ভগৱান বিষ্ণুৱে মৎস্য অৱতাৰ কিদৰে ধাৰণ কৰিছিল জানি লওক : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, August 21, 2022

ভগৱান বিষ্ণুৱে মৎস্য অৱতাৰ কিদৰে ধাৰণ কৰিছিল জানি লওক : Religious Studies

Religious Studies


মৎস্য অৱতাৰ ভগৱান বিষ্ণুৰ প্ৰথম অৱতাৰ আছিল।পৃথিৱী যেতিয়া পানীৰে ডুবিবলৈ ধৰিছিল-তেতিয়া এজন ঋষিক পানীৰপৰা ৰক্ষা কৰিছিল। ( Religious Studies )


মৎস্য অৱতাৰত ভগৱান বিষ্ণুৱে সেই ঋষি জনক সকলো ধৰণৰ জীৱ-জন্তুবোৰক একেগোট কৰিবলৈ আদেশ দিছিল।ঠিক সেই সময়ত এজন ৰাক্ষসে ব্ৰহ্মাৰ পৰা বেদ চুৰি কৰি পাতাললৈ লৈ গৈছিল।তাৰ পাছত ব্ৰহ্মাই পুনৰ জীৱন সৃষ্টি কৰাৰ কথা ভাৱিছিল।কিন্তু অৱশেষত ভগৱান বিষ্ণুৱে মৎস্য অৱতাৰ লৈ বেদখন ৰাক্ষসৰ পৰা উদ্ধাৰ কৰি পুনৰ স্থাপন কৰে।


*যি ৰাক্ষসে বেদ চুৰি কৰি নিছিল-সেই ৰাক্ষসৰ নাম আছিল-হয়গ্ৰীৱ।বেদখন চুৰি কৰি নিয়াৰ পাছৰে পৰা পৃথিৱীত জ্ঞান লুপ্ত হবলৈ ধৰিছিল।পৃথিৱীৰ চুকে-কোণে,অজ্ঞান,পাপ,অত্যাচাৰ,আদিৰে ভৰি পৰিছিল।


*তেতিয়া ভগৱান বিষ্ণুৱে ধৰ্ম ৰক্ষাৰ বাবে মৎস্য অৱতাৰ ধাৰণ কৰি হয়গ্ৰীৱক বধ কৰি বেদক ৰক্ষা কৰে।


*ভগৱান বিষ্ণুৰ মৎস্য অৱতাৰৰ কথা-ভগৱান বিষ্ণুৱে মৎস্য অৱতাৰ কিদৰে ধাৰণ কৰিছিল!


*সেই সময়ত এজন পূণাত্ম তথা ধাৰ্মিক ৰজা এজনে তপস্যা কৰি আছিল।ৰজা জনৰ নাম আছিল সত্যব্ৰত।

সত্যব্ৰত ধাৰ্মিক আছিল কিন্তু তেওঁ এজন বৰ কোমল মনৰ আছিল।পুৱাৰ সময় আছিল।সূৰ্য উদয় হৈছিল।পুৱাই সত্যব্ৰতে কৃতিমালা নদীত গা-ধূই আছিল।গা-ধূৱাৰ পাছত যেতিয়া সত্যব্ৰতে তৰৰ্পণৰ বাবে পানী হাতত লৈছিল,তেতিয়া সেই পানীত এটা সৰু মাছ উঠি আহিছিল।


*সত্যব্ৰতে তৎক্ষণাত সেই মাছটোক নদীত এৰি দিলে।নদীত এৰি দিয়াৰ পাছত-সেই মাছটোৱে সত্যব্ৰতক মাত লগায় কয়-হে প্ৰভূ-পানীত থকা ডাঙৰ ডাঙৰ মাছবোৰে সৰু সৰু মাছবোৰক খায় পেলাইছে।কি জানিবা মোকো ডাঙৰ মাছে খায় পেলাই!কৃপা কৰি আপুনি যদি মোক পানীৰে পৰা লৈ যায়,তেন্তে মোক ৰক্ষা কৰা হব।দয়া কৰি মোক ৰক্ষা কৰক।


*মাছটোৰ কথা শুনি সত্যব্ৰতৰ দয়া উপজিল আৰু তৎক্ষণাত মাছটোক পানীৰ পৰা উঠাই ঘৰলৈ লৈ আহিলে।ঘৰলৈ আনি এটা পাত্ৰত মাছটোক ভৰাই থৈছিল।তাৰ পাছত এনে এটা অদ্ভুত ঘটনা ঘটিলে যে-একে ৰাতিতে মাছটো ইমানে বেছি ডাঙৰ হবলৈ ধৰিলে যে-পাত্ৰটোত মাছটো নধৰা হৈ পৰিল। ( Religious Studies )


*তাৰপাছত দ্বিতীয় দিনাখন মাছটোৱে সত্যব্ৰতক কলে যে-হে প্ৰভূ,মোক থাকিবলৈ অন্য এটা ব্যৱস্থা কৰা।কিয়নো মোৰ শৰীৰটো ডাঙৰ হৈছে আৰু এই পাত্ৰত নধৰা হৈছে।মোৰ ঘূৰিবলৈ অসুবিধা হৈছে।তেতিয়া সত্যব্ৰতে মাছটোক তাৰপৰা উলিয়াই আনি ডাঙৰ এটা পাত্ৰত ৰাখিলে।তাৰপাছত তৃতীয় দিনা মাছটোৰ শৰীৰ ইমানেই ডাঙৰ হবলৈ ধৰিলে যে-সেই পাত্ৰটো নধৰা হল।তেতিয়া মাছটোৱে সত্যব্ৰতক কলে যে-হে প্ৰভূ-এই পাত্ৰটো মোক নধৰা হৈছে-গতিকে আপুনি মোক থাকিবলৈ অন্য এটা ব্যৱস্থা কৰি দিয়ক।


*মাছটোৰ কথা শুনি সত্যব্ৰতে মাছটোক পাত্ৰৰ পৰা উলিয়াই নদী এখনত এৰি দিলে।তাতো মাছটোৰ শৰীৰ ইমানেই বেছি ডাঙৰ হবলৈ ধৰিলে যে-নদীয়েও নধৰা হল।আকৌ নদীৰ পৰা সাগৰত এৰিলেগৈ।সাগৰটো নধৰা হল।মাছটোৱে পুনৰ কলে-সাগৰো মোৰ বাবে যথেষ্ট নহয়।ইয়াতো মোক নধৰা হৈছে।তেতিয়া সত্যব্ৰত আচৰিত হল।মই কেতিয়াও এনে মাছ-দেখা নাছিলো।আপুনি কোন?আপুনি মোক কিহৰ পৰীক্ষা লৈছে!


*তেতিয়া মৎস্য ৰূপধাৰী ভগৱান বিষ্ণুৱে উত্তৰ দিলে-হে ৰাজন-হয়গ্ৰীৱ নামৰ এটা অসুৰে বেদকেইখন চুৰি কৰি নিলে।সেইবাবে পৃথিৱীখন অজ্ঞানত পৰিণত হৈছে।পৃথিৱীত অত্যাচাৰ বাঢ়িছে।সেইবাবে হয়গ্ৰীৱক বধ কৰিবৰ বাবে-মই মৎস্য ৰূপ ধাৰণ কৰিছো।


*বিষ্ণুৱে কলে যে-আজিৰপৰা সাত দিনৰ পাছত পৃথিৱীত প্ৰলয় হব।পৃথিৱী ধ্বংস হব।পানীৰ বাহিৰে একোয়ে দেখা নাযাব।কিন্তু তেতিয়া আপুনি এখন নাও দেখা পাব।সেই নাওত বয়-বস্তু উঠাই সপ্ত ঋষিৰ লগত নাওত উঠি যাব।


*সেই সময়ত মই দেখা দিম আৰু মই এটা জ্ঞান প্ৰদান কৰিম।এইবুলি সত্যব্ৰতক মৎস্য ৰূপী ভগৱান বিষ্ণুৱে কলে।


*সেইদিনাৰ পৰা সত্যব্যতে ভগৱান বিষ্ণুক স্মৰণ কৰি সাত দিনলৈ অপেক্ষা কৰি থাকিল।


*সাতদিনৰ দিনা সত্যব্ৰতক প্ৰলয়ৰ অনুভৱ হবলৈ ধৰিলে।সাগৰৰ পানী বাঢ়িবলৈ ধৰিলে।বহুত জোৰেৰে শিলাবৃষ্টি হবলৈ ধৰিলে।মূহুত্বৰ্তে পৃথিৱী পানীৰে ডুবিলে।সকলো বস্তু লোপ্ত হৈ গল।কতোয়ে একো দেখা পোৱা নগল।ঠিক সেই সময়তে এখন নাওত সপ্ত ঋষি আৰু সত্যব্ৰত আহি আছিল।আহি থাকোতে মৎস্য ৰূপী ভগৱান বিষ্ণুৱে দেখা দিলে।তেওঁলোক সকলোৱে মৎস্য ৰূপী ভগৱানক প্ৰাৰ্থনা কৰিবলৈ ধৰিলে।


*সেই সময়ত মৎস্য ৰূপী ভগৱান বিষ্ণুৱে তেওঁক আত্মজ্ঞান বৰ প্ৰদান কৰাৰ পাছত ক্ষন্তেক সময়ৰ পাছত পানীৰ প্ৰকোপ কমিবলৈ ধৰিলে আৰু মৎস্য ৰূপী ভগৱান বিষ্ণুৱে হয়গ্ৰীৱৰপৰা বেদ কাঢ়ি লৈ ললে।তাৰপাছত বেদ ব্ৰহ্মাক গতাই দিলে।এনেকৈয়ে ভগৱান বিষ্ণুৱে মৎস্য ৰূপ ধাৰণ কৰিছিল।(মৎস্য ৰূপ ধাৰণ কৰাৰ মূল কাৰণ হল-বেদকেইখন উদ্ধাৰ কৰাৰ)।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Religious Studies )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages