মহাদেৱৰ ভগ্নী অসাবৰী দেৱীৰ বিষয়ে জানি লওক : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, August 12, 2022

মহাদেৱৰ ভগ্নী অসাবৰী দেৱীৰ বিষয়ে জানি লওক : Religious Studies

Religious Studies

পৌৰাণিক কথা অনুসাৰে-দেৱী পাৰ্ৱতী মহাদেৱৰ লগত বিবাহ কৰি-ঘৰত নিজকে অকলশৰীয়া অনুভৱ কৰিছিল।দেৱী পাৰ্ৱতীয়ে আশা কৰিছিল যে-যদি এগৰাকী নন্দেক-তেওঁৰো থাকিলে হয়!তেতিয়া তেওঁৰ মন পূৰ্ণ হৈ থাকিল হয়। ( Religious Studies )


কিন্তু ভগৱান শিৱ অজন্মে হয়।মহাদেৱৰ কোনো ভগ্নী নাছিল।সেইবাবে দেৱী পাৰ্ৱতীয়ে মনৰ কথা মনতে ৰাখিলে।ভগৱান শিৱ অন্তৰযামী হোৱাৰ বাবে-তেওঁ দেৱী পাৰ্ৱতীৰ মনৰ কথা বুজিলে।মহাদেৱে পাৰ্ৱতীক সুধিলে-কিবা সমস্যা হৈছে দেৱী!তেতিয়া দেৱী পাৰ্ৱতীয়ে কলে-যদি মোৰো এগৰাকী নন্দেক থকা হলে!


ভগৱান শিৱই কলে-দেৱী মই তোমাক নন্দেক আনি দিলে,তুমি তাইৰ লগত থাকিব পাৰিবা নে?দেৱী পাৰ্ৱতীয়ে কলে-কিয় মই ননদৰ লগত থাকিব নোঁৱাৰিম? ভগৱান শিৱই কলে-ঠিক আছে দেৱী-মই তোমাক এগৰাকী ননদ আনি দিছো।


মহাদেৱে নিজৰ মায়াৰ দ্বাৰা এগৰাকী দেৱীৰ উৎপন্ন কৰিলে।এই দেৱী বহুত শকত আছিল।ভগৱান শিৱই দেৱী পাৰ্ৱতীক কলৃ-এয়া লোৱা তোমাৰ ননদ আহিল।এওঁৰ নাম অসাবৰী দেৱী হয়।


*দেৱী পাৰ্ৱতীয়ে নিজৰ নন্দেদক দেখা পায় বহুত সুখী হল।লৰালৰিকে-ভগৱান শিৱৰ ভগ্নী অসাবৰী দেৱীৰ বাবে-দেৱী পাৰ্ৱতীয়ে ভোজন ৰান্ধিবলৈ ললে।


অসাবৰী দেৱী স্নান কৰি আহি-ভোজন বিচাৰিলে।দেৱী পাৰ্ৱতীয়ে ভোজন দিয়াত-অসাবৰী দেৱীয়ে খাবলৈ আৰম্ভ কৰাত-দেৱী পাৰ্ৱতীৰ ভাণ্ডাৰত যিবোৰ আছিল-সকলো খায় শেষ কৰিলে।আৰু মহাদেৱৰ বাবে একো নাথাকিল।সেইবাবে দেৱী পাৰ্ৱতী দুখী হল। ( Religious Studies )


ইয়াৰ পাছত যেতিয়া-দেৱী পাৰ্ৱতীয়ে নন্দেকক পিন্ধিবলে নতুন বস্ত্ৰ দিলে-তেতিয়া শকত অসাবৰী দেৱীৰ সেই বস্ত্ৰ সৰু হল।পাৰ্ৱতীয়ে তেওঁৰ বাবে-অন্য বস্ত্ৰৰ যোগাৰ কৰিলে।তাৰ মাজতে-ননদ ৰাণীয়ে ধেমালিতে-নিজৰ ভৰিৰ মাজত দেৱী পাৰ্ৱতীক লুকুৱাই ৰাখিলে।তেতিয়া দেৱী পাৰ্ৱতীৰ উশাহ লবলৈ টান হৈ পৰিল।


মহাদেৱে যেতিয়া অসাবৰী দেৱীক পাৰ্ৱতীৰ বিষয়ে সুধিলে-তেতিয়া অসাবৰী দেৱীয়ে মিছা মাতিলে।যেতিয়া মহাদেৱে কলে-এয়া তোমাৰ দুষ্টালিটো নহয়?তেতিয়া অসাবৰী দেৱীয়ে হাঁহিবলৈ ধৰিলে-আৰু নিজৰ ভৰি দুখন মাটিত মাৰিলে।তেতিয়া অসাবৰী দেৱীৰ ভৰিৰ মাজৰপৰা দেৱী পাৰ্ৱতী ওলাই আহিল।এই কায্যৰ দ্বাৰা দেৱী পাৰ্ৱতীৰ খঙে আকাশ চুলেগৈ।


তেতিয়া দেৱী পাৰ্ৱতীয়ে মহাদেৱক কলে যে-কৃপা কৰি ননদ ৰাণীক অতি শীঘ্ৰে-শহুৰৰ ঘৰলৈ পঠিয়াবলৈ কৃপা কৰক।মোৰ দ্বাৰা ডাঙৰ ভুল হল যে-মই ননদৰ আশা কৰিলো।দেৱী পাৰ্ৱতীৰ কথা শুনি-মহাদেৱে অসাবৰী দেৱীক কৈলাশৰ পৰা বিদায় কৰিলে।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

No comments:

Post a Comment

Advertisement

Pages