গণেশ চতুৰ্থীৰ উৎসৱৰ প্ৰস্তুতি আৰম্ভণি হল।মহাৰাষ্ট্ৰত-এই পৰ্বক বহু ধুম-ধামেৰে পালন কৰে। ( Religious Studies )
পঞ্জিকা অনুসৰি গণেশ চতুৰ্থীৰ পৰ্ব ভাদমাহৰ শুক্ল পক্ষৰ চতুৰ্থী তিথিত পালন কৰা হয়।পৰম্পৰা অনুসৰি গণেশ চতুৰ্থী দিনাৰ পৰা গণেশ মহোংসৱৰ আৰম্ভণি হয়।প্ৰথম দিনা-ঘৰত গণপতি বাপ্পাৰ স্থাপিত কৰা হয়।দহ দিনৰ পাছত অৰ্থাৎ চতুদৰ্শীৰ দিনা গণপতিৰ বিৰ্সজন-পঞ্জিকা অনুসৰি ৯ছেপ্তেম্বৰত কৰা হব।পৌৰাণিক মান্যতা অনুসৰি-গণেশ মহোৎসৱত-ভগৱান গণেশৰ বিধি বিধানেৰে পূজা কৰিলে ভক্তৰ সকলো মনৰ কামনা পূৰ্ণ হয়।
২০২২ বৰ্ষৰ গণেশ চতুৰ্থীৰ আৰম্ভ- ৩০ আগষ্ট'ৰ দুপৰীয়া ৩বাজি ৩৩মিনিটৰ পৰা।
গণেশ চতুৰ্থী তিথি সমাপ্ত-
৩১আগষ্ট দুপৰীয়া ৩বাজি ২২মিনিটত শেষ হব।
গণেশ চতুৰ্থীত কি কৰা হয়!
মান্যতা অনুসাৰে গণেশ চতুৰ্থীৰ পৰা গণেশ উৎসৱৰ আৰম্ভ হয়।ভগৱনা গণেশৰ ভক্তসকলে-এইদিনা গণপতি বাপ্পাক নিজৰ ঘৰলৈ আনে।আৰু ১০দিনলৈ গণপতিৰ সেৱা আৰু বিশেষভাৱে চোৱা চিতা কৰে।
( Religious Studies )
ভগৱান গণেশৰ পূজন বিধি-
গণেশ চতুৰ্থী দিনা-গণেশ পূজা আৰম্ভ কৰাৰ আগে সূৰ্যদয়ৰ আগে স্নান কৰি-শুদ্ধ বস্ত্ৰ পৰিধান কৰিব লাগে।ইয়াৰ পাছত গণপতিৰ সন্মুখত বহি পূজা আৰম্ভ কৰিব লাগে।গণপতিক গংগা জলেৰে অভিষেক কৰিব লাগে,তথা গণপতিক,অক্ষত,ফুল, দুৱৰি বন,মোদক আদি অৰ্পিত কৰিব লাগে।এনে কৰাৰ পাছত বাপ্পাৰ সন্মুখত- ধূপ,দ্বীপ,বন্তি জ্বলাবলৈ লাগে।ভগৱান গণেশৰ আৰতী আৰু মন্ত্ৰৰ জাপ কৰিব লাগে।
গণপতিৰ বিৰ্সজন-
পঞ্জিকা অনুসৰি-২০২২বৰ্ষৰ ৯ছেপ্তেম্বৰ তাৰিখে অন্তত চতুদৰ্শী পৰ্ব আছে।মান্যতা অনুসাৰে এইদিনাই গণপতিৰ বিৰ্সজন কৰা হয়।ভগৱান গণেশৰ বিৰ্সজনত মহাৰাষ্ট্ৰত বিশেষ আয়োজন কৰা হয়।
*ভগৱান গণেশৰ পিঠি কিয় দৰ্শন কৰিব নালাগে!
*ভগৱান গণেশৰ পিঠিত থাকে দৰিদ্ৰতাৰ বাস-
*ভগৱান গণেশক ৰিদ্ধি-সিদ্ধিৰ দাতা মনা হয়।ভগৱান গণেশৰ পিঠি দৰ্শন কৰাটো বৰ্জিত কৰা হৈছে।ভগৱান গণেশৰ শৰীৰত জীৱন আৰু ব্ৰহ্মাণ্ডৰ লগত জড়িত অংগই নিবাস কৰে। শ্ৰী গণেশৰ শুৰত-ধৰ্ম বিদ্যামান আছে।আৰু কাণত-ত্ৰীছায়েঁ।বাওঁহাতত বৰ,সোঁ-হাতত-অন্ন। পেটত-সমৃদ্ধি,নাভিত-ব্ৰহ্মাণ্ড।চকুত লক্ষ্য,ভৰিত সাত লোক আৰু মস্তকত-ব্ৰহ্মলোক বিদ্যামান আছে।ভগৱান গণেশক সন্মুখৰ পৰা দৰ্শন কৰিলে উপযুক্ত সকলো সুখ-শান্তি আৰু সমৃদ্ধি প্ৰাপ্ত হয়।
*এনে মনা হয় যে-ভগৱান গণেশৰ পিঠিত দৰিদ্ৰতাৰ বাস হয়।শ্ৰী গণেশৰ পিঠিৰ দৰ্শন কৰা ব্যক্তি যদি বহুত ধনৱান হলেও-সেইজনৰ ঘৰত দৰিদ্ৰতাৰ প্ৰভাৱ বৃদ্ধি হয়।সেইবাবে গণেশ ভগৱানৰ পিঠি চাব নালাগে।অজানিতে যদি পিঠি চোৱা হয়-তেতিয়া শ্ৰী গণেশৰ ওচৰত ক্ষমা বিচাৰি তেওঁৰ পূজন কৰিব লাগে।তেতিয়া বেয়া প্ৰভাৱ নষ্ট হয়।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Religious Studies )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
No comments:
Post a Comment