ভাদমাহৰ চতুৰ্থীত ভগৱান গণেশে মহাভাৰত লিখিবলৈ আৰম্ভ কৰিছিল বুলি বিশ্বাস কৰা হয়।মহৰ্ষি বেদ ব্যাসে মহাভাৰতৰ ৰচনা কৰিছিল। ( Religious Studies )
প্ৰতি বছৰে ভাদ মাহৰ শুক্ল পক্ষৰ চতুৰ্থীক গণেশ চতুৰ্থী হিচাপে উদযাপন কৰা হয়।আজিৰ দিনটোত বহুতে নিজৰ ঘৰত গণেশৰ প্ৰতিষ্ঠা কৰে আৰু তাৰপাছত অনন্ত-চতুদৰ্শীৰ দিনা গণপতিক বিদায় দিয়া হয়।গণেশ চতুৰ্থীক গণপতিৰ জন্ম দিৱস হিচাপে পালন কৰা হয় আৰু এই সন্দৰ্ভত আন কিছুমান পৌৰাণিক বিশ্বাসো প্ৰচলিত।
গণেশ চতুৰ্থীক লৈ এই বিশ্বাস আছে যে-ভাদ মাহৰ চতুৰ্থী দিনা গণেশে মহাভাৰতৰ ৰচনা আৰম্ভ কৰিছিল।মহৰ্ষি বেদ ব্যাসে মহাভাৰতৰ ৰচনাৰ বাবে গণেশক আমন্ত্ৰণ কৰিছিল।গণেশক মহাভাৰত লিখিবলৈ অনুৰোধ কৰিছিল।তেতিয়া গণেশে কৈছিল যে-যেতিয়া মই লিখিবলৈ আৰম্ভ কৰিম,তেতিয়া নিজৰ কলম লিখাত বন্ধ নকৰোঁ।কলম ৰৈ গলে-মই লিখা বন্ধ কৰিম।তেতিয়া ব্যাসে কলে-ভগৱান আপুনি পণ্ডিতসকলৰ ভিতৰত আগশাৰীৰ আৰু মই এজন সাধাৰণ ঋষি।
যিকোনো পদত ভুল হব পাৰে।গতিকে-বুজাবুজি আৰু ভুল নোহোৱাকৈ-তাৰ পাছত শ্লকটো সমাধান কৰি লিখিব।চতুৰ্থীৰ দিনাই ব্যাসে শ্লোক আবৃত্তি কৰিবলৈ আৰম্ভ কৰে আৰু গণেশে মহাভাৰত লিখিবলৈ আৰম্ভ কৰে।তাৰ পাছত ১০দিনৰ পাছত অনন্ত চতুদৰ্শীৰ দিনা মহাভাৰত লিখি শেষ কৰে। ( Religious Studies )
এই দহ দিনত একেখন আসনত বহি ভগৱান গণেশে মহাভাৰত লিখি থাকিল।এই কাৰণে দহ দিনৰ ভিতৰত গণপতিৰ শৰীৰত ধূলি-মাটিৰে তৰপ জমা হৈ পৰে।তাৰপাছত দহ দিনৰ পাছত গণপতিয়ে সৰস্বতী নদীত গা-ধূই-তেওঁৰ গাত জমা হোৱা ধূলি-মাটি পৰিষ্কাৰ কৰে।সেয়হে গণেশ চতুৰ্থীৰ দিনা গণেশৰ মূৰ্তি প্ৰতিষ্ঠিত হয় আৰু ১০দিন বাক্য,কৰ্ম আৰু ভক্তিৰে গণপতিক পূজা কৰাৰ পাছত অনন্ত চতুদৰ্শীত বিৰ্সজন কৰা হয়।
আধ্যাত্মিক তাৎপৰ্য -
গণেশ চতুদৰ্শীৰ আধ্যাত্মিক তাৎপয্য হল-আমি ১০দিন আত্মনিৰীক্ষণত কটাব লাগে আৰু সকলো ইন্দ্ৰিয়ৰ ওপৰত নিয়ন্ত্ৰণ ৰাখি ভগৱানৰ ভক্তিৰ ওপৰত ধ্যান কৰিব লাগে।১০দিনৰ পাছত মন আৰু আত্মাত জমা হৈ থকা মাটিৰ তৰপটো আঁতৰাই মনক শুদ্ধ কৰি জীৱন-যাপন কৰিব লাগে।।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Religious Studies )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
No comments:
Post a Comment