তীৰ্থ স্থলৰ লগত জড়িত কথাৰে : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, August 8, 2022

তীৰ্থ স্থলৰ লগত জড়িত কথাৰে : Religious Studies

Religious Studies


তীৰ্থ স্থলত কৰা এই পাপ-কেতিয়াও নষ্ট নহয়।তীৰ্থ স্থলৰ লগত জড়িত কথাৰে । ( Religious Studies )


তীৰ্থ দৰ্শনৰ পৰম্পৰা বহু পুৰণি দিনৰপৰা চলি আহিছে।মান্যতা অনুসাৰে তীৰ্থ স্থলত জানিয়ে বা অজানিতে কৰা পাপৰ পৰা মুক্তি পোৱা যায়।তীৰ্থ যাত্ৰা কৰিলে অক্ষয় পূণ্য প্ৰাপ্ত হয়।


*তীৰ্থ যাত্ৰাত এই সমূহ কথা ধ্যান দিব লাগে-


১/তীৰ্থ ক্ষেত্ৰলৈ গলে-মনুষ্যই স্নান,দান,জপ আদি কৰিব লাগে।অন্যথা ৰোগ বা দোষৰ অংশীদাৰ হয়।


২/অন্য ঠাইত কৰা পাপ-তীৰ্থ লে গলে-নষ্ট হয়।কিন্তু তীৰ্থত কৰা পাপ কেতিয়াও খণ্ডন নহয়।তীৰ্থ ক্ষেত্ৰত কোনো ধৰণৰ অৰ্ধামিক কাৰ্য কৰিব নালাগে।


৩/যেতিয়া কোনো ব্যক্তিয়ে নিজৰ পিতৃ-মাতৃ,নিজৰ পৰিয়াল বা গুৰুক পূণ্য ফল দিয়াৰ উদ্দেশ্যে তীৰ্থত স্নান কৰে,তেতিয়া স্নান কৰা ব্যক্তিজনে পূণ্য ফলৰ- বাৰভাগ প্ৰাপ্ত হয়। ( Religious Studies )


৪/যি ব্যক্তিয়ে আনৰ ধনেৰে তীৰ্থ যাত্ৰা কৰে,সেইজনে পূণ্যৰ ষোল্লভাগ প্ৰাপ্ত কৰে।


৫/যি ব্যক্তিয়ে কোনো আন কামৰ বাবে তীৰ্থলৈ যায়,সেই ব্যক্তিজনে তীৰ্থলৈ যোৱাৰ আধা অংশ পূণ্যৰ ফল প্ৰাপ্ত হয়।


শাওণ মাহত শিৱপূজাৰ হেতুু সমগ্ৰ উপাসক তথা ভক্তগণে যি ৰুদ্ৰ মন্ত্ৰ আওৰাই সেইটো হৈছে,


"ঔঁ নমঃ ভাগৱতে ৰুদ্ৰায়ে।"


এই ৰুদ্ৰ মন্ত্ৰ জপ কৰিলে মনলৈ শান্তি আহে, জীৱনত সুখ সমৃদ্ধি বৃদ্ধি হয় আৰু দুখ কষ্ট দূৰ হয় বুলি বিশ্বাস আছে। শিৱক ভগৱান হিচাপে  দয়া আৰু সহানুভূতিৰ গৰাকী বুলি মানে। তেওঁ ভক্তসকলক আৰু  উপাসকক দুষ্ট অপশক্তিৰ পৰা পৰিত্ৰাণ কৰে। মানুহৰ মন অন্তৰৰ  লোভ,মোহ,খং এইবিলাক ভগৱান শিৱই নাশ কৰে,দমন কৰে বুলি বিশ্বাস কৰা হয়। 


প্ৰকৃততে "শিৱ" শব্দই  বহন কৰে মানুহৰ অন্তৰআত্মাক। ই মানুহৰ ভিতৰৰ আত্মসত্তাক বুজায়। "ঔম নমঃ শিবায়" মন্ত্ৰ দৈনিক জপ কৰিলে মানুহৰ অন্তৰ আত্মা সুস্থ, বিশুদ্ধ হৈ উজ্জ্বলি উঠে। শঠতা কপততা আৰু হীন ভাবনা দূৰতে বিদূৰ হয়।


সাধাৰণ অৰ্থত শিৱ মানে  বিমূৰ্ত শিৱলিঙ্গৰ এক  ধাৰণা। জনমানসত শিৱলিঙ্গৰহে সাধাৰণতে পূজা অৰ্চনা কৰা হয়। তদুপৰি শিবৰ অনন্য এক মূৰ্ত্তি,  মায়াসুৰৰ পিঠিত উঠি তাণ্ডৱ নৃত্যৰত অৱস্থাবিশেষ  যাক নটৰাজ মূৰ্তি বুলি কোৱা হয়  সেই মূৰ্তিটোৰো পূজা কৰা হয়।  ( Religious Studies )


শিৱ পুৰাণত আছে -- "পৃথিবীত কিমান লিঙ্গ আছে সেয়া হিচাপ কৰা নাযায়। কিয়নো পৃথিবীকে ধৰি এই গোটেই জগত লিঙ্গময় মাত্ৰ।   এই দৃশ্যমান জগত ভগৱান শিৱৰেই স্বৰূপ হয়। কেৱল পৃথিৱীতেই নহয় স্বৰ্গ আৰু পাতালতো শিৱ লিঙ্গ আছে। কিয়নো দেৱতা অসুৰ আৰু মনুষ্য সকলোৱে মহাদেৱ শিৱৰ পূজা কৰে। গোটেই ত্ৰিলোকত শঙ্কৰ ভগৱান ব্যাপ্ত হৈ আছে আৰু ত্ৰিলোকত কৃপা কৰিবৰ বাবে সকলো তীৰ্থ স্থানত লিঙ্গ ৰূপত বিৰাজ কৰিছে।" 


শিৱ  শব্দৰ মূল অৰ্থ হৈছে কল্যাণ। সেয়েহে ভক্তগণে সচৰাচৰ "ওম নমঃ শিবায়" মন্ত্ৰ জপ কৰা দেখা যায়। আনহাতে  লিঙ্গ শব্দটো প্ৰকৃততে এক  সংস্কৃত শব্দ  আৰু যাৰ অৰ্থ হৈছে চিহ্ন। গতিকে প্ৰচলন আছে যে যেনেকৈ বিভিন্ন বস্তুৰ চিহ্ন থাকে, মহাদেৱ শিৱৰ চিহ্নকোো শিৱলিঙ্গৰে সূচিত কৰা যায়। 


তথ্য অনুসৰি প্ৰাচীন শাস্ত্ৰ 'লিঙ্গ পুৰাণত' কিন্ত শিৱ লিঙ্গৰ কোনো ৰং নাই বুলি কোৱা হৈছে। পৌৰাণিক শাস্ত্ৰৰ মতে শিৱ লিঙ্গৰ তিনিটা ভাগ। একেবাৰে তলৰ ভাগটোক ব্ৰহ্মা-পীঠ, মধ্য ভাগ বিষ্ণু-পীঠ আৰু একেবাৰে ওপৰৰ ভাগ শিৱ পীঠ। এই ত্ৰিমূৰ্তি ব্ৰহ্মা, বিষ্ণু আৰু শিৱৰ পীঠ মানে সকলো দেৱী দেৱতাৰ মন্দিৰ স্থল।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

No comments:

Post a Comment

Advertisement

Pages