মহাদেৱৰ পূজাত ভুলতো এই ফুল অৰ্পণ নকৰিব : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, August 28, 2022

মহাদেৱৰ পূজাত ভুলতো এই ফুল অৰ্পণ নকৰিব : Religious Studies

Religious Studies


হিন্দু ধৰ্মত দেৱী-দেৱতাৰ পূজনত সুগন্ধিত পুষ্পৰ বহুত মহত্ব আছে।আমি সকলোৱে দেৱী-দেৱতাক প্ৰসন্ন কৰিবলৈ পূজনত সুগন্ধিত পুষ্প ব্যৱহাৰ কৰোঁ।কিন্তু মহাদেৱৰ পূজাত কেতেকী ফুলৰ প্ৰয়োগ বৰ্জিত। ( Religious Studies )


এক কথা অনুসাৰে-


ব্ৰহ্মা আৰু ভগৱান বিষ্ণুৰ মাজত বিবাদ হল যে-দুয়োৰে মাজত শ্ৰেষ্ঠ কোন?ব্ৰহ্মাদেৱ সৃষ্টিৰ ৰচিয়তা হোৱাৰ বাবে-শ্ৰেষ্ঠ হোৱাৰ দাবী কৰিছিল আৰু ভগৱান বিষ্ণু সম্পূৰ্ণ সৃষ্টিৰ পালনকৰ্তা ৰূপত স্বয়ং নিজকে শ্ৰেষ্ঠ বুলিছিল।


সেই সময়তে সেই স্থানত বিৰাট জ্যোতিময় লিংগৰ প্ৰকট হল।দুয়ো দেৱতায় সৰ্বনুমতি এয়া নিশ্চয় কৰিলে যে-যিয়ে এই লিংগৰ আগক সৰ্বপ্ৰথম উলিয়াব পাৰিব-তেওঁকে শ্ৰেষ্ঠ মনা হব।অন্তত দুয়োজনে বিপৰীত দিশে শিৱলিংগৰ আগক বিচাৰিবলৈ ধৰিলে।আগ বিচাৰি নোপোৱাত ভগৱান বিষ্ণু ঘূৰি আহিল।


ব্ৰহ্মাদেৱো সফল নহলে।কিন্তু তেওঁ আহি বিষ্ণুক কলে-তেওঁ লিংগৰ আগ বিছাৰি পাইছিল।ব্ৰহ্মাদেৱে এই কথাৰ-সাক্ষী কেতেকী ফুলক কৰিলে।কেতেকী পুষ্পও ব্ৰহ্মাদেৱৰ এই মিছাত তেওঁৰ লগ দিলে।ব্ৰহ্মাদেৱে অসত্য কোৱাত স্বয়ং ভগৱান শিৱ সেই স্হানত উপস্থিত হল আৰু তেওঁ বহ্মাদেৱৰ আলোচনা কৰিলে।


দুয়ো দেৱতাই মহাদেৱৰ স্তুতি কৰিলে।তেতিয়া মহাদেৱে কলে যে-মইয়ে-সৃষ্টিৰ কাৰণ, উৎপত্তিকৰ্তা আৰু স্বামী হয়।মইয়ে তোমালোক দুয়োৰে উৎপন্ন কৰিলো।মহাদেৱে কেতেকী ফুলে মিছা সাক্ষী দিয়াৰ বাবে দণ্ডিত কৰি কলে যে-এই পুষ্পক মোৰ পূজনত উপয়োগ কৰা নহব।সেইবাবে মহাদেৱৰ পূজাত কেতেকী ফুলৰ উপয়োগ কৰা নহয়। ( Religious Studies )


সুগন্ধিত তেলৰ দ্ধাৰা-ভগৱান শিৱক অভিষেক কৰিলে সমৃদ্ধিত বৃদ্ধি হয়।


মহাদেৱক গংগাজল অৰ্পণ কৰিলে-ভোগ আৰু মোক্ষৰ দুয়োৰে প্ৰাপ্ত হয়।


জ্বৰ হলে-মহাদেৱক জলাধাৰ অৰ্পণ কৰিলে-শীঘ্ৰে শুভ ফল প্ৰাপ্ত হয়।


সুখ আৰু সন্তানৰ বৃদ্ধিৰ বাবে-জলাধাৰৰ দ্ধাৰা মহাদেৱৰ পূজা কৰিলে-উত্তম মনা হয়।


নুপুসংক ব্যক্তিয়ে-ঘীউ দ্বাৰা ভগৱান শিৱৰ অভিষেক কৰিলে,ব্ৰাহ্মণক ভোজন কৰালে,তথা সোমবাৰৰ ব্ৰত কৰিলে-তেওঁলোকৰ সমস্যা দূৰ হয়।


তীব্ৰ মগজুৰ বাবে-চেনি মিহলি কৰি গাখীৰ-ভগৱান শিৱক অৰ্পণ কৰিব লাগে।


মৌ-জুলৰ দ্বাৰা-ভগৱান শিৱৰ অভিষেক কৰিলে-টিবি ৰোগৰ পৰা আৰাম পোৱা যায়।


শিৱলিংগত কুহিঁয়াৰ ৰস অৰ্পণ কৰিলে-সকলো আনন্দৰে প্ৰাপ্তি হয়।


সপোনত ভগৱান শিৱক নৃত্য কৰি থকা-দেখা পোৱা-


মহাদেৱৰ তাণ্ডৱক আক্ৰামকতা আৰু জুনুনৰ প্ৰতীক মনা হয়।যদি আপুনি সপোনত মহাদেৱক নৃত্য কৰি থকা দেখা পায়-তেন্তে ইয়াৰ অৰ্থ এয়া যে-আপোনাৰ সমস্যাৰ শীঘ্ৰে সমাধান হব।এই সপোনে এয়াও দৰ্শাই যে-আপুনি ধনৰ প্ৰাপ্তি কৰিব কিন্তু কিছু সংৰ্ঘষ কৰাৰ পাছত।


শিৱ মন্দিৰৰ সপোন দেখাৰ অৰ্থ-যদি আপুনি শিৱ মন্দিৰৰ সপোন দেখে-তেন্তে এই সপোনে এয়া দৰ্শাই যে-আপোনাৰ দুজন পুত্ৰৰ প্ৰাপ্ত হব।এনে সপোনৰ অৰ্থ-কোনো ৰোগৰ পৰা মুক্তি পোৱাৰো অৰ্থ হয়।যদি কোনোৱে মাইগ্ৰেনৰ দ্বাৰা পিড়িত-তেতিয়া সপোনত মন্দিৰ লোহালৈ পৰিণত হয়।ইয়াৰ অৰ্থ এয়া যে-এই ৰোগৰ পৰা মুক্তি পোৱা যায়।সপোনত কোনো মন্দিৰৰ বাখ্যাও ধনৰ প্ৰাপ্তিৰ সংবাদ হয়।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Religious Studies )



আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages