এই চাৰিগৰাকী নাৰীৰ নাম ৰাতিপুৱাই স্মৰণ কৰিলে মানুহৰ পাপ নাশ হয় : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, August 11, 2022

এই চাৰিগৰাকী নাৰীৰ নাম ৰাতিপুৱাই স্মৰণ কৰিলে মানুহৰ পাপ নাশ হয় : Religious Studies

Religious Studies


প্ৰাচীন ধৰ্ম শাস্ত্ৰ সমূহত-এই কেইগৰাকী মহীয়সী নাৰীৰ নাম যদিহে স্মৰণ কৰা হয়-তেতিয়া পাপ নাশ হয়। ( Religious Studies )


ভাৰতীয় সনাতন ধৰ্ম আৰু সংস্কৃতিত নাৰীক পূজা কৰা হয়।লগতে-দেৱ-দেৱীসকলৰ ভিতৰটো যদি প্ৰথমে নাম লোৱা হয়-তেন্তে নাৰায়ণৰ আগত লক্ষ্মী তেন্তে-লক্ষ্মী নাৰায়ণ,ৰামৰ আগত সীতা আৰ্থাৎ সীতাৰাম,কৃষ্ণৰ আগত ৰাধা অৰ্থাৎ ৰাধা কৃষ্ণ।আৰু সেইবাবেই নাৰীক প্ৰথমে পূজা কৰা হয় সনাতন ধৰ্মত।ভগৱান শ্ৰী কৃষ্ণই নাৰীক বহুত শ্ৰদ্ধা কৰিছিল।সেয়হে এই নাৰীৰ নাম-পুৱাই স্মৰণ কৰিলে-মানুহৰ পাপ নাশ হয়।


এই চাৰিগৰাকী নাৰীৰ নাম-ৰাতিপুৱাই স্মৰণ কৰিব লাগে-


*ৰাতিপুৱাই উঠি স্মৰণ কৰিবলগীয়া সেই মহীয়সী নাৰী হৈছে-অহল্যা,দ্ৰৌপদী,কুন্তী, তাৰা আৰু মন্দুডৰী।


*সকলোৱে জানে যে-অহল্যাই শ্ৰী ৰামচন্দ্ৰৰ চৰণৰ ধূলি লৈ-শিল হৈ থাকিও মানুহ হব পাৰিছিল।


*দ্ৰৌপদীৰ গাত হাত দিবলৈ গৈ-কুৰু বংশ ধ্বংশ হৈছিল।নাৰীক পূজা কৰা হয় কিন্তু দ্ৰৌপদীৰ বস্ত্ৰ হৰণ কৰি পিতামহ ভীষ্ম আৰু সূৰ্যপুত্ৰ কৰ্ণই হাত সাৰিব পৰা নাছিল।ধ্বংসৰ পৰা ৰক্ষা পৰা নাছিল। ( Religious Studies )


*যিগৰাকীয়ে স্বৰ্গৰ পৰা-দেৱতাক আহ্বান কৰি-নিজে গৰ্ভধাৰণ কৰিবলৈ সক্ষম হৈছিল-সেই গৰাকী কুন্তীয়ে সূয্যদেৱতাক আহ্বান জনায়-কৰ্ণক জন্ম দিছিল।ইন্দ্ৰ দেৱতাক আহ্বান কৰি অৰ্জুনক জন্ম দিছিল।সেই কুন্তীৰ নাম পুৱা স্মৰণ কৰিলে-অত্যন্ত মংগল জনক বুলি বিশ্বাস কৰা হয়।


*তাৰা হৈছে দেৱগুৰু বৃহস্পতিৰ এগৰাকী পত্নী।।যিয়ে দেৱগুৰুৰ দৰে এজন প্ৰসিদ্ধ আচাৰ্যক পালন কৰাৰ সৌভাগ্য পাইছিল।


*সেয়ে কোৱা হয়-এইকেইগৰাকী মহিয়সী নাৰীৰ নাম পুৱা শুই উঠি স্নান আদি কৰাৰ পাছত স্মৰণ কৰিলে-দিনটোৰ কাম সিদ্ধি হয়।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

No comments:

Post a Comment

Advertisement

Pages