নাগ পঞ্চমী উৎসৱ কিয় পালন কৰা হয় জানি‌‌ লওক : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, August 2, 2022

নাগ পঞ্চমী উৎসৱ কিয় পালন কৰা হয় জানি‌‌ লওক : Religious Studies

Religious Studies


শাওণ মাহত শুক্ল পক্ষৰ পঞ্চমীত উত্তৰ ভাৰতত-নাগ পঞ্চমীৰ উৎসৱ বহু ধূম-ধামেৰে পালন কৰা হয়।এই দিনা নাগৰ পূজা কৰা হয়।  ( Religious Studies )


এই উৎসৱ ভাৰতৰ বেলেগ বেলেগ প্ৰান্তত বেলেগ বেলেগ ধৰণে পালন কৰা হয়।ভাৰতৰ দক্ষিণ মহাৰাষ্ট্ৰ আৰু বংগালত এই উৎসৱ বিশেষ ৰূপে পালন কৰা হয়।পশ্চিম বংগাল,অসম আৰু উৰিষ্যাৰ কিছু ভাগত নাগৰ দেৱী মা মনসা দেৱীৰ আৰাধনা কৰা হয়।কেৰেলাৰ মন্দিৰটো এই দিনা শ্ৰেচনাগৰ বিশেষ পূজা কৰা হয়।


*নাগ পঞ্চমী পালন কৰাৰ মান্যতা-


*শ্ৰেচনাগৰ ফেনাত আছে পৃথিৱী- 

 হিন্দু ধৰ্ম গ্ৰন্থত নাগৰ দেৱতা-শ্ৰেচনাগক মনা হয়।ইয়াৰ আঁৰত বহু মান্যতা আছে।যেনে-শ্ৰেচ নাগৰ ফেনাত পৃথিৱী আছে।আৰু ভগৱান বিষ্ণু শ্ৰীসাগৰত শ্ৰেচনাগৰ দেহাত নিদ্ৰা যায়।


*শ্ৰেচনাগ আৰু বাসুদেৱৰ সম্বন্ধ- ভোলানাথৰ ডিঙিত সৰ্পৰ মালা আছে।আৰু ভগৱান শ্ৰী কৃষ্ণৰ জন্মত-নাগৰ সহায়ৰ দ্বাৰা বাসুদেৱে যমুনা নদী পাৰ কৰিছিল।


*সমুদ্ৰ মন্থনত বাসুকী নাগৰ মহত্ব- সমুদ মন্থনৰ সময়ত দেৱতাসকলৰ সহায় বাসুকী নাগে কৰিছিল।সেইবাবে নাগ পঞ্চমী দিনা নাগ দেৱতা সকলৰ সেৱা ব্যক্ত কৰিবলৈ এই উৎসৱ পালন কৰা হয়।  ( Religious Studies )


*নাগ পঞ্চমীৰ কথাৰে-


*এখন ৰাজ্যত এজন খেতিয়ক-নিজৰ দুই পুত্ৰ আৰু একমাত্ৰ জীয়ৰীৰ লগত বসবাস কৰিছিল।এদিনাখন পথাৰত হাল বায় থাকোঁতে-খেতিয়কৰ হালৰ তললৈ আহি সাপৰ তিনিটা পোৱালীয়ে মৃত্যুক সাৱটি ললে।সাপৰ পোৱালীবোৰে মৃত্যুক সাৱটি লোৱাত সাপৰ পোৱালীৰ মাকে-নিজৰ সন্তানৰ হত্যাকাৰীৰ ওপৰত প্ৰতিশোধ লবলৈ ঠিৰাং কৰিলে।ৰাতিৰ অন্ধকাৰত-সাপৰ পোৱালীৰ মাকে-খেতিয়ক,দুই পুত্ৰ,আৰু খেতিয়কৰ পত্নীক খুঁটি মৃত্যুৰ মুখলৈ পথিয়ালে।পাছদিনা পুনৰ নাগিনে-খেতিয়কৰ পুত্ৰীক খুঁটিবলৈ যাওঁতে-খেতিয়কৰ জীয়েকে নাগিনৰ সন্মুখত গাখীৰৰে পূৰ্ণ পাত্ৰ দিলে।আৰু নাগিনক হাত জোৰ কৰি খেতিয়কৰ জীয়েকে ক্ষমা বিচাৰিলে।তেতিয়া নাগিনে প্ৰসন্ন হয়-খেতিয়ক,দুই পুত্ৰ আৰু খেতিয়কৰ পত্নীক পুনৰ জীৱিত কৰি দিলে।সেইদিনা শাওণ মাহৰ শুক্ল পক্ষৰ পঞ্চমী তিথি আছিল।সেইদিন ধৰি নাগ-নাগিনৰ ক্ৰধৰ পৰা ৰক্ষা পাবলৈ-এই দিনা নাগৰ পূজা কৰা হয়।আৰু নাগ পঞ্চমীৰ পৰ্ব পালন কৰা হয়।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

No comments:

Post a Comment

Advertisement

Pages