বেদত যিবিলাক পূজা-সেৱা, যাগ-যজ্ঞ বিষয়ে উল্লেখ আছে সেই বিলাকত বিভিন্ন দ্ৰব্য ব্যৱহাৰ কৰা হয়। বৈদিক যুগৰ পৰা হাজাৰ হাজাৰ বছৰৰ পাছতো আজিলৈকে চলি আহা এই নিয়ম বিলাক আৰু দ্ৰব্য বিলাকৰ বহুত অৰ্থ আছে। ( Religious Studies )
বৈদিক ঋষি সকলে যিবোৰ দ্ৰব্য ব্যৱহাৰৰ নিয়ম কৰিছিল এই সকলো বিলাকৰে দুটা দৃষ্টিকোণৰ ওপৰত বিশেষ গুৰুত্ব দিছিল---- বৈজ্ঞানিক দৃষ্টিকোণ আৰু আধ্যাত্মিক।
সনাতন পৰম্পৰাত বিভিন্ন যজ্ঞাদি কামত আৰু পূজা বিলাকত কিছুমান বস্তুৰ ব্যৱহাৰ আমি সদায় দেখি থাকো যদিও বহুত সময়ত এই বিলাক কিয় ব্যৱহাৰ হয় তাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া নাযায়। সনাতন পৰম্পৰাত কুশ বনৰ ব্যৱহাৰ বৈদিক যুগৰ পৰাই কৰি আহিছে। অথৰ্ৱবেদ আছে----
इमं बध्नामि ते मणिं दीर्घायुत्वाय तेजसे।
दर्भ स॑पत्नदम्भनं द्विषतस्तपनं हृदः॥
( অথৰ্ৱবেদ সংহিতা ১৯/২৮/১)
অৰ্থাৎ--
আপোনাৰ দীৰ্ঘজীৱন আৰু তেজস্বিতাৰ বাবে মই এই দৰ্ভ বন (কুশ বন) ডাল আপোনাৰ শৰীৰৰ লগত বান্ধিছো । এই দৰ্ভ বন শত্ৰু সংহাৰক আৰু বাহিৰৰ শত্ৰুক নষ্ট কৰে ।
কুশ বনক সংস্কৃত ভাষাত দৰ্ভ বুলি কয়। কুশ বনক পবিত্ৰ দ্ৰব্য বুলি ধৰা হয়। কুশৰ এটা বিশেষ আধ্যাত্মিক গুণ আছে যাৰ বাবে সনাতন পৰম্পৰাৰ সকলো কামতে ইয়াৰ ব্যৱহাৰ হয়। সেয়ে সনাতন পৰম্পৰাৰ বিভিন্ন কৰ্মাদি কৰিবৰ বাবে পুৰোহিতে সোঁ হাতৰ অনামিকা আঙুলিত কুশ বনৰ আঙঠিৰ দৰে পিন্ধি লয়। এই আঙঠি যেতিয়া মৃতকৰ শ্ৰাদ্ধৰ তৰ্পণ দিবৰ বাবে পিন্ধে তেতিয়া এডাল বন লৈ আঙঠিৰ দৰে কৰি পিন্ধে , দৈনিক ঘৰত হোৱা কৰ্মত দুডাল কুশ লৈ , কিছুমান কৰ্ম যিবিলাক কোনো বিশেষ কামৰ বাবে কৰা হয় সেই বিলাকত তিনি ডাল আৰু যেতিয়া মন্দিৰৰ পবিত্ৰ অনুষ্ঠান , পূজা আদিত চাৰি ডাল কুশ লৈ আঙঠি সজা হয়। শ্ৰাদ্ধ কৰ্মৰ বাহিৰে বাকী কামৰ বাবে পিন্ধা এই কুশৰ আঙঠিক পৱিত্ৰম্ বুলি কোৱা হয়।
কুশ বনে সকলো ধৰণৰ ঋণাত্মক শক্তি (negative energy) , বিহ আৰু বিভিন্ন বীজাণু আৰু তাৰ পৰা বিকিৰণ হোৱা ঋণাত্মক ভাবৰ পৰা ৰক্ষা কৰে । কুশ বন কেইডালমান থৈ দিলে সেই ঠাইত এক আবৰণৰ সৃষ্টি কৰি ভূত,পিশাছ, আন অশুভ শক্তি , মানুহৰ বেয়া ভাব, কোনোবাই সাপ দিলে আদি সোমাব নোৱাৰা হৈ যায়। সেয়ে পূজা আৰম্ভ কৰিবলৈ সংকল্প কৰোতে মন্ত্ৰ গাই কেউফালে কুশেৰে পানী চটিওৱা হয় ।
আধ্যাত্মিক দিশত কুশৰ আটাইতকৈ উল্লেখনীয় কথাটো হ'ল মন্ত্ৰ উচ্চাৰণ কৰি যেতিয়া কুশ ডালেৰে পানী চটিওৱা হয় তেতিয়া মন্ত্ৰৰ ধ্বনিয়ে যি তৰঙ্গৰ সৃষ্টি কৰে তাৰ লগত কুশ ডালৰ পৰা সৃষ্টি হোৱা তৰঙ্গ লগ হৈ নিৰ্দিষ্ট দেৱী দেৱতাৰ ওচৰ পোৱাত সহায় হয় ।
অথৰ্ৱবেদৰ মতে নিৰ্দিষ্ট মন্ত্ৰ গাই কুশ বনেৰে পানী অকনমান চটিয়াই দি মানুহৰ ক্ৰোধ নাশ কৰিব পৰা যায়-----
अयं दर्भो विमन्न्युकः स्वाय चारणाय च।
मन्योर्विमन्युकस्यायं मन्युशमन उच्यते॥
(অথৰ্ৱবেদ সংহিতা ৬/৪৩/১)
অৰ্থাৎ
এই দৰ্ভ বনে (কুশ বন) বন্ধু আৰু শত্ৰুৰ ক্ৰোধ নিজৰ শক্তিৰ দ্বাৰা দমন কৰিবৰ বাবে আছে । ই স্বভাৱতঃ খঙাল আৰু কাৰণ বশত খঙ উঠা লোকক শান্ত কৰাত দক্ষ। ( Religious Studies )
যেতিয়া মূৰ্তি অভষেক কৰা হয় বা কোনো দেৱী দেৱতাৰ যন্ত্ৰ পূজা কৰা হয় তেতিয়া লোতাৰ পানীত কুশ এডাল দি লৈ দৈৱিক শক্তিক লোতাৰ পানী লৈ আহিবলৈ কোৱা হয়। আকৌ যেতিয়া মন্দিৰৰ আৰু ঘৰৰ কোনো দেৱী দেৱতাৰ মূৰ্তি বা যন্ত্ৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হয় তেতিয়া গোটেই ঠাই খিনিত মন্ত্ৰ গাই কুশেৰে পানী চটিয়াই লোৱা হয় যাতে কোনো অশুভ শক্তি সেই ঠাই খিনিত থাকিব নোৱাৰে।
যেতিয়া পূজাত আৱাহন কৰা হয় তেতিয়া কলহৰ পানীত প্ৰতিবিম্ব ছোৱা নিয়ম আছে সেই সময়ত কুশ ডালেৰে কলহ টো চুই থাকিব লাগে যাতে দৈৱিক শক্তিৰ সলনি অশুভ শক্তি আহি নাযায়।
হোম- যজ্ঞলৈ বহুত শুভ আৰু অশুভ শক্তি আকৰ্ষিত হয়। সেয়ে হোমৰ কুণ্ডত মন্ত্ৰ উচ্চাৰণ কৰি কুশ দি লয় যাতে সাধক আৰু নিৰ্দিষ্ট দেৱতাৰ মাজত সংযোগ স্থাপনত বাধা নহয়। হোম শেষ হোৱাৰ পাচত কুশ কেইডাল হোম কুণ্ডত জ্বলি যাবলৈ দি তাৰ ছাই কন তুলি আনি ঘীউৰ লগত মিহলি কৰি উপস্থিত সকলক ফোট দিয়া হয় যাতে সকলোৱে দৈবিক শক্তিৰ আশীৰ্বাদ পায় । এই ফোটক ৰক্ষা ফোট বুলি কয়।
কুশ বনৰ শোধন ক্ষমতা, বীজাণু নষ্ট কৰা ক্ষমতা বহুত বাৰ পৰীক্ষা কৰি চাই প্ৰমাণ হৈছে। শেহতীয়াকৈ তামিলনাডুৰ শাস্ত্ৰ বিশ্ববিদ্যালয়ৰ ফালৰ পৰা এটা বিজ্ঞানী দলে বিভিন্ন কামত লগা ঘাঁহ, পাত , কুশ আৰু বাঁহ গুণ গুণৰ ওপৰত গৱেষণা কৰি প্ৰমাণ কৰিছে যে কুশ থাকিলে ওচৰৰ বীজাণু নাইকিয়া হৈ যায়। সেয়ে হয়তো প্ৰাচীন কালৰে পৰা সূৰ্য্য গ্ৰহণ আৰু চন্দ্ৰ গ্ৰহণ সময়ত থৈ দিয়া খাদ্য সামগ্ৰীত আৰু ৰান্ধি থোৱা খাদ্য থাকি গ'লে কুশ বন দি থোৱাৰ পৰম্পৰা আছে।
কুশৰ ওপৰত বহি সাধনা বা ধ্যান কৰিলে মনটো যেনি তিনি নাযায় আৰু তপস্যাৰ সিদ্ধিও সোনকালে হয়। সেয়ে গৌতম বুদ্ধই কুশৰ আসনত বহি তপস্যা কৰি সিদ্ধি লাভ কৰিছিল।
হাজাৰ হাজাৰ বছৰৰ আগতেই আমাৰ বৈদিক ঋষি মুনি সকলে কুশ বনৰ বিশেষ গুণ আছে বুলি জানি শোধন আৰু সুৰক্ষা আৰু ক্ৰোধ দমনৰ বাবে কুশ বনক ব্যৱহাৰ কৰাৰ নিয়ম ৰাখিছে। আজি বিজ্ঞানে প্ৰমাণ কৰিছে কোনো বিজুলী চালিত যন্ত্ৰ পাতিৰ লগত কাম কৰা মানুহে আৰু বেছি সময় কম্পিউটাৰত কাম কৰা মানুহে কুশৰ মালা বা আঙঠি পিন্ধি থাকিলে সেই বিলাকৰ পৰা ওলোৱা ৰেডিয়েছনে অপকাৰ কৰিব নোৱাৰে । সেই দৰে কম্পিউটাৰ আৰু মবাইল ফোনত কুশ কেইডাল মান থৈ দিলে তাৰ ৰেডিয়েছন ওলাই আহিব নোৱাৰিব বুলি বিজ্ঞানে প্ৰমাণ কৰিছে।
জয়তু ভাৰতৰ ঋষি মুনি সকল ! জয়তু বৈদিক পৰম্পৰা !!
#শাস্ত্ৰ_জ্ঞানম্_অমৃতম্
#দুজন_মান_বন্ধুৰ_অনুৰোধত_আকৌ_দিলো
জুলা শৰ্মা
নতুন দিল্লী
বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় লেখিকা জুলা শৰ্ম ডাঙৰীয়াণীৰ(যোগাযোগ - ৯৮৯৯৬৪৩৫৫৮)।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ। ( Religious Studies )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment