হিন্দু ধৰ্মত গৰুক মাতৃ মনা হয়।সকলোৱে গৰুৰ পূজা কৰে।গৰুক পূজা কৰাৰ পৰম্পৰা বহু যুগৰে পৰা চলি আহিছে। ( Religious Studies )
গ্ৰন্থটো এনে এক গৰুৰ কথা কোৱা হৈছে-যাক দেৱীৰ দৰে পূজা কৰা হয়।সেই গৰুৰ নাম হৈছে-কামধেনু।কোৱা হয় যে-কামধেনুক পূজা কৰিলে-মনৰ সকলো আশা পূৰ্ণ হয়।
*কামধেনুৰ উৎপত্তি-
কামধেনু এক পূৰ্ণ ক্ষেত্ৰ বগা গৰু হয়।কোৱা হয় যে-কামধেনুৰ উৎপত্তি সমুদ্ৰ মন্থনৰ দ্বাৰা হৈছিল।দেৱতা আৰু দানৱসকলৰ মাজত হোৱা সমুদ্ৰ মন্থনৰ দ্বাৰা বহু ৰত্ন উলাইছিল।তাৰ মাজত কামধেনু এক ৰত্ন হয়।
মনা হয় যে-সমুদ্ৰ মন্থনৰ দ্বাৰা ডাঙৰ শব্দ হল,আৰু যেতিয়া দেৱতা আৰু দানৱসকলে দেখা পালে-তেতিয়া সাক্ষাৎ ৰূপে কামধেনুক দেখা পালে।ঋষিসকলে কামধেনুক নিজৰ কাষত ৰাখিলে।
*কামধেনু কেনেকুৱা-
*কামধেনু বগা ৰংৰ গৰু হয়।যাৰ ভিতৰত বহু দেৱী-দেৱতাই বাস কৰে।কিছু গ্ৰন্থত কামধেনুৰ মূৰটো-এগৰাকী মহিলাৰ দৰে কোৱা হয়।কামধেনুক গৰুৰ মাতা বুলিও কোৱা হয়। ( Religious Studies )
সমুদ্ৰ মন্থনৰ দ্বাৰা উৎপত্তি হোৱাৰ পাছত-কামধেনুৱে বহু চমৎকাৰ দেখালে।যাৰ লগতে কামধেনু আছিল-সেইজনৰ সকলো কায্য সিদ্ধি হৈছিল।
ৰজা-মহাৰজাৰ পৰা লৈ-ঋষি-মুনিলৈকে-কামধেনুৰ চমৎকাৰৰ দ্বাৰা অভিভূত হল।সকলোৱে কামধেনুৰ পূজা কৰিবলৈ ধৰিলে।কোৱা হয় যে-কামধেনুৰ ওচৰত এনে শক্তি আছে-যাৰ দ্বাৰা সকলো মনৰ কামনা পূৰ্ণ হয়।
*কোৱা হয়-কামধেনু স্বৰ্গলোকত থাকে।সকলো সময়তে কামধেনুৰ দৰ্শন পোৱা সম্ভৱ নহয়।সেইবাবে লোকসকলে পৃথিৱীত থকা সকলো গৰুকে-কামধেনুৰ ৰূপ মানি পূজা কৰে।
কামধেনুৰ মন নিৰ্মল হয়।বহু গ্ৰন্থত কামধেনুক বিভিন্ন নামেৰে নামাকৰণ কৰা হৈছে।যেনে-সুৰভি ,নন্দা ,সুনন্দা ,সুমন,নন্দিনী,সুশীলা,আদি।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Religious Studies )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
No comments:
Post a Comment