ভাদ মাহত মত্যৰ বৈকুন্ঠপুৰীলৈ পৰিণত হয় ঢেকীয়াখোৱা বৰনামঘৰ‌ : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, August 3, 2022

ভাদ মাহত মত্যৰ বৈকুন্ঠপুৰীলৈ পৰিণত হয় ঢেকীয়াখোৱা বৰনামঘৰ‌ : Religious Studies

Religious Studies


একেৰাহে ৪৮৭ বছৰ জ্বলি থকা এগছি চাকি। বিভিন্ন আশ্চৰ্যকৰ জনশ্ৰুতিয়ে মহিমায় ঐশ্বৰ্যত পৰিণত কৰা এটি নামঘৰ।লোকবিশ্বাস প্ৰচলিত ভাদ মাহত মত্যৰ বৈকুন্ঠপুৰীলৈ পৰিণত হয় ঢেকীয়াখোৱা বৰনামঘৰ। ( Religious Studies )


*এই নামঘৰ ১৫২৮(১৪৫০শকত) প্ৰতিষ্ঠা কৰিছিল মহাপুৰুষ মাধৱদেৱে।যোৰহাট নগৰৰ পৰা প্ৰায় ১৫কিলোমিটাৰ পূবত অৱস্থিত এই নামঘৰ।


*প্ৰবাদ অনুসৰি মাধৱদেৱে এই অঞ্চলৰে এহাল বুঢ়া-বুঢ়ীৰ ঘৰত ঢেকীয়া আঞ্জাৰে ভাত খাইছিল আৰু সেই ঢেকীয়া খোৱাৰপৰা নামঘৰটোৰ লগতে অঞ্চলটো ঢেকীয়াখোৱা নামেৰে পৰিচিত হয়। ( Religious Studies )


*এই বৰনামঘৰ স্থানতে এগছি মাটিৰ চাকি জ্বলাইছিল।যি গছি চাকি সুৰ্দীঘ ৪৮৭বছৰ তেল শলিতা দি ধৰ্মপ্ৰাণ ৰাইজে জ্বলাই আহিছে।


*মহাপুৰুষ মাধৱদেৱে সেই ঠাই এৰি অহাৰ কিছুদিনৰ পাছত সেই বুঢ়া-বুঢ়ী হালৰ মৃত্যু হোৱাত সেই ঠাইতে খেৰ আৰু বাহেঁৰে এটা নামঘৰ সাঁজি বুঢ়া নামঘৰ নাম দিলে।আৰু প্ৰতিবছৰে ভাদ মাহত গুৰুজনাৰ আৰ্হিৰে পালনাম গাবলৈ লৈ।এসময়ত কাঠ আৰু বাঁহেৰে নিৰ্মিত এই নামঘৰে কালক্ৰমত আটকধুনীয়া ঢেকীয়াখোৱা বৰনামঘৰ হিচাপে প্ৰখ্যাত হয়।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

No comments:

Post a Comment

Advertisement

Pages