শাওণ মাহত ধৰ্মৰ কাম কৰিলে‌ পুণ্য দুগুণ হয় : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, August 7, 2022

শাওণ মাহত ধৰ্মৰ কাম কৰিলে‌ পুণ্য দুগুণ হয় : Religious Studies

Religious Studies


অসমীয়া কেলেণ্ডাৰ অনুসৰি শাওণৰ মাহ চলি আছে।এই মাহক হিন্দু ধৰ্মত পবিত্ৰ বুলি কোৱা হয়।আৰু এই মাহত ধৰ্মৰ কাম কৰিলে-পুণ্য দুগুণ হয় বুলি কোৱা হয়। ( Religious Studies )


*এই শাওণৰ মাহতে মহাদেৱৰ ভক্তসকলে-ৰাতিপুৱা সূৰ্য উঠাৰ আগতেই-পূণ্য অৰ্জনৰ অৰ্থে বোল বোম যাত্ৰা কৰে।সনাতন ধৰ্মৰ প্ৰতিটো ৰীতি-নীতিৰ লগত কিছুমান বিজ্ঞান জড়িত হৈ আছে।


*শাওণৰ মাহটো হল প্ৰকৃতিৰ প্ৰজননৰ সময়।এই মাহত প্ৰকৃতিৰ বংশ বৃদ্ধি হয়।আমি খেতি-বাৰী বেছিভাগ এই সময়তে কৰোঁ।


*প্ৰকৃতিৰ বংশ বৃদ্ধি কৰাৰ বাবে-শাওণ মাহত পৃথিৱীয়ে কিছুমান ৰাসায়নিক দ্ৰব্য ওপৰলৈ লৈ আহে।যিবোৰ ৰাসায়নিক দ্ৰব্যই খেতি ভাল হোৱাত সহায় কৰে।


*ৰসাতল বা পাতাল লোকৰ পৰা-জোক,সাপ,কেচু,আৰু বিভিন ধৰণৰ তেনেকুৱা প্ৰাণী ওপৰলৈ উঠি আহে।


*আমি জানো যে-যিখন পথাৰত জোক,সাপ,কেচু আদি বেছি হয়,সেইখন পথাৰত খেতিও ভাল হয়।


*সাপ-কেচু আদিয়ে যি মল ত্যাগ কৰে,সেইবোৰ সাৰৰ দৰে কাম কৰি খেতি ভাল হোৱাত সহায় কৰে।


*এইবোৰ এই সময়তে খেতিৰ লগতে ঘাঁহ বন আদিতো আহে।যাৰ বাবে ঘাঁহ-বন দুষিত হয়।


*আমাৰ পোহনীয়া গৰুৱে-সেই ঘাঁহ জীয়াই থাকিবৰ বাবে খাব লগা হয়।যাৰ বাবে গৰুৰ গাখীৰ শাওণ মাহত দুষিত হোৱা বুলি কোৱা হয়।  ( Religious Studies )


*লগে লগে পুখুৰীৰ পানী,কুঁৱাৰ পানী আদিতো বিয়পি পৰে।সেইবাবে বাৰিষাৰ দিনত আমি কুঁৱা বা পুখুৰীৰ পানীত ৰাতিপুৱা এটা পাতল চেমনি দেখিবলৈ পাওঁ।


*ভোলানাথ বা মহাদেৱক আমি বিষহৰি বুলিও কওঁ।যি সমস্ত ব্ৰহ্মাণ্ডৰ বিসাক্ত বস্তু সমূহ বশ কৰি ৰাখে।যেনে-ভাং,ধতুৰা,গাঞ্জা আদি।


*সেইবাবে মহাদেৱৰ ওপৰত আস্থা ৰখা লোকসকলে ৰাতিপুৱা মানুহ উঠাৰ আগতেই গৰুৰ গাখীৰ উলিয়াই লৈ আৰু পুখুৰী,কুঁৱাৰ পানী আদি লৈ গৈ ভোলানাথক অৰ্পণ কৰে।যাতে সেইখিনি বস্তু মানুহৰ পেটলৈ নাযায়।


*কাৰণ মানুহ উঠি সেই পানী,সেই গাখীৰ আদি খালে বিষক্ৰিয়া হব পাৰে।


*সেইবাবে মহাদেৱক গাখীৰ আৰু পানী ঢালি পূজা কৰা হয়।আৰু এই পূজা কেৱল শাওণ মাহতে কৰিলে ভাল।গোটেই বছৰ কৰিলে কোনো লাভ নহয়।


*এই মাহত প্ৰকৃতিয়ে শাক-জাতীয় বস্তু আমাৰ পৰিৱেশৰ পৰা সমূলি নোহোৱা কৰি দিয়ে।যিহেতু সেইবোৰ খালে-বিষক্ৰিয়াৰ সম্ভাৱনা থাকে।সেইবাবে শাওণ মাহত-লাউ,জিকা,ভোল পটল,লেচেৰী আদি ওপৰত হোৱা শস্যবোৰ হয়।(সংগ্ৰহিত)।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

No comments:

Post a Comment

Advertisement

Pages