তুলসীক কেৱল ধাৰ্মিক দৃষ্টিৰে মহত্বপূৰ্ণ মনা নহয়।তুলসীক বাস্তু শাস্ত্ৰ অনুসাৰেও বহুত গুৰুত্বপূৰ্ণ হয়।তুলসী যি ঠাইতে থাকে-তাৰ চাৰিওফালে পৰিৱেশক সকাৰাত্মকতাৰে ভৰি তোলে। ( Religious Studies )
তুলসী পূজা কৰাৰ সময়ত এইসমূহ ভুল কৰিব নালাগে?
১)যদি আপুনি প্ৰতিদিনে তুলসী পূজা কৰে-আৰু তুলসীক যদি প্ৰতিদিনে পানী দিয়ে-তেন্তে এই কথা মন দিব যে-ৰবিবাৰৰ দিনা তুলসীত ধুনা দিব এনে কৰিলে নেতিবাচক শক্তি বোৰ ঘৰৰ আশে-পাশেও থাকিব নোৱাৰে আৰু ভুলতো ৰবিবাৰে তুলসী পাত নিচিঙিব ।
২/যদি আপুনি গধূলী সময়ত তুলসী পূজা কৰিছে-তেতিয়া এই কথা ধ্যান দিব যে-তুলসীক দূৰৰ পৰাই প্ৰণাম কৰিব।ভুলটো আবেলি তুলসী স্পৰ্শ কৰিব নালাগে।
৩/তুলসী ওচৰত বন্তি জ্বলালে-চাউলৰ আসন দিব লাগে।
৪/মান্যতা অনুসাৰে-মহিলাসকলে তুলসী পূজা কৰাৰ সময়ত-চুলি মেলি লব নালাগে।অন্য পূজা অনুষ্ঠানৰ দৰে-চুলি বান্ধি ৰাখিব লাগে।
৫/প্ৰায় দেখা যায় যে-ঘৰৰ প্ৰতিজন সদস্যই-এজন-এজন কৰি তুলসীত পানী অৰ্পণ কৰে।কিন্তু এনে কৰিব নালাগে।অধিক জলৰ তুলসীৰ শিপাৰ লোকচান হয়।যাৰ দ্বাৰা তুলসী শুকায় যায়।আৰু তুলসী শুকায় যোৱাটো শুভ মনা নহয়। ( Religious Studies )
৬/বহুলোকে তুলসীত বস্ত্ৰ দিয়াৰ পাছত-সেয়া সলনি কৰি নিদিয়ে।কিন্তু এনে কৰিব নালাগে।অন্য দেৱ-দেৱীৰ দৰে তুলসীক দিয়া বস্ত্ৰও সলনি কৰিব লাগে।
দেওবাৰ দিনটো বহুত মানুহে সাধাৰণভাৱে লয় কিন্তু দেওবাৰৰ দিনটো অন্য বাৰতকৈ অধিক মহত্ব আছে এই দিনটোত ৰাতিপুৱা আৰু গধূলি তুলসী তলত চাকি জ্বলালে মা তুলসী দেৱীৰ বিশেষ কৃপা লাভ হয় আৰু নেতিবাচক শক্তি বোৰ ঘৰৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে । এই বিশেষ দিনটোত তুলসী তলত চাকি জ্বলালে মা লক্ষ্মী প্ৰসন্ন হয় আৰু ঘৰৰ সুখ - সমৃদ্ধি ঘটে ।
আপোনাৰ ঘৰত যদি অশান্তি কাজিয়া হৈ থাকে তেতিয়া দেওবাৰৰ দিনটোত তুলসী তলত চাকি ধূপ জ্বলায় তাত বগা ফুল তিনি পাহ, ৰঙা ফুল তিনি পাহ আৰু হালধীয়া ফুল তিনি পাহ দি ঘৰত ধূনা দিব এনে কৰিলে সকলো নেতিবাচক শক্তি দূৰ হব আৰু সকাৰাত্মক শক্তিয়ে ঘৰত বাস ল'ব আৰু ঘৰৰ সকলোৰে মন ইতিবাচক কথাৰে ভৰপূৰ হৈ থাকিব । ঘৰখনত এক বিশেষ শান্তিৰ অনুভৱ কৰিব ।
কেৱল দেওবাৰ বুলিয়েই নহয় আপুনি সকলো বাৰে এই কাম কৰিব পাৰে আৰু মা তুলসী দেৱীৰ বিশেষ কৃপা লাভ কৰিব পাৰে ।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Religious Studies )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment