন্তি জ্বলাব লাগে। তেতিয়া ব্যক্তি সকলো সমস্যাৰপৰা মুক্ত হয়।
৪/মনুষ্যৰ শক্ত পৰাজয় বৰণ কৰিব। হনুমানৰ উপায় ললে। ব্যক্তিৰ ঘৰত বা বাহিৰত, দক্ষিণৰ ফালে পঞ্চমুখী হনুমানৰ এখন ছৱি লগাব। ফটো এনে লগাব যাতে, পঞ্চমুখী হনুমানে দক্ষিণৰ ফালে চাই ৰৈছে। সদায়ে পঞ্চমুখী হনুমানৰ পূজা কৰিব। বন্তি জ্বলাব।
৫) চাকৰি, ব্যৱসায়ত সফলতা প্ৰাপ্ত হব। পঞ্চমুখী হনুমানক এখন ৰঙা বস্ত্র অৰ্পণ কৰি প্ৰসাদ আগবঢ়াব। তিলৰ তেলৰ চাকি দিব। সেন্দুৰ আগবঢ়াব। আৰু মংগলবাৰে ব্ৰত কৰিব লাগে।।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Religious Studies )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
No comments:
Post a Comment