ৰাধা-শ্ৰী কৃষ্ণৰ কেনেদৰে বিয়োগ হল জানি লওক : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, August 4, 2022

ৰাধা-শ্ৰী কৃষ্ণৰ কেনেদৰে বিয়োগ হল জানি লওক : Religious Studies

Religious Studies

 

যেতিয়াই মৰম ভালপোৱা কথা কোৱা হয়-তেতিয়া সকলোতকৈ প্ৰথম-ৰাধা আৰু শ্ৰী কৃষ্ণৰ নাম লোৱা হয় । ( Religious Studies )


প্ৰেমৰ এই জোৰাৰ অনুমান এই কথাৰে পোৱা হয় যে-ৰাধাৰ নাম শ্ৰী কৃষ্ণতকে প্ৰথমে লোৱা হয়।ইয়াৰ বাহিৰেও শ্ৰী কৃষ্ণৰ ষোল্ল হাজাৰ আঠ গৰাকী পত্নী থকাৰ উপৰিও-ৰাধা ৰাণীৰ নাম শ্ৰী কৃষ্ণৰ লগত প্ৰথমে লোৱা হয়।তথাপিটো কিন্তু ৰাধা আৰু শ্ৰী কৃষ্ণৰ কেতিয়াও মিলন নহলে।ইয়াৰ কাৰণ আছিল এটা শাপ।


এওঁৰ শাপৰ বাবে-ৰাধা শ্ৰী কৃষ্ণৰ পৰা আঁতৰিবলগীয়া হৈছিল!


*ব্ৰহ্মবেবৰ্ত পুৰাণৰ অনুসাৰে-


*দেৱী ৰাধা ভগৱান শ্ৰী কৃষ্ণৰ লগত গোলকত বসবাস কৰিছিল।এদিনাখন দেৱী ৰাধা গোলকত উপস্থিত নাছিল।তেতিয়া ভগৱান শ্ৰী কৃষ্ণই নিজৰ পত্নী বিৰাজা লগত বিহাৰ কৰি আছিল।যেতিয়া ৰাধাই নিজৰ প্ৰাণ  প্ৰিয়াক আনৰ লগত বিচৰণ কৰি থকা দেখা পালে-তেতিয়া ৰাধাই শ্ৰী কৃষ্ণক ভালে বেয়াই কলে।দেৱী ৰাধাক খংত দেখি বিৰজাই নদী হৈ তাৰপৰা গুচি গল।


*ভগৱান শ্ৰী কৃষ্ণৰ মিত্ৰ সুদামাই দিছিল শাপ-

( Religious Studies )


*শ্ৰী কৃষ্ণক ভালে বেয়াই কোৱাত-শ্ৰী কৃষ্ণৰ সেৱক আৰু আৰু শ্ৰী কৃষ্ণৰ মিত্ৰ সুদামাৰ খং উঠিল আৰু সুদামাই দেৱী ৰাধাৰ অপমান কৰি দিলে।সেই অপমানৰ বাবে দেৱী ৰাধা আৰু অধিক ক্ৰোধিত হল আৰু দেৱী ৰাধাই সুদামাক ৰাক্ষস কুলত জন্মিবলৈ অভিশাপ দিলে।দেৱী ৰাধাৰ শাপৰ কথা শুনি -সুদামাই দেৱী ৰাধাক পৃথিৱীত মনুষ্য ৰূপে জন্ম লবলৈ অভিশাপ দিলে।দেৱী ৰাধাৰ এই শাপৰ বাবে-সুদামা-শংখচুৰ নামৰ অসুৰ ৰূপে জন্ম ললে।দেৱী ৰাধাই কীৰ্তি আৰু বৃষভানুৰ পুত্ৰী ৰূপে জন্ম লব লগীয়া হল।কিন্তু ৰাধাৰ জন্ম কীৰ্তিৰ গৰ্ভৰপৰা হোৱা নাছিল।


*এনেদৰে বিয়োগ হল-ৰাধা শ্ৰী কৃষ্ণৰ!


*পৃথিৱীত জন্ম লোৱাৰ কিছু বছৰৰ পাছত পূৰ্ৱজন্মৰ শাপৰ প্ৰভাৱ পৰিবলৈ ধৰিলে।ভগৱান শ্ৰী কৃষ্ণৰ ৰাসলীলা শেষ হল আৰু তেওঁ কংসৰ লগত যুদ্ধ কৰিবলৈ আহিবলগীয়া হল।যাৰদ্বাৰা দেৱী ৰাধাৰ লগ ভগৱান শ্ৰী কৃষ্ণৰ পৰা আঁতৰি গল।আৰু ৰাধাৰ বিবাহ ৰায়ানা নামক এজনৰ লগত হৈ গল।কোৱা হয় যে-দেৱী ৰাধাই ৰায়ানাৰ সন্মুখত নিজৰ ছায়া স্থাপিত কৰি-পুনৰ বৈকুন্ঠলৈ গুচি গৈছিল।ৰাধা ৰাণী ভগৱান শ্ৰী কৃষ্ণৰ বিয়োগৰ কাৰণ সুদামাৰ শাপ আছিল।



এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

No comments:

Post a Comment

Advertisement

Pages