ভাদমাহত ভগৱান শ্ৰী কৃষ্ণ আৰু ভগৱান শ্ৰী গণেশৰ পূজাত সমৰ্পিত কৰা হয়।এই মাহত ভগৱান শ্ৰী কৃষ্ণ আৰু ভগৱান শ্ৰী গণেশৰ জন্ম হৈছিল।ভাদমাহৰ শুক্ল পক্ষৰ চতুৰ্থী তিথি দিনা-সকলোতে গণপতিৰ স্থাপন কৰা হয়। ( Religious Studies )
হিন্দু ধৰ্মত প্ৰতিটো মাহৰে নিজৰ বিশেষ মহত্ব আছে বুলি কোৱা হয়।প্ৰতি মাহে কোনো দেৱী-দেৱতাক সমৰ্পিত কৰা হয়।সেই মাহত সেইজন দেৱী-দেৱতাৰ পূজাৰ দ্বাৰা ব্যক্তিৰ দুখ-কষ্ট দূৰ হয়।এই বৰ্ষৰ গণেশ চতুৰ্থী-৩১ আগষ্ট বুধবাৰৰ দিনা পৰিছে।বুধবাৰৰ দিনা পৰাৰ বাবে-গণেশ চতুৰ্থীৰ মহত্ব বহু গুণে বৃদ্ধি হৈছে।বুধবাৰৰ দিন ভগৱান গণেশৰ দিন।আৰু এইদিনাই গণেশ চতুৰ্থী হোৱাৰ বাবে-এইদিনাৰ ব্ৰতৰ বিশেষ মহত্ব আছে।
গণেশ চতুৰ্থীৰ দিনা ঘৰত গণপতিৰ স্থাপনা কৰা হয়।আৰু ভগৱান গণেশক দহ দিনলৈ ঘৰত বিৰাজমান কৰা হয়।এই দিন ধৰি ১০দিৱসীয় গণেশ উৎসৱৰ আৰম্ভণি হয়।
গণেশ চতুৰ্থী-২০২২ বৰ্ষৰ তিথি আৰু শুভ মুহুত্ব-
হিন্দু পঞ্জিকা অনুসৰি-এই বৰ্ষৰ গণেশ চতুৰ্থীৰ আৰম্ভণি ৩১আগষ্টৰ পৰা হৈছে।৩০আগষ্ট মংগলবাৰৰ দুপৰীয়া ৩বাজি ৩৩মিনিটত চতুৰ্থী তিথি আৰম্ভ হব আৰু ৩১আগষ্ট দুপৰীয়া ৩বাজি ২২মিনিটত সমাপন হব।উদয়াথিতিৰ আধাৰত গণেশ চতুৰ্থীৰ ব্ৰত-৩১আগষ্টত ৰখা হব।এই দিনা ভগৱান গণেশৰ পূজাৰ শুভ মুহুত্ব-১১বাজি ৫মিনিটৰ পৰা দুপৰীয়া ১বাজি-৩৮মিনিটলৈ আছে।ভগৱান গণেশৰ বিৰ্সজন-৯ছেপ্তেম্বৰৰ দিনা কৰা হব।
( Religious Studies )
গণপতিৰ স্থাপনা-
গণেশ চতুৰ্থীৰ দিনা ভগৱান গণেশৰ প্ৰতিমাৰ স্থাপনা কৰা হয়।গণপতিক ধোল বাজনাৰ লগত-ধুমধামেৰে ঘৰত বিৰাজিত কৰা হয়।গণপতিক ১০দিনলে ঘৰত ৰখা হয়।গণপতিৰ পূজা কৰা হয়।গণেশ চতুৰ্থী দিনা-পুৱা স্নান আদি কৰাৰ পাছত শুদ্ধ বস্ত্ৰ পৰিধান কৰি-পূজা স্থলীত ৰঙা কাপোৰ পাৰি-গণপতিৰ মূৰ্তিৰ স্থাপন কৰা হয়।গণপতিক জলেৰে অভিষেক কৰা হয়।গণপতিক-দুৱৰি,ফুল,চাউল আদি অৰ্পণ কৰা হয়।গণপতিৰ প্ৰিয় ভোগ মোদক অৰ্পণ কৰা হয় আৰু অন্তত আৰতী কৰি মন্ত্ৰ জাপ কৰা হয়।
মান্যতা অনুসাৰে-গণেশ চতুৰ্থী দিনা-ঘৰত বাপ্পাৰ স্থাপনা কৰিলে-বিধি-বিধানেৰে গণপতিৰ পূজা-অৰ্চনা কৰিলে-বাপ্পাই ভক্তৰ সকলো বিঘ্ন দূৰ কৰে।ভক্তৰ কষ্ট হৰণ কৰি লয় আৰু ভক্তৰ সকলো মনৰকামনা পূৰ্ণ কৰে।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Religious Studies )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
No comments:
Post a Comment