ঘৰত কিমান ডাঙৰ শিৱলিংগ স্থাপিত কৰিব লাগে?যদি ঘৰত শিৱলিংগ স্থাপিত কৰিব বিচাৰিছে-তেন্তে-শিৱলিংগৰ আকাৰত বিশেষ ধ্যান দিব লাগে। ( Religious Studies )
ডাঙৰ শিৱলিংগ কেৱল মন্দিৰতে স্থাপিত কৰিব লাগে।ঘৰৰ বাবে সৰু শিৱ লিংগয়ে শুভ।শিৱলিংগৰ লগতে-ভগৱান গণেশ,দেৱী পাৰ্ৱতী,ভগৱান কাৰ্তিক আৰু নন্দীৰ সৰু প্ৰতিমা ৰাখিব লাগে।মহাদেৱৰ পৰিয়ালৰ একেলগে পূজা কৰিলে-পূজাৰ ফল শীঘ্ৰে পোৱা যায়।
*ঘৰৰ মন্দিৰৰ আশে-পাশে-চাফ-চিকুনতাৰ বিশেষ মন কৰিব লাগে।সদায়ে পুৱা-গধূলী শিৱ লিংগৰ ওচৰত বন্তি জ্বলাব লাগে।বেল পাত অৰ্পণ কৰিব লাগে আৰু ভোগ দিব লাগে।
#শিৱলিংগ খণ্ডিত হলে কি কৰিব লাগে!
( Religious Studies )
*শিৱলিংগক শিৱৰ নিৰাকাৰ ৰূপ মনা হয়।শিৱলিংকৰ কোনো বিশেষ আকাৰ নাথাকে।যদি-শিৱলিংগ খণ্ডিত হয়-তেতিয়াও শিৱলিংগ পূজনীয় হয়।সেই শিৱলিংগৰ পূজা কৰি থাকিব লাগে।কিন্তু এই কথা মন কৰিব লাগে যে-যদি মহাদেৱৰ প্ৰতিমা খণ্ডিত হয়-তেতিয়া সেয়া মন্দিৰৰ পৰা আঁতৰাই দিব লাগে।খণ্ডিত প্ৰতিমাৰ পূজা কৰাৰ পৰা আঁতৰত থাকিব লাগে।
*ঘৰত ৰাখিব পাৰে-পাৰদ দ্বাৰা নিৰ্মিত সৰু শিৱলিংগ-
*পাৰদ শিৱলিংগ অৰ্থাৎ পাৰাৰ দ্বাৰা নিৰ্মিত শিৱলিংগক বহুত শুভ মনা হয়।শিৱলিংগ বনাবলৈ প্ৰথমে পাৰাৰ চফা কৰা হয়।ইয়াৰ পাছত বহু ঔষধি মিলাই তৰল পাৰাক বন্ধা হয়।পাৰা টান হলে-ইয়াৰপৰা শিৱলিংগ প্ৰস্তুত কৰা হয়।পাৰাৰ দ্বাৰা শিৱলিংগ বনোৱাৰ প্ৰক্ৰিয়া বহু দিনলৈ চলে।পাৰদ শিৱলিংগ অন্য সকলো ধাতুৰ শিৱলিংগতকে বহু গুণে ভাল কোৱা হয়।(সংগ্ৰহিত)
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Religious Studies )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
No comments:
Post a Comment