ভগৱান বিশ্বকৰ্মা সমস্ত সংসাৰৰে সৰ্বপ্ৰথম ইঞ্জিনিয়াৰ : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, August 20, 2022

ভগৱান বিশ্বকৰ্মা সমস্ত সংসাৰৰে সৰ্বপ্ৰথম ইঞ্জিনিয়াৰ : Religious Studies

Religious Studies


ভগৱান বিশ্বকৰ্মাক এই বিশ্বৰ সৰ্বপ্ৰথম ইঞ্জিনিয়াৰ বুলি কিয় কোৱা হয়!!  ( Religious Studies )


প্ৰতি বছৰে ভাদ মাহৰ সংক্ৰান্তিত বিশ্বকৰ্মা পূজা উদযাপন কৰা হয়। কোৱা হয় এই দিনটো ভগৱান বিশ্বকৰ্মাৰ জন্ম হৈছিল। এই দিনটো বিশ্বকৰ্মা জয়ন্তী হিচাপে পালন কৰা হয়। 


পৌৰাণিক কথা অনুসাৰে ভগৱান শ্রী বিষ্ণু সাগৰৰ শ্ৰেচ নাগত প্ৰকট হল। তেওঁ নাভী কমলৰদ্বাৰা চতুমুখী ব্ৰহ্মাদেৱৰ দৃষ্টি গোচৰ হৈছিল। 


ব্ৰহ্মা পুৰাণ ধৰ্ম অনুসৰি তেওঁৰ বিবাহ বাস্তুৰ লগত হল।। আৰু তেওঁৰ সাতজন পুত্র হল। আৰু সৰু পুত্ৰৰ নাম বাস্তু ৰাখিলে। যি শিল্প শাস্ত্ৰ কলা দ্বাৰা পৰিপূৰ্ণ আছিল। বাস্তুৰ এক পুত্র হল, যাৰ নাম বিশ্বকৰ্মা ৰাখিলে। যি বাস্তু কলাৰ আদিত্যিয় গুৰু আছিল। 


ভগৱান বিশ্বকৰ্মা বাস্তু দেৱ আৰু অংগীৰাশিৰ পুত্র হয়। 

হিন্দু ধৰ্ম অনুসৰি ভগৱান বিশ্বকৰ্মা নিৰ্মাণ তথা স্বজন কৰা দেৱতা কোৱা হয়। কোৱা হয় ভগৱান বিশ্বকৰ্মাই দেৱতাৰ ভৱন আৰু মহলৰ নিৰ্মাণ কৰিছিল। 


হিন্দু ধৰ্ম মান্যতা অনুসাৰে ভগৱান বিশ্বকৰ্মা সমস্ত সংসাৰৰে সৰ্বপ্ৰথম ইঞ্জিনিয়াৰ কোৱা হয়। ভগৱান বিশ্বকৰ্মাই ইন্দ্ৰৰ ইন্দ্ৰপুৰী, যম পুৰী, বৰুণ পুৰী, সুদামা পুৰী, কামদেৱ পুৰী, নিৰ্মাণ কৰিছিল। 


পৌৰাণিক অস্ত্র শস্ত্র ভগৱান বিশ্বকৰ্মাৰ দ্বাৰা নিৰ্মিত। ইন্দ্ৰৰ ব্ৰজৰ নিৰ্মাণ ভগৱান বিশ্বকৰ্মাই কৰিছিল। 


পুৰাণৰ অনুসাৰে, এবাৰ দেৱতাসকল দানৱৰ প্ৰকোপট থাকিব নোৱাৰা হৈছিল, তেতিয়া ভগৱান বিশ্বকৰ্মাই দেৱতাগণৰ বাবে মৰ্ষশি দৰযিৰ হাড়ৰ পৰা বৰ্জ নিৰ্মাণ কৰিছিল।  ( Religious Studies )


ভগৱান বিশ্বকৰ্মাই ত্ৰেতা যুগত সোণৰ লংকা, দ্বাপৰ যুগত দ্বাৰকা, কলি যুগত ভগৱান জগন্নাথ, বলোভদ্র আৰু সুভ্ৰদাৰ বিশাল প্ৰতিমূৰ্তি কৰিছিল।। 


মহাদেৱে মাতা পাৰ্ৱতীৰ বাবে এক অট্টালিকা নিৰ্মাণ কৰাৰ কথা ভাৱিলে। আৰু সেই অট্টালিকাৰ নিৰ্মাণৰ কাৰ্য্য ভগৱান বিশ্বকৰ্মাক দিলে। 


যেতিয়া ভগৱান বিশ্বকৰ্মাই মাতা পাৰ্ৱতীৰ বাবে সোণৰ অট্টালিকা প্ৰস্তুত কৰিলে। সেই অট্টালিকাৰ পূজা কৰিবলৈ ভগৱান শিৱই ৰাৱণক মাতিলে। কিন্তু ৰাৱণে অট্টালিকা দেখা পায় মন্তমুগ্ধ হৈ পৰিল। 


ৰাৱণে পূজাৰ পাচত দক্ষিনা ৰূপে মহাদেৱক সেই অট্টালিকাই বিচাৰিলে, তেতিয়া মহাদেৱে ৰাৱণক অট্টালিকা দি থৈ কৈলাশলৈ গুচি গলগৈ। 


ইয়াৰ বাহিৰেও ভগৱান বিশ্বকৰ্মাই পাণ্ডৱৰ বাবে, ইন্দ্ৰপস্ত নিৰ্মাণ কৰিছিল। কৌৰৱ বংশৰ হস্তিনাপুৰ, আৰু ভগৱান শ্রী কৃষ্ণৰ দ্বাৰকা পুৰী নিৰ্মাণ কৰিছিল। 


এক অন্য কথা অনুসাৰে সৃষ্টিক চোৱা চিতা কৰিবলৈ ব্ৰহ্মাই বিশ্বকৰ্মাক দিছিল। ব্ৰহ্মাৰ নিজৰ বংশ আৰু ভগৱান বিশ্বকৰ্মাৰ কল্প ওপৰত সম্পূর্ণ বিশ্বাস আছিল। যেতিয়া ব্ৰহ্মাই সৃষ্টিৰ নিৰ্মাণ কৰিছিল, তেতিয়া সেয়া এক বিশাল গোলক হিচাপে আছিল। 


সেই গোলকৰ দ্বাৰা সৃষ্টিৰ উৎপত্তি হল। পাছত সেয়াকে ব্ৰহ্মাই শ্ৰেচ নাগৰ জীভাত ৰাখিলে। তেতিয়া শ্ৰেচ নাগ লৰচৰ কৰিলত সৃষ্টিৰ বিপদ হৈছিল। 


এই কথাত চিন্তিত হৈ ব্ৰহ্মাই, ভগৱান বিশ্বকৰ্মাক ইয়াৰ উপায় বিচাৰিলে.. ভগৱান বিশ্বকৰ্মাই মেৰু পৰ্ৱতক জলত ৰাখি সৃষ্টিক স্থিৰ কৰিলে। 


ভগৱান বিশ্বকৰ্মাৰ নিৰ্মাণৰ ক্ষমতা আৰু শিল্প কলাৰ দ্বাৰা ব্ৰহ্মা বৰ প্ৰভাৱিত হল। তেতিয়া পৰা ভগৱান বিশ্বকৰ্মা এই বিশ্বৰ সৰ্বপ্ৰথম ইঞ্জিনিয়াৰ আৰু বাস্তুকাৰ বোলা হল। 


কোৱা হয় বিশ্বকৰ্মা পূজা দিনা যি কাৰোবাৰত বাবা বিশ্বকৰ্মাৰ উপাসনা কৰা হয় তেনে কাৰোবাৰত ব্যাপাৰত লাভ হয়। এই দিনত বিশ্বকৰ্মাৰ লগত অস্ত্র শস্ত্রৰো পূজা কৰা হয় ।।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Religious Studies )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages