হিন্দু মান্যতা অনুসাৰে-বুধবাৰৰ দিনটো ভগৱান শ্ৰী গণেশৰ দিন হয়।আৰু এই দিনা ব্ৰত কৰিলে ঘৰলৈ সুখ-শান্তি আহে। ( Religious Studies )
গণেশ ভগৱানক হিন্দু ধৰ্মৰ শাস্ত্ৰত সৰ্বপ্ৰথম পূজ্য মনা হয়।সেইবাবে কোনো শুভ কাম কৰাৰ আগে-ভগৱান গণেশৰ পূজা-অৰ্চনা কৰা হয়।বুধবাৰৰ দিনা ভগৱান গণেশৰ ব্ৰত কৰাৰো বিশেষ মহত্ব আছে আৰু মান্যতা অনুসাৰে-৭টা বুধবাৰৰ লৈকে এই ব্ৰত কৰিব লাগে।এই ব্ৰতত ভগৱান গণেশক প্ৰসন্ন কৰিবলৈ কথা পঢ়িব লাগে।
বুধবাৰৰ ব্ৰত কথা-
পৌৰাণিক মান্যতা অনুসাৰে-বুধবাৰৰ ব্ৰতৰ এটা কথা প্ৰচলিত আছে।
এক সময়ৰ কথাৰে-
এজন ধনী ব্যক্তি মধুসুদন নিজৰ পত্নীক মাকৰ ঘৰত থবলৈ গল।মধুসুদনৰ পত্নী কিছুদিন নিজৰ মাকৰ ঘৰতে থাকিল।কিছুদিনৰ পাছত মধুসুদনে পত্নীক মাকৰ ঘৰৰ পৰা লগত লৈ আহিব লওঁতে-শহুৰ-শাহুৱেকে কলে যে-আজি বুধবাৰৰ দিন হয় আৰু আজিৰ দিনত গমন কৰিব নালাগে।কিন্তু মধুসুদনে নামানিলে আৰু বুধবাৰৰ দিনাই নিজৰ পত্নী লৈ নিজৰ ঘৰলৈ বুলি উলাই আহিল। ( Religious Studies )
বাটতে মধুসুদনৰ পত্নীৰ পিয়াহ লাগিল।তেতিয়া মধুসুদনে ৰথ ৰখায় ঘটি লৈ পানী আনিবলৈ গল।যেতিয়া পানী লৈ মধুসুদন উভতি আহিল-আৰু আহি দেখি আচৰিত হল যে-মধুসুদনৰ দৰে একে ৰূপৰ এজন ব্যক্তি-মধুসুদনৰ পত্নীৰ লগত বহি আছে।যি দেখা পায় মধুসুদন ক্ৰধিত হল-আৰু খংতে কলে-তই কোন হয়!যি মোৰ পত্নীৰ লগত বহি আছ?
মধুসুদনৰ কথাৰ উত্তৰত আনজনে কলে-এয়া মোৰ পত্নী হয়।আৰু মই এতিয়া এওঁক নিজৰ মাকৰ ঘৰৰ পৰা বিদা কৰি আনিছো।ইয়াৰ পাছত দুয়োৰে মাজত কাজিয়া আৰম্ভ হল।সেই সময়তে ৰাজ্যৰ সৈনিক আহি ঘটি লোৱা ব্যক্তিজনক বন্দী কৰিলে।সৈনিকে-স্ত্ৰী সুধিলে-তুমি কোৱা-এই দুইজনৰ মাজত তোমাৰ স্বামী কোনজন হয়!
কিন্তু পত্নী শান্ত হৈ থাকিল।কাৰণ-দুয়োজন দেখিবলৈ একে সমান আছিল।তাই বুজিয়ে পোৱা নাছিল যে-এই দুয়োজনৰ মাজত তাইৰ স্বামী কোনজন হয়!তেতিয়া ঘটি লোৱা ব্যক্তিজনে কলে যে-হে ভগৱান-এয়া কি লীলা হয়!যি সঁচাটোক মিছা কৰা হৈছে।সেই সময়তে এক আকাশবাণী হল-মূৰ্খ-আজি বুধবাৰৰ দিনা তই গমন কৰিব নালাগিছিল!আৰু তই কাৰো কথা নুশুনিলি।এই সকলোবোৰ লীলা বুদ্ধদেৱ ভগৱানৰ হয়।
তেতিয়া সেই ঘটি লোৱা ব্যক্তিজনে বুদ্ধদেৱক প্ৰাৰ্থনা কৰিলে-আৰু তেওঁৰ আগত নিজৰ ভুলৰ ক্ষমা বিচাৰিলে।ইয়াৰ পাছত সেই ব্যক্তিজন নিজৰ পত্নীৰ লগত ঘৰ আহি পালেহি।সেইদিন ধৰি দুয়ো স্বামী-স্ত্ৰীয়ে নিয়মিতভাৱে প্ৰত্যেক বুধবাৰে ব্ৰত কৰিবলৈ ধৰিলে।মান্যতা অনুসাৰে-যি ব্যক্তিয়ে এই কথা পঢ়ে আৰু শুনে-সেইজনৰ বুধবাৰৰ দিনা যাত্ৰা কৰাৰ দোষ নালাগে।সেইজনেও সুখৰ প্ৰাপ্ত হয়।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Religious Studies )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
No comments:
Post a Comment