নাগ-পঞ্চমী দিনা নাগ দেৱতাৰ পূজা কৰিলে ঘৰলে সুখ,শান্তি,আৰু সমৃদ্ধি আহে :Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, August 1, 2022

নাগ-পঞ্চমী দিনা নাগ দেৱতাৰ পূজা কৰিলে ঘৰলে সুখ,শান্তি,আৰু সমৃদ্ধি আহে :Religious Studies

Religious Studies

প্ৰতি বছৰে-শাওণৰ শুক্ল পক্ষৰ পঞ্চমী তিথিত নাগ পঞ্চমী পৰ্ব পালন কৰাৰ বিধান আছে। ( Religious Studies )


আমাৰ দেৱতা সকলৰ মাজত-নাগ সকলক সদায়ে বিশেষ স্থানত ৰখা হৈছে।ভগৱান বিষ্ণু শ্ৰেচ নাগৰ -কোলাত বিৰাজমান কৰে আৰু ভগৱান শংকৰে নিজৰ ডিঙিত পবিত্ৰ ৰূপে ধাৰণ কৰে।


*দক্ষিণ ভাৰতত নাগ পঞ্চমী দিনা-খৰিৰ দ্বাৰা ৰঙা চন্দনেৰে সৰ্প বনোৱা হয় আৰু মাটিৰে নিৰ্মত ক'লা বা হালধীয়া ৰংৰ সৰ্পৰ প্ৰতিমা বনোৱা হয় বা ক্ৰয় কৰা হয়।আৰু তেওঁলোকৰ গাখীৰ দি পূজা কৰা হয়।


*২০২২বৰ্ষৰ নাগ-পঞ্চমী-


*২০২২বৰ্ষৰ নাগ পঞ্চমী ২আগষ্টত পালন কৰা হব।


*নাগ-পঞ্চমী ২০২২বৰ্ষৰ শুভ মুহুত্ব! 


*নাগ-পঞ্চমীৰ তিথি আৰম্ভ-২আগষ্টৰ পুৱা-৫ বাজি-১৪মিনিটৰ পৰা-৩আগষ্টৰ পুৱা ৫বাজি-২মিনিটলৈ।


*নাগ পঞ্চমীৰ পূজাৰ মুহুত্ব-২আগষ্টৰ পুৱা-৫বাজি ২৪মিনিটৰ পৰা-পুৱা ৮বাজি ২৪মিনিটলৈ থাকিব।


*নাগ-পঞ্চমীৰ মহত্ব!

*নাগ পঞ্চমী দিনা-নাগ দেৱতাৰ পূজা কৰিলে-কালসৰ্প দোষৰ পৰা মুক্তি প্ৰাপ্ত হয়।নাগ দেৱতা ঘৰৰ ৰক্ষক মনা হয়।নাগ-পঞ্চমী দিনা-নাগ দেৱতাৰ পূজা কৰিলে-ঘৰলে সুখ,শান্তি,আৰু সমৃদ্ধি আহে।


*নাগ-পঞ্চমীৰ পূজা বিধি- ( Religious Studies )


*বহু ঘৰত-ঘৰৰ বেৰত মাটি সানি-পূজনৰ স্থান প্ৰস্তুত কৰা হয়।


*তাৰ পাছত সেই বেৰত-কেচাঁ গাখীৰত কয়লা ঘঁহি-এটা ঘৰৰ আকৃতি তৈয়াৰ কৰা হয়।


*তাৰপাছত সেই ঘৰৰ ভিতৰত নাগৰ আকৃতি কৰি নাগৰ পূজা কৰা হয়।


*কিছুলোকে ঘৰৰ মুখ্য দুৱাৰৰ দুয়োফালে-হালধীৰ দ্বাৰা,চন্দনৰ দ্বাৰা-অথবা গোবৰৰ পৰা নাগৰ আকৃতি তৈয়াৰ কৰি-নাগৰ পূজা কৰে।


*নাগ-পঞ্চমীৰ এই উৎসৱ সৰ্প দংশনৰ ভয়ৰ পৰা মুক্তি পাবৰ বাবে-আৰু কালসৰ্প দোষৰ পৰা মুক্তি পাবৰ বাবে-পালন কৰা হয়।


*কালসৰ্প দোষৰ পৰা মুক্তি পাবৰ বাবে-এই ৮নাগৰ পূজা কৰিব লাগে!


*বাসুকী,তক্ষক,

কালিয়,মণিভদ্ৰ,এৰাৱত,

ধৃতৰাষ্ট্ৰ,কৰ্কটক,আৰু ধনঞ্জয়।



এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

No comments:

Post a Comment

Advertisement

Pages