গণেশ চতুৰ্থীত গণপতিৰ মূৰ্তি ঘৰলৈ আনিলে এই দিশবোৰ বিশেষভাৱে মন কৰিব : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, August 29, 2022

গণেশ চতুৰ্থীত গণপতিৰ মূৰ্তি ঘৰলৈ আনিলে এই দিশবোৰ বিশেষভাৱে মন কৰিব : Religious Studies

Religious Studies


গণেশ চতুৰ্থীৰ উৎসৱ ধুমধামেৰে পালন কৰা হয়।এই বৰ্ষৰ গণেশ চতুৰ্থীৰ আৰম্ভ-৩১ আগষ্টৰ পৰা হব।গণেশ চতুৰ্থীত মন্দিৰৰ পৰা লৈ ঘৰে ঘৰে বাপ্পাৰ মূৰ্তিৰ স্থাপনা কৰা হয়-১০দিনলৈ গণপতিৰ আৰাধনা কৰা হয়। ( Religious Studies )


হিন্দু ধৰ্মত এনে মান্যতা আছে যে-গণেশ চতুৰ্থীত যাৰ ঘৰত গণপতিৰ স্থাপনা কৰা হয়-আৰু সম্পূৰ্ণ শ্ৰদ্ধা ভক্তিৰে গণপতিৰ পূজা কৰা হয়-সেই ঘৰত সদায়ে গণপতিৰ কৃপা দৃষ্টি থাকে।গণেশ চতুৰ্থীৰ উৎসৱ গণপতিৰ জন্মোৎসৱ ৰূপে সকলোতে পালন কৰা হয়।এইদিনা গণপতিৰ মূৰ্তি স্থাপন কৰা হয়।


ঘৰত গণপতিৰ মূৰ্তি স্থাপন কৰিলে-এইসমূহ কথা মন কৰিব লাগে-


দিশৰ ফালে মন কৰিব লাগে-


গণপতিৰ মূৰ্তিক কেতিয়াও-দক্ষিণ দিশৰ ফালে মুখ কৰি ৰাখিব নালাগে।আৰু দক্ষিণ কোণত মূৰ্তি স্থাপন কৰিব নালাগে।গণপতিৰ মূৰ্তি স্থাপন কৰিবলৈ উত্তৰ পূৱ অৰ্থাৎ ঈশান কোণ সকলোতকৈ উত্তম মনা হয়।লগতে গণপতিৰ মূৰ্তি ঘৰত পশ্চিম বা উত্তৰ দিশে ৰাখিব পাৰে।


পূজা স্থানত পাৰিব লাগে ৰঙা কাপোৰ-


গণপতিৰ মূৰ্তিক মাটিত ৰাখিব নালাগে।মাটিত ৰঙা কাপোৰ পাৰি গণপতিৰ মূৰ্তি ৰাখিব লাগে।

 ( Religious Studies )


গণপতিৰ এনে মূৰ্তি ঘৰলৈ আনিব লাগে-


ঘৰত গণপতিৰ মূৰ্তি স্থাপিত কৰাৰ সময়ত-গণপতিৰ মূৰ্তিৰ সঠিক নিৰ্বাচন কৰিব লাগে।বহি থকা গণপতিৰ মূৰ্তি ঘৰত স্থাপিত কৰিব লাগে।কেতিয়াও এনে মূৰ্তি ঘৰলৈ আনিব নালাগে-যত গণপতি থিয় হৈ থাকে।বহি থকা গণপতিৰ মূৰ্তি ঘৰৰ বাবে শুভ মনা হয়।


গণপতিৰ এই ৰংৰ মূৰ্তি শুভ হয়-


ঘণেশ চতুৰ্থীত আপুনি আপোনাৰ পচন্দৰ যিকোনো ৰংৰ মূৰ্তি ঘৰলৈ আনিব পাৰে।কিন্তু ঘৰত বগা বা  সেন্দুৰীয়া ৰংৰ গণপতিৰ স্থাপিত কৰে-তেন্তে শুভ মনা হয়।


গণপতিৰ শুৰ ডালৰ ৰাখিব লাগে ধ্যান-


ঘৰত গণপতিৰ স্থাপিত কৰাৰ সময়ত-ভগৱান গণেশৰ শুৰ ডালৰ ধ্যান ৰাখিব লাগে।বাঁওফালৰ শুৰ থকা গণপতিক বামমুখী গণপতী কোৱা হয়।আৰু সোঁফালে শুৰ থকা গণপতিক সিদ্ধিবিনায়ক কোৱা হয়।বাঁওফালে শুৰ থকা গণপতি অৰ্থাৎ বামমুখী গণেশৰ পূজা কৰা সহজ হয়।সেইবাবে এইফালে শুৰ থকা গণপতিক-ঘৰত স্থাপিত কৰিব লাগে।সোঁফালে শুৰ থকা গণপতিৰ পূজাত বিশেষ নিয়ম পালন কৰিব লাগে।যি মন্দিৰ বা ধাৰ্মিক স্থলত সম্ভৱ হয়।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Religious Studies )



আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages