মংগলবাৰৰ ব্ৰত বীৰ হনুমানক প্ৰসন্ন কৰিবলৈ কৰা হয়।মান্যতা অনুসাৰে-এইদিনা বীৰ হনুমানৰ পূজা কৰিলে-ভক্তসকলৰ কষ্ট দূৰ হয় আৰু মনৰকামনা পূৰ্ণ হয়। ( Religious Studies )
মংগলবাৰ-বজৰংগবলী অৰ্থাৎ বীৰ হনুমানৰ দিন মনা হয়।ভক্তসকলে মংগলবাৰৰ দিনা-মংগলবাৰৰ ব্ৰত ৰাখে আৰু বজৰংগবলীৰ পূজা অৰ্চনা কৰে।মংগলবাৰৰ ব্ৰত বজৰংগবলীক প্ৰসন্ন কৰিবলৈ কৰা হয়।
কোনো পাৰিবাৰিক সমস্যা হলে বা অন্য কোনো শাৰীৰিক কষ্ট হলে-বজৰংগবলীৰ পূজা কৰিলে শান্তি পোৱা যায় আৰু ভক্তসকলৰ কষ্ট দূৰ হয়।বীৰ হনুমানৰ পূজা কৰাৰ সময়ত পবিত্ৰতাৰ বিশেষ ধ্যান ৰাখিব লাগে।
যেতিয়াই পূজা কৰে-তেতিয়া মন আৰু তনৰ পৰা পবিত্ৰ হব লাগে।পূজাৰ সময়ত বেয়া বিচাৰ আৰু মনটোক উৰি ফুৰিবলৈ দিব নালাগে।হিন্দু ধাৰ্মিক মান্যতা অনুসাৰে মংগলবাৰৰ দিনটো বীৰ হনুমানৰ বিশেষ দিন হয়।যি লোক বীৰ হনুমানৰ আৰাধ্যক হয়-বা যিয়ে মংগলবাৰে ব্ৰত কৰে-সেইজনে বীৰ হনুমানৰ পূজা অৱশ্যে কৰিব লাগে।
মংগলবাৰৰ দিনা বীৰ হনুমানৰ পূজাত এই কথা মন কৰিব লাগে-
মংগলবাৰে-বীৰ হনুমানৰ পূজাৰ বাবে-সূয্যদেৱতকে আগে উঠিব লাগে।স্নান আদি কৰাৰ পাছত স্বচ্ছ হৈ-পূজা ঘৰলৈ গৈ বজৰংগবলীক সেৱা জনাব লাগে।ইয়াৰ পাছত বীৰ হনুমানক-ৰঙা ফুল,বস্ত্ৰ,সেন্দূৰ,জনেৰু আদি অৰ্পণ কৰিব লাগে। ( Religious Studies )
বীৰ হনুমানৰ-হালধীয়া,ৰঙা ফুল প্ৰিয়-
সন্ধিয়া বীৰ হনুমানৰ মন্দিৰত বা ঘৰতে থকা হনুমানৰ মূৰ্তিৰ সন্মুখত-শুদ্ধ আসনত বহি সৰিয়হৰ তেলৰ বন্তি প্ৰজলিত কৰিব লাগে।পুষ্প অৰ্পণ কৰিব লাগে।বীৰ হনুমানৰ হালধীয়া বা ৰঙা ফুল বিশেষ প্ৰিয়।পূজা আদি কৰাৰ পাছত হনুমান চালীশা পাঠ কৰিব লাগে।মংগলবাৰৰ দিনা-হনুমান চালীশাৰ পাঠ কৰাৰ বিশেষ মহত্ব আছে।
পূজা স্থলীক চাফ-চিকুনাই ৰাখিব লাগে-
বীৰ হনুমানক-সেন্দূৰ,বস্ত্ৰ অৰ্পণ কৰাৰ পাছত-পূজাস্থলীক পুনৰ চফা-চিকুন কৰি-ধূপ-বন্তি দিব লাগে।ইয়াৰ পাছত বীৰ হনুমানক নাৰ্জী ফুলৰ মালা পিন্ধাব লাগে-আৰু পুষ্পৰ লগত গুড়,বুটৰ ভোগ দিব লাগে।
সকলো মনোকামনা পূৰ্ণ হয়-
কোৱা হয় সূয্যদেৱৰ পাছত বীৰ হনুমানৰ পূজা কৰিলে-তেওঁ শীঘ্ৰে প্ৰসন্ন হয়।মংগলবাৰে মংগল গ্ৰহৰ দিনো মনা হয়।মংগলবাৰৰ দিনা-বিধি-বিধানেৰে বীৰ হনুমানৰ পূজা কৰিলে-ভক্তৰ সকলো মনৰকামনা পূৰ্ণ হয়।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Religious Studies )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
Jai hanuman ji
ReplyDelete