হিন্দু ধৰ্মত প্ৰতি দিনে-কোনো এজন দেৱী-দেৱতাৰ পূজা কৰা হয়।মংগলবাৰৰ দিনা বীৰ হনুমানক সমৰ্পিত।মংগলবাৰৰ দিনা পৱনপুত্ৰ বীৰ হনুমানৰ পূজা কৰাটো শুভ আৰু ফলদায়ী মনা হয়। ( Religious Studies )
মংগলবাৰৰ দিনা-ভক্তসকলে বীৰ হনুমানক প্ৰসন্ন কৰিবলৈ নানান ধৰণৰ উপায় কৰে।মান্যতা অনুসাৰে এইদিনা বীৰ হনুমান-নিজৰ ভক্তসকলৰ ওপৰত বিশেষ কৃপা বৰষে-কিন্তু মংগলবাৰৰ দিনা বিশেষ কিছু নিয়ম আছে।এই সমূহ নিয়ম পালন নকৰিলে বীৰ হনুমান ৰুষ্টও হব পাৰে।যাৰ দ্বাৰা আপোনাৰ সকলো কামতে বাধা আহিব পাৰে।
মংগলবাৰৰ দিন-বজৰংবলীক সমৰ্পিত।এই দিনা সম্পূৰ্ণ ৰূপে-সাত্তিকতাৰ পালন কৰিব লাগে।মংগলবাৰৰ দিনা ভুলটো মাদক দ্ৰব্য,মাছ-মাংসৰ সেৱন কৰিব নালাগে।কোৱা হয় যে-ইয়াৰদ্বাৰা বজৰংগবলী ৰুষ্ট হয়।
মংগলবাৰৰ দিনা কাপোৰৰ ওপৰত বিশেষ মন কৰিব লাগে।মংগলবাৰৰ দিনা ক'লা ৰংৰ কাপোৰ পিন্ধিব নালাগে।মংগলবাৰৰ দিনা ৰঙা আৰু কমলা ৰংৰ কাপোৰ পৰিধান কৰাটো শুভ মনা হয়।ইয়াৰ দ্বাৰা মংগল দোষৰ প্ৰভাৱ কম হয়। ( Religious Studies )
মংগলবাৰৰ দিনা কোনো মহিলায়ে-সৌন্দয্য প্ৰসাধনৰ সামগ্ৰী ক্ৰয় কৰিব নালাগে।কোৱা হয় যে-মংগলবাৰৰ দিনা সোন্দয্য প্ৰসাধনৰ সামগ্ৰী ক্ৰয় কৰিলে-বৈবাহিক সম্বন্ধত ফাট মেলে।
মংগলবাৰৰ দিনা-চুলি কটা,দাড়ি কটা,আৰু নখ কটাও অশুভ মনা হয়।ইয়াৰ দ্বাৰা ধন আৰু বুদ্ধিত হানি হয়।
মংগলবাৰৰ দিনা কাকো ধাৰলৈ দিব নালাগে আৰু কাৰোপৰা ধাৰ লব নালাগে।কোৱা হয় যে-ইয়াৰ দ্বাৰা আৰ্থিক সমস্যা বৃদ্ধি হয়।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Religious Studies )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
No comments:
Post a Comment