শাওণৰ সোমবাৰৰ পূজা বিধি জানি লওক : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, August 8, 2022

শাওণৰ সোমবাৰৰ পূজা বিধি জানি লওক : Religious Studies

Religious Studies


শাওণৰ সোমবাৰে পুৱা সোনকালে উঠি,পানীত ক'লা তিল মিহলাই স্নান কৰিব লাগে।তাৰপাছত শিৱ মন্দিৰলৈ গৈ-সৰ্বপ্ৰথম ভগৱান গণেশৰ পূজা কৰিব লাগে। শিৱ লিংগত জলাভিষেক কৰিব লাগে।ইয়াৰ পাছত বেল পাত আৰু মদাৰ ফুল মহাদেৱক অৰ্পণ কৰিব লাগে।শিৱ পুৰাণৰ অনুসাৰে-মদাৰ ফুল,বেল পাত ভগৱান শিৱক অৰ্পণ কৰিলে,শিৱ পূজাৰ সম্পূৰ্ণ ফল প্ৰাপ্ত হয়। ( Religious Studies )


*শিৱলিংগক শৃংগাৰ কৰি,ধূপ চাকিৰে আৰতি কৰিব লাগে।আৰতি কৰাৰ পাছত মহাদেৱৰ পূজাত কিবা ভুল ক্ৰটি হলে-ক্ষমা প্ৰাৰ্থনা কৰিব লাগে।বিবাহিত লোকে নিজৰ জীৱন সংগী লগত মহাদেৱ আৰু মাতা পাৰ্ৱতীৰ পূজা-অৰ্চনা কৰিব লাগে।


*সম্পূৰ্ণ পূজাত-

ঔম ওমাম হে শ্ৰেয়াম্ভ নমঃ,মন্ত্ৰটি জপ কৰিব লাগে।


*সোমবাৰৰ মহাদেৱৰ পূজাত কেতিয়াও ক'লা ৰংৰ বস্ত্ৰ পৰিধান কৰি পূজাত বহিব নালাগে।


*সোমবাৰে ব্ৰত অথবা পূজা কৰে যদি-এইদিনা কোনো ধৰণৰ ভুল কাম অনৈতিক কাম কৰিব নালাগে।


*সোমবাৰৰ দিনা-জোৱা খেলৰ পৰা, চুৰ-ডকাইটি কৰা আৰু মিছা কথা কোৱাৰপৰা দূৰত থাকিব লাগে।


*ভগৱান শিৱৰ পূজাত ভুলটো তুলসীৰ প্ৰয়োগ নকৰিব। ( Religious Studies )


*ভগৱান শিৱক নাৰিকল অৰ্পণ কৰাটো শুভ হয়।কিন্তু এই কথা মন কৰিব লাগে যে-ভগৱান শিৱক কেতিয়াও নাৰিকলৰ পানী অৰ্পণ কৰিব নালাগে।


*সোমবাৰৰ দিনা শনিদেৱৰ লগত সম্বন্ধিত ভোজন কৰিব নালাগে।যেনে-সৰিয়হৰ শাক,বেঙেনা,ক'লা তিল,মচলা যুক্ত খাদ্য,মাটি ডালি,আদি।


*সোমবাৰৰ দিনা শনিৰ লগত সম্বন্ধিত কাপোৰ পিন্ধিব নালাগে।যেনে-ক'লা,নীলা,বেঙেনা ৰংৰ কাপোৰ।


#সপোনত মহাদেৰ ত্ৰিশূল দেখা-


*ভগৱান শিৱৰ ত্ৰিশূলে দৰ্শাই-মহাদেৱ সকলো ৩ অৱস্থাৰ পৰা ওপৰত আছে।সাৰ পাই থকা,সপোন দেখা আৰু শোৱা।তথাপিও মহাদেৱে এই তিনি অৱস্থাক বনাই ৰাখে।যদি সপোনত ত্ৰিশূল দেখা হয়-তেন্তে-ভূত,ভৱিষ্যত, বৰ্তমান,জন্ম আৰু মৃত্যুৰ লগত জড়িত আছে।ত্ৰিশূলে যিয়ে আপোনাক সমস্ত দুখৰ পৰা মূক্তি দিয়ে।ত্ৰিশূলক সপোনক দেখাটো ভাল ফল হয়।


#সপোনত শিৱ-পাৰ্ৱতীক একেলগে দেখা-


*যদি সপোনত শিৱ-পাৰ্ৱতীক একেলগে দেখিছে-ইয়াৰ অৰ্থ এয়া যে-আপোনাৰ দুৱাৰত নতুন সুযোগ আছে।শীঘ্ৰেই আপুনি-লাভ,যাত্ৰা অন্ন আৰু খাজানা প্ৰাপ্ত কৰাৰ বাতৰি শুনিবলৈ পাব।ভগৱান শিৱ আৰু পাৰ্ৱতীক একেলগে সপোনত দেখাটো-এটা ভাল গুণ হয়।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

No comments:

Post a Comment

Advertisement

Pages