ৰামায়ণ হৈছে এখন প্ৰাচীন মহাকাব্য । জীৱনৰ সম্বন্ধসমূহৰ বাবে কৰা কৰ্তব্যক কিছুমান আদৰ্শ চৰিত্ৰ যেনে আদৰ্শ পিতৃ, আদৰ্শ ভাতৃ, আদৰ্শ পত্নী , আদৰ্শ ৰজা আদিৰ মাজেৰে দাঙি ধৰা হৈছে । ( Religious Studies )
ৰামায়ণৰ নামটো 'ৰাম' আৰু ' অয়ন' শব্দৰ তৎপুৰুষ সন্ধিৰ পৰা হৈছে তাৰ অৰ্থ ' ৰামৰ মাত্ৰা । বিষয়বস্তুৰ পৰা চাবলৈ গ'লে ই প্ৰকৃততে মানৱৰ অস্তিত্বৰ এক বিশেষ দৃষ্টিকোণ আৰু ধৰ্ম, অধৰ্মৰ বিৱৰণ ।
ৰামায়ণৰ পৰা-পোৱা শিক্ষাসমূহ-
১)ৰামায়ণে এই শিক্ষা দিয়ে যে-এজন পুত্ৰৰ ব্যৱহাৰ-পিতৃৰ প্ৰতি,সমাজৰ প্ৰতি কেনে হব লাগে।
২)ভগৱান শ্ৰী ৰামক ১৪বছৰ বনবাস দিয়া হয়।আৰু তেওঁ কোনো বিৰোধিতা নকৰি পিতৃৰ আদৰ্শক পালন কৰে।এজন আদৰ্শ পুত্ৰৰ কৰ্তব্যক দৰ্শোৱা হল।
৩/অৰ্ধাংগিনী কেনে হব লাগে আৰু স্বামীৰ প্ৰতি কি কৰ্তব্য থাকিব লাগে!ইয়াৰে বাতৰি দিয়া হৈছে।প্ৰভূ ৰামচন্দ্ৰই যেতিয়া বনলৈ যাবলৈ সংকল্প লৈ-তেতিয়া মাতা সীতায়ো লগত যোৱাৰ প্ৰয়োজনীয়তাখিনি বুজায় আৰু লগতে বনলৈ যায়। ( Religious Studies )
৪/ককায়েক ভায়েক কেনেকুৱা হব লাগে।এই বিষয়েও শিক্ষা দিয়ে।লক্ষ্মণো ককায়েকৰ স্নেহৰ বাবে প্ৰভূ শ্ৰী ৰামৰ লগত বনলৈ যায়।আৰু ১৪বছৰ ভৰতে শ্ৰী ৰামচন্দ্ৰৰ পাদুকাক ৰক্ষা কৰি থাকে।
৫/মন্ঠৰাৰ কথা লৈ কোৱা হৈছে যে-ধাইয়ে কিদৰে কথাবোৰক ইফালৰ পৰা সিফাল কৰি থাকে।আৰু ঘৰৰ লোকসকলৰ মাজত বেয়া ভাৱ সৃষ্টি কৰে।
৬/প্ৰজা কেনে হব লাগে আৰু ৰজা কেনে হব লাগে?অভিব্যক্তিৰ সতন্ত্ৰাক ৰক্ষা কৰা এজন ৰজাৰ কৰ্তব্য হয়।ধুবাৰ কথাক তেওঁ স্বীকাৰ কৰি,ফলস্বৰূপে মাতা সীতাক আজীৱন বনবাসৰ আদেশ দিয়া হয়।এই কথাতে ৰামচন্দ্ৰৰ আলোচনা হয়।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Religious Studies )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment