শাওণ মাহত ময়ূৰ পাখিৰে এই উপায় কৰিলে গ্ৰহ দোষ আৰু ধনৰ সমস্যা দূৰ হয় : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, August 3, 2022

শাওণ মাহত ময়ূৰ পাখিৰে এই উপায় কৰিলে গ্ৰহ দোষ আৰু ধনৰ সমস্যা দূৰ হয় : Religious Studies

Religious Studies


ভগৱান শিৱৰ লগতে ভগৱান বিষ্ণুৰ আৰ্শীবাদ প্ৰাপ্তৰ বাবে শাওণ মাহত ময়ূৰপাখিৰে কৰিব লাগে এই বিশেষ উপায় । ( Religious Studies )


হিন্দু ধৰ্ম,জ্যোতিষ আৰু বাস্তু শাস্ত্ৰ অনুসাৰে-ময়ূৰপাখিৰ বিশেষ মহত্ব আছে।ময়ূৰপাখি ভগৱান শ্ৰী কৃষ্ণৰ প্ৰিয়।ময়ূৰ পাখিক ভগৱান শ্ৰী কৃষ্ণই নিজৰ মূৰত ধাৰণ কৰে।ধাৰ্মিক মান্যতা অনুসাৰে-ময়ূৰপাখিৰ দ্বাৰা কিছু উপায় কৰিলে-ভগৱান শিৱৰ লগতে ভগৱান বিষ্ণুৰ কৃপা প্ৰাপ্ত হয়।শাওণ মাহত ময়ূৰ পাখিৰে কিছু উপায় কৰিলে গ্ৰহ দোষ আৰু বেয়া দৃষ্টিৰ দোষক দূৰ কৰিব পৰা যায়।ময়ূৰপাখিৰ এই উপায়-ধনৰ সমস্যাকো দূৰ কৰে।


*শাওণ মাহ ১৮জুলাই পৰা আৰম্ভ হল।আৰু ১২আগষ্ট লৈ থাকিব।শাওণ মাহত ময়ূৰ পাখি কিছু উপায় কৰিলে-আৰ্থিক সমস্যা দূৰ হোৱাৰ লগতে,ঘৰলৈ সুখ-সমৃদ্ধি আহে।


*শাওণ মাহত ময়ূৰপাখিৰ দ্বাৰা কৰা উপায়সমূহ হৈছে-


*ধন-প্ৰাপ্তিৰ উপায়-

যদি আৰ্থিক সমস্যাৰ লগত যুঁজি আছে-তেতিয়া ধন প্ৰাপ্তৰ বাবে-ভগৱান শ্ৰী কৃষ্ণ আৰু ৰাধা ৰাণীৰ সন্মুখত ময়ূৰপাখি ৰাখি পূজা কৰিব লাগে।৪০দিনৰ পাছত এই ময়ূৰ পাখিক নিজৰ ধন ৰখা ঠাইত ৰাখিব লাগে।এই উপায় দ্বাৰা ঘৰলৈ ধনৰ আগমণ হয়।।

 

*কালসৰ্প দোষ আঁতৰ হয়-

শাওণ মাহত মহাদেৱৰ পূজা-অৰ্চনা কৰি-কালসৰ্প দোষৰ পৰা মুক্তি পাব পাৰি।যদি কাৰোবাৰ কুণ্ডলীত কালসৰ্পৰ দোষ আছে-তেতিয়া সেই ব্যক্তিয়ে নিজৰ গাৰুৰ তলত-৭টা ময়ূৰপাখি ভৰাই ৰাখিব লাগে।এনে কৰিলে এই দোষৰ পৰা মুক্তি পায়। ( Religious Studies )


*ধাৰ্মিক কিংবদন্তি অনুসাৰে-ভগৱান শ্ৰী কৃষ্ণই-কালসৰ্প দোষৰ পৰা মুক্তিৰ বাবে নিজৰ মুকুটত ময়ূৰপাখি ধাৰণ কৰিছিল।


*গ্ৰহ দোষৰ মুক্তিৰ উপায়-

যদি কুণ্ডলীত গ্ৰহ দোষ আছে-তেন্তে সেয়া দূৰ কৰিবলে-হাতত ময়ূৰপাখি লৈ অশুভ গ্ৰহৰ লগত জড়িত মন্ত্ৰ ২১বাৰ কব লাগে আৰু ইয়াৰ পাছত ময়ূৰপাখিত পানী চটিয়াই পূজা ঘৰত ৰাখিব লাগে।কিছু দিনতে ইয়াৰ সমাধান দেখা পোৱা যায়।


*বেয়া দৃষ্টিৰ দোষ দূৰ কৰাৰ উপায়- বেয়া দৃষ্টিৰ পৰা ৰক্ষা পাবলৈ ময়ূৰপাখিক ৰূপৰ তাবিজত ভৰাই মূৰৰ শিতানত লৈ শুব লাগে।সৰু লৰা-ছোৱালীক এই তাবিজ পিন্ধাব লাগে।এনে কৰিলে-সৰু লৰা-ছোৱালী বেয়া দৃষ্টিৰ পৰা ৰক্ষা পৰে।  (সংগ্ৰহিত)।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

No comments:

Post a Comment

Advertisement

Pages