মহাদেৱৰ প্ৰিয় ৰুদ্ৰাক্ষ গছৰ উৎপত্তি : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, August 16, 2022

মহাদেৱৰ প্ৰিয় ৰুদ্ৰাক্ষ গছৰ উৎপত্তি : Religious Studies

Religious Studies


ৰুদ্ৰাক্ষ এক প্ৰকাৰৰ বনৰীয়া ফল হয়।যি গুল আকাৰৰ হয় আৰু হিমালয়ত উৎপন্ন হয়।ৰুদাক্ষ নেপালতো পোৱা যায়। ( Religious Studies )


ৰুদ্ৰাক্ষ হৈছে শক্তিৰে পৰিপূৰ্ণ এক শক্তিশালী অলংকাৰ, দুৰ্বল হৃদয়ৰ গৰাকীয়ে ইয়াক পিন্ধিব নোৱাৰে। অৱশ্যে, ই ব্যাপকভাৱে স্বাস্থ্য মন আৰু আত্মাৰ বাবে জনাজাত।


ৰুদ্ৰাক্ষৰ ফল জামুকৰ সমান নীলা তথা বগৰীৰ সুৱাদৰ হয়।ৰুদ্ৰাক্ষ বেলেগ বেলেগ আকাৰ আৰু বেলেগ বেলগ ৰংৰ পোৱা যায়।যেতিয়া ৰুদ্ৰাক্ষৰ ফল শুকাই যায়-তেতিয়া তাৰ ওপৰৰ ছাল আঁতৰাই দিয়া হয়।তাৰ ভিতৰত গুঠলী পোৱা যায়।এয়াই আচল ৰূপত ৰূদ্ৰাক্ষ হয়।এই গুঠলীৰ ওপৰত-১'ৰপৰা ১৪'লৈকে ধাৰা থাকে।এয়াকে মূখ কোৱা হয়।


*ৰুদ্ৰাক্ষক আকাৰৰ হিচাপে ৩ভাগত ভগোৱা হৈছে।


*উত্তম শ্ৰেণী-

যি ৰুদ্ৰাক্ষ আকাৰৰ ৰূপত-আমলখি ফলৰ সমান হয়-সেয়া সকলোতকে উত্তম মনা হয়।


*মধ্যম শ্ৰেণী-

যি ৰুদ্ৰাক্ষৰ আকাৰ-বগৰী ফলৰ সমান হয়-সেয়া মধ্যম শ্ৰেণীত পৰে।


*নিম্ন শ্ৰেণী-

বুটৰ সমান ৰুদ্ৰাক্ষক-নিম্ন শ্ৰেণীৰ কোৱা হয়।


*যি ৰুদ্ৰাক্ষক কীট-পতৎগই বেয়া কৰি দিছে-ভঙা চিঙা হয় বা-সম্পূৰ্ণ গুলাকাৰ নহয়,এনে ৰুদ্ৰাক্ষ পিন্ধিব নালাগে।


*ৰংৰ আধাৰত ৰুদ্ৰাক্ষক চাৰিটা শ্ৰেণীত ভাগ কৰা হৈছে।


*বগা ৰংৰ ৰুদ্ৰাক্ষ-ব্ৰাহ্মণ বৰ্গৰ।


*ৰঙা ৰংৰ ৰুদ্ৰাক্ষ-ক্ষেত্ৰীয় বৰ্গৰ।


*মিশ্ৰিত বৰ্ণক বেশ্য আৰু শ্যাম ৰংৰ ৰুদ্ৰাক্ষক শুদ্ৰ বৰ্গৰ কোৱা হয়।  ( Religious Studies )


ৰুদ্ৰাক্ষ গছৰ উৎপত্তি..?

হিন্দুসকলৰ তৃতীয় আৰাধ্য দেৱতা শিৱৰ লগত ৰুদ্ৰাক্ষৰ উৎপত্তিৰ কথা জড়িত হৈ আছে। ৰুদ্ৰাক্ষ শিৱৰ অতি প্ৰিয় গছ। এইটো এটা সংষ্কৃত শব্দ। ৰুদ্ৰৰ অৰ্থ হৈছে শিৱ, আৰু অক্ষি মানে চকু। অৰ্থাৎ ৰুদ্ৰাক্ষ মানে শিৱৰ ত্ৰিনেত্ৰ। 


শিৱপুৰাণৰ মতে পৃথিৱীৰ মানুহৰ দুখ দুৰ্দশা দেখি মহাদেৱ ইমানেই সহানুভূতিশীল হৈ পৰিছিল, যে তেওঁৰ চকুৰ পৰা এটুপি চকুপানী নিৰ্গত হৈ মাটিত পৰিছিল, আৰু চকুলো টোপাল বীজলৈ পৰিনত হৈ কালক্ৰমত পৃথিৱীত ৰুদ্ৰাক্ষ গছৰ উৎপত্তি হৈছিল। 


ৰুদ্ৰাক্ষ বহু বৰ্ষজীৱী আৰু মূল্যবান গছ। এই গছৰ বাকলি ধোৱা বৰনীয়া, বগা আৰু খহতা। পাতবোৰ সৰল আৰু বহল। পাতৰ ওপৰপৃষ্ঠ উজ্জ্বল সেউজীয়া আৰু তলফালটো কম সেউজীয়া। আৰু চামৰাৰ দৰে। ফলবোৰ গোলাকাৰ, মঙহাল আৰু বাকলিযুক্ট। 


বেৰি জাতীয় এইফলৰ ভিতৰত একোটাকৈ গুটি থাকে। ফলবোৰ পকিলে নীলা ৰঙৰ হয়। কিন্তু শুকাই গলে এই ফল কলা বৰণৰ হয়। গুটিৰ ওপৰভাগ যথেষ্ট কঠিন আৰু খহতা। এই গুটি ৰছিৰে গাঠি মালা তৈয়াৰ কৰা হয়। 


ৰুদ্ৰাক্ষ গুটিৰ ওপৰভাগত সৰু সৰু মুখ থাকে। এই মুখৰ সংখ্যা একোটা গুটিত ১ৰ পৰা ৩৮টা পৰ্যন্ত হোৱা দেখা যায়। এক আৰু চৈধ্যমুখী ৰুদ্ৰাক্ষৰ অধিপতি ৰুদ্ৰ বা শিৱ বুলি বিশ্বাস কৰা হয়। 


এক আৰু পোন্ধৰপৰা আঠত্ৰিছমুখী ৰুদ্ৰাক্ষ বিৰল। পঞ্চমুখী ৰুদ্ৰাক্ষ সহজলভ্য। সেইবাবে সাধু সন্যাসী সকলে পঞ্চমুখী ৰুদ্ৰাক্ষৰ গুটিৰ মালা ধাৰন কৰে। বিশ্বব্ৰহ্মাণ্ডখন ১০৮টা মুল উপাদানেৰে গঠিত, শিৱৰ ১০৮টা নাম বাবে এডাল মালাত ১০৮টা ৰুদ্ৰাক্ষ গুটি ব্যৱহাৰ কৰা হয়।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Religious Studies )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages