এখন নগৰত এজন ধনী খেতিয়ক আছিল।খেতিয়কৰ ঘৰত কোনো বস্তুৰে অভাৱ নাছিল।কিন্তু খেতিয়কৰ কোনো সন্তান নাছিল।যাৰ বাবে খেতিয়ক বৰ দুখিত আছিল। ( Religious Studies )
পুত্ৰ লাভৰ বাবে-খেতিয়কে প্ৰত্যেক সোমবাৰে ব্ৰত কৰিছিল,আৰু শিৱ মন্দিৰলৈ গৈ-সম্পূৰ্ণ ভক্তিৰে ভগৱান শিৱ আৰু মাতা পাৰ্ৱতীৰ পূজা কৰিছিল।খেতিয়কৰ ভক্তি দেখি-মা পাৰ্ৱতী প্ৰসন্ন হল আৰু মহাদেৱক-খেতিয়কৰ মনৰকামনা পূৰ্ণ কৰিবলৈ নিবেদন কৰিলে।
*দেৱী পাৰ্ৱতীৰ মনৰ কথা শুনি-মহাদেৱে কলে যে-হে পাৰ্ৱতী-এই সংসাৰত সকলো প্ৰাণীয়ে তাৰ কৰ্ম অনুসাৰে ফল পায় আৰু যাৰ ভাগ্যত যি আছে-সেয়া ভূগিবই লাগে।কিন্তু দেৱী পাৰ্ৱতীয়ে খেতিয়কৰ ভক্তিৰ মান ৰাখিবলৈ-খেতিয়কৰ মনৰকামনা পূৰ্ণ কৰাৰ ইচ্ছাৰ কথা কলে।মাতা পাৰ্ৱতীৰ আগ্ৰহত-মহাদেৱে খেতিয়কজনক পুত্ৰ প্ৰাপ্তৰ বৰদান দিলে,কিন্তু লগতে এয়াও কলে যে-খেতিয়কৰ পুত্ৰৰ আয়ুস কেৱল ১২বছৰ হব।মাতা পাৰ্ৱতী আৰু মহাদেৱৰ এই কথা বতৰাক খেতিয়কজনে শুনি আছিল।খেতিয়কজন এই সুখীও হোৱা নাছিল আৰু দুখো কৰা নাছিল।প্ৰথমৰ দৰেই খেতিয়কজনে ভক্তিৰে মহাদেৱৰ পূজা কৰি থাকিল।কিছু দিনৰ পাছত খেতিয়কৰ ঘৰত এটা পুত্ৰ সন্তান জন্ম হল।যেতিয়া সেই পুত্ৰ ১১বছৰৰ হল-তেতিয়া তাক বিদ্যা লাভৰ বাবে কাশী পথিয়াই দিয়া হল।
*খেতিয়কজনে-পুত্ৰৰ মোমায়েকক মাতি বহুত ধন দিলে আৰু কলে যে-তুমি মোৰ পুত্ৰক কাশীলৈ বিদ্যা প্ৰাপ্তি বাবে লৈ যোৱা আৰু বাটত যজ্ঞ কৰাবা।যতে-যজ্ঞ কৰাবা-সেই স্থানত ব্ৰাহ্মণক ভোজন কৰাবা আৰু দান-দক্ষিণা দি যাবা।
*দুয়ো মোমায়েক-ভাগিনিয়েকে-
এনেদৰে যজ্ঞ কৰোৱাই আৰু ব্ৰাহ্মণক দান দক্ষিণা দি-কাশীৰ ফালে আগুৱাই গল।বাটতে এখন নগৰ পাৰ হঁওতে-সেই নগৰৰ ৰজাৰ জীয়েকৰ বিবাহ আছিল।কিন্তু যাৰ লগত বিবাহ হৈছিল-সেই ৰাজকুমাৰ জনে এটা চকুৰে দেখা নাপাইছিল।ৰাজকুমাৰৰ পিতৃয়ে-ৰাজকুমাৰৰ এই কথা লুকুৱাবলৈ এটা বুদ্ধি কৰিলে।খেতিয়কৰ পুত্ৰক দেখা পায়-ৰাজকুমাৰৰ পিতৃৰ মনলে এটি বিচাৰ আহিল।তেওঁ ভাবিলে-ইয়াকে দৰা সাঁজি ৰাজকুমাৰী লগত বিবাহ কৰোঁৱাই দিওঁ।বিবাহৰ পাছত ইয়াক ধন-ধান দি বিদায় দিম।আৰু ৰাজকুমাৰীক নিজৰ নগৰলৈ লৈ যাম। ( Religious Studies )
*খেতিয়কৰ পুত্ৰক দৰা সাঁজি ৰাজকুমাৰী লগত বিবাহ কৰাই দিলে।কিন্তু খেতিয়কৰ পুত্ৰ এজন সচাঁ হৃদয়ৰৰ ব্যক্তি আছিল।সি এই কথা শুদ্ধ বুলি নাভাবিলে।সি সুবিধা বুজি-ৰাজকুমাৰীৰ কাপোৰত লিখিলে যে-তোমাৰ বিবাহ মোৰ লগত হল।কিন্তু তুমি যিজন ৰাজকুমাৰৰ লগত যাবা-সেই ৰাজকুমাৰজন অন্ধ হয়।মই কাশীলৈ পঢ়িবলৈ গৈ আছো।
*যেতিয়া ৰাজকুমাৰীয়ে কাপোৰত লিখা কথা পঢ়িলে-তেতিয়া এই ৰাজকুমাৰীয়ে নিজৰ পিতৃ-মাতৃক কলে।তেতিয়া ৰজাই নিজৰ পুত্ৰীক বিদায় নিদিলে।আৰু অন্ধ ৰাজকুমাৰজন নিজৰ নগৰলৈ গুচি গল।আনফালে-খেতিয়ক পুত্ৰ আৰু মোমায়েক কাশীত উপস্থিত হলগৈ।আৰু কাশীত উপস্থিত হয়-তেওঁলোকে যজ্ঞ কৰিলে।যিদিনা খেতিয়কৰ পুত্ৰৰ আয়ুস ১২বছৰ হল-সেইদিনাই যজ্ঞ ৰৈ গল।লৰাটোৱে মোমায়েকক কলে যে-মোৰ গাটো ভাল লগা নাই!তেতিয়া মোমায়েকে কলে-তুমি ভিতৰলৈ গৈ অলপ সময় জিৰণি লৈ লোৱা।
*মহাদেৱৰ বৰদানৰ অনুসাৰে-কিছু সময়ৰ পাছতে খেতিয়কৰ পুত্ৰই ন!প্ৰাণ ত্যাগ কৰিলে।মৃত ভাগিনিয়েকক দেখি মোমায়েকে বিলাপ কৰিলে।সেই সময়তে আকৌ-মহাদেৱ আৰু মাতা পাৰ্ৱতী হেইফালেদিয়ে গৈছিল। তেতিয়া মাতা পাৰ্ৱতীয়ে মহাদেৱক কলে-প্ৰভূ-মই এই কান্দোনৰ ৰোল সহিব পৰা নাই।আপুনি এই ব্যক্তিৰ কষ্ট দূৰ কৰি দিয়ক।যেতিয়া মহাদেৱ মৃত বালকৰ কাষ পাই কলে যে-এই বালক সেই খেতিয়কৰে পুত্ৰ হয়,যাক মই ১২বছৰ আয়ুসৰ বৰদান দিছিলো।এতিয়া ইয়াৰ আয়ুস সম্পূৰ্ণ হল।কিন্তু মাতৃৰ মমতাত বিভোৰ মাতা পাৰ্ৱতীয়ে কলে-মহাদেৱ আপুনি এই বালকক আৰু আয়ুস দিয়াৰ কৃপা কৰক।অন্যথা এই বালকৰ বিয়োগত-এই বালকৰ পিতৃ-মাতৃও কষ্ট পায় মৃত্যুক সাৱটি লব।মাতা পাৰ্ৱতীৰ আগ্ৰহত ভগৱান শিৱই-খেতিয়কৰ পুত্ৰক জীৱিত হোৱাৰ বৰদান দিলে।মহাদেৱৰ কৃপাত খেতিয়কৰ পুত্ৰ জীৱিত হল।
*শিক্ষা সমাপ্ত কৰি-খেতিয়কৰ পুত্ৰই মোমায়েকৰ লগত নিজৰ নগৰলৈ বাট ললে।দুয়ো গৈ সেই নগৰত উপস্হিত হল-যত খেতিয়কৰ পুত্ৰৰ বিবাহ হৈছিল।সেই নগৰটো মোমায়েক-ভাগিনিয়েকে যজ্ঞৰ আয়োজন কৰিলে।তেতিয়া খেতিয়কৰ পুত্ৰক তাৰ শহুৰেকে চিনি পালে আৰু তাক নিজ ৰাজ মহললৈ লৈ গৈ-আদৰ-সাদৰ কৰি-নিজৰ পুত্ৰীক বিদায় কৰিলে।
*আনফালে-ভুকতে-পিয়াঁহতে থাকি খেতিয়ক আৰু তাৰ পত্নীয়ে পুত্ৰৰ বাবে অপেক্ষা কৰি আছিল।তেওঁলোকে প্ৰতিজ্ঞা কৰিছিল যে-যদি তেওঁলোকে-পুত্ৰৰ মৃত্যুৰ বাতৰি পায়,তেতিয়া তেওঁলোকেও প্ৰাণ ত্যাগ কৰিব।কিন্তু নিজৰ পুত্ৰৰ জীৱিত থকাৰ বাতৰি পায়-তেওঁলোক বহুত প্লসন্ন হল।
*সেই দিনাই ভগৱান শিৱই-খেতিয়কৰ সপোনত আহি কলে- হে-শ্ৰেষ্ট-মই তোমাৰ সোমবাৰৰ ব্ৰত ৰখা-আৰু ব্ৰত কথা শুনাত-প্ৰসন্ন হয় তোমাৰ পুত্ৰক দীৰ্ঘায়ু হোৱাৰ বৰদান কৰিলো।
*যি ব্যক্তিয়ে সোমবাৰে ব্ৰত কৰে বা কথা শুনে বা পঢ়ে-সেইজনৰ সকলো দুখ-কষ্ট দূৰ হয় আৰু মনৰকামনা পূৰ্ণ হয়।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Religious Studies )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment