মাতা সীতাই কিয় দিছিল গয়াৰ ফাল্গু নদীক শাপ!যত পিণ্ডদান কৰিবলৈ যায় সকলোৱে? ( Religious Studies )
*হিন্দু সংস্কৃতিত পিণ্ডদান বা শ্ৰাদ্ধৰ বিশেষ মহত্ব আছে।গয়াত কৰা শ্ৰাদ্ধক বিশেষ বুলি কোৱা হয়।বিহাৰৰ ফাল্গু নদীৰ পাৰত কৰা শ্ৰাদ্ধৰ পূৰ্বপুৰুষৰ বাবে পোনে পোনে স্বৰ্গৰ দুৱাৰ খুলে।এনে%মান্যতা আছে।কিন্তু এই নদী শাপিত।গয়া,বিহাৰৰ ফাল্গু নদীক সীতা মাতাই শাপ দিছিল।
*পৌৰাণিক কথা অনুসাৰে-বনবাসৰ সময়ত-ভগৱান ৰাম,লক্ষ্মণ আৰু মাতা সীতাই ৰজা দশৰথৰ শ্ৰাদ্ধ কৰিবলৈ গয়ালৈ গৈছিল।তাত ভগৱান ৰাম আৰু লক্ষ্মণে শ্ৰাদ্ধৰ বাবে বস্তু যোগাৰ কৰিবলৈ গৈছিল।কিন্তু শ্ৰাদ্ধৰ ঠাই আহি পোৱাত পলম হোৱাত দেৱী সীতাই ৰজা দশৰথৰ শ্ৰাদ্ধ কৰিলে।
স্থল পুৰাণৰ কথা অনুসাৰে-ৰজা দশৰথৰ শ্ৰাদ্ধ তেওঁৰ সৰু পুত্ৰ ভৰত আৰু শত্ৰুঘ্নই কৰিছিল।কিন্তু ৰজা দশৰথৰ সকলোতকৈ মৰমৰ তেওঁৰ ডাঙৰ পুত্ৰ ৰাম আছিল।সেইবাবে ৰজা দশৰথৰ চিতাৰ ভষ্ম উৰি উৰি গয়া নদীৰ কাষ পালেগৈ।সেই সময়ত কেৱল মাতা সীতা তাত উপস্থিত আছিল। ( Religious Studies )
চিতাৰ ভষ্মই আকৃতি লৈ দেৱী সীতাক কিবা কোৱাৰ প্ৰয়াস কৰিলে।তেতিয়া মাতা সীতাই বুজিলে শ্ৰাদ্ধৰ সময় পাৰ হৈ যাবলৈ ধৰিছে।কিন্তু ভগৱান ৰাম আৰু লক্ষ্মণে শ্ৰাদ্ধৰ বস্তু লৈ আহি পোৱা নাছিল!
*সেই সময়ত মাতা সীতাই ফাল্গু নদীৰ বালিৰ দ্ধাৰা পিণ্ড বনালে আৰু পিণ্ডদান কৰি দিলে।এই পিণ্ডদানৰ সাক্ষী মাতা সীতাই তাত উপস্থিত থকা-ফাল্গু নদী,গায়,তুলসী,অক্ষয় বট আৰু ব্ৰাহ্মণক কৰিলে।কিন্তু যেতিয়া ভগৱান ৰাম আৰু লক্ষ্মণ আহিল-শ্ৰাদ্ধৰ কথা সুধাত-তেতিয়া ফাল্গু নদীয়ে ভগৱান শ্ৰী ৰামৰ খংৰ পৰা ৰক্ষা পাবলৈ-মিছা কথা কলে।তেতিয়া মাতা সীতাই খংত ফাল্গু নদীক শাপ দিলে আৰু তেতিয়াৰেপৰা এই নদী ভূমিৰ তলেৰে বৈ।সেইবাবে ফাল্গু নদীক ভু-সলীলা কোৱা হয়।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Religious Studies )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment