গুৰুবাৰৰ দিনা ব্ৰত আৰু পূজাৰ বিধি : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, August 11, 2022

গুৰুবাৰৰ দিনা ব্ৰত আৰু পূজাৰ বিধি : Religious Studies

Religious Studies


সপ্তাহটোত কৰা প্ৰতিটো ব্ৰতৰে নিজৰ বেলেগ বেলেগ মহত্বক দৰ্শাই।সেইদৰে বৃহস্পতিবাৰৰ ব্ৰতৰো বহু মান্যতা আছে।গুৰুবাৰৰ দিনা ভগৱান বিষ্ণু আৰু বৃহস্পতিদেৱৰ পূজা কৰা হয়। ( Religious Studies )


*গুৰুবাৰৰ দিনা ব্ৰত ভগৱান বিষ্ণু আৰু বৃহস্পতিদেৱক প্ৰসন্ন কৰিবলৈ কৰা হয়।এনে মান্যতা আছে যে-বৃহস্পতিদেৱৰ পূজা কৰিলে-পেটৰ লগত সম্পৰ্কীয় ৰোগত আৰোগ্য হোৱাত সহায় পায়।দীৰ্ঘায়ু প্ৰাপ্ত হয়।নিসন্তান দম্পত্তীয়ে সন্তান লাভ কৰে আৰু ধন,প্ৰসিদ্ধি প্ৰাপ্ত হয়।


*অজ্ঞান কাৰণত বিবাহত পলম হোৱা লোকসকলে-গুৰুবাৰৰ ব্ৰত কৰিব পাৰে।


*গুৰুবাৰৰ দিনা উপবাহৰ মহত্ব-


গুৰুবাৰৰ ব্ৰত ভগৱান বিষ্ণু আৰু বৃহস্পতিদেৱৰ বাবে ৰখা হয়।ভগৱান বিষ্ণু-যাক ব্ৰহ্মাণ্ডৰ সংৰক্ষ ৰূপে জনা যায়।বৃহস্পতিৰ প্ৰতিনিধিত্ব সৌৰ মণ্ডলৰ বৃহস্পতি গ্ৰহৰ লগত কৰা হয়।এওঁক গুৰু নামেৰেও জনা যায়।সেইবাবে বৃহস্পতিবাৰক গুৰুবাৰ বুলিও কোৱা হয়।


*কোনো এটা মাহৰ শুক্ল পক্ষৰ আগৰ গুৰুবাৰৰ পৰা এই ব্ৰত আৰম্ভ কৰিব পাৰে।১৬টা গুৰুবাৰৰ লৈকে এই ব্ৰত ৰাখিব লাগে।এই ব্ৰত সূয্য উদয় হোৱা পৰা সূয্যস্ত যোৱালৈকে কৰা হয়।গুৰুবাৰৰ দিনা হালধীয়া ৰংক সকলোতকৈ শুভ ৰং মনা হয়।গুৰুবাৰৰ দিনা পুৱা উঠি স্নান আদি কৰি হালধীয়া বস্ত্ৰ ধাৰণ কৰিব লাগে।ব্ৰত ৰখা ব্যক্তিয়ে নিজৰ মূৰ ধূৱ নালাগে।গুৰুবাৰৰ দিনা পূজা-হালধীয়া ফুল,হালধীয়া ফল-যেনে কল,কেশৰত পকোৱা চাউল,চানা দালি,হালধীয়া মিঠাই যেনে-বেচনৰ লাড্ডু,আদিৰে কৰিব লাগে।এই পূজাত চন্দনৰ ব্যৱহাৰ কৰা হয়।পূজাৰ কৰাৰ সময়ত ব্যক্তিৰ মুখ পূৰ্ৱ দিশৰ ফালে হব লাগে।


*গুৰুবাৰৰ দিনা এবাৰ ভোজন কৰিব লাগে-নিমখ নোহোৱাকে। ( Religious Studies )


*গুৰুবাৰৰ ব্ৰত কথা আবেলি কৰিব লাগে।


*ব্যক্তিয়ে বিচাৰিলে-আবেলি হালধীয়া বস্ত্ৰ দান কৰিব পাৰে।আপুনি যদি সম্পূৰ্ণ বিশ্বাস আৰু শ্ৰদ্ধা ভক্তিৰে প্ৰাৰ্থনা কৰে-তেতিয়া আপোনাৰ মনৰ সকলো কামনা পূৰ্ণ হয়।


*কুণ্ডলীৰ অনুসাৰে-দুৰ্বল বৃহস্পতিৰ লোকে এই ব্ৰত কৰে।এনে মান্যতা আছে যে-বৃহস্পতিদেৱৰ পূজা কৰিলে পেটৰ লগত সম্বন্ধিত ৰোগ ভাল হবলৈ সহায় পোৱা যায়।শক্তি,বীৰতা,আৰু দীৰ্ঘায়ু প্ৰাপ্ত কৰাটো সহায় কৰে।


*অধিক শক্তিশালী প্ৰভাৱৰ বাবে-বৃহস্পতিদেৱৰ এই-মন্ত্ৰ জপ কৰিব লাগে।


*ঔঁ গ্ৰা গ্ৰীং সঃ গুৰবে নমাহঃ


*এইটো হৈছে বৃহস্পতিদেৱৰ বীজ মন্ত্ৰ।এই মন্ত্ৰটি ১০৮বাৰ জপ কৰিলে-ধন,বুদ্ধিৰ প্ৰাপ্তি হয়।আৰু বৃহস্পতি গ্ৰহৰ পৰা হোৱা-নকাৰত্মক প্ৰভাৱ কম হয়।


*বৃহস্পতি দেৱৰ আন এটি মন্ত্ৰ-


*ঔঁ হীং কলী হুং বৃহস্পতায়ে নমাহঃ।


*এই মন্ত্ৰটি ১০৮বাৰ জপ কৰিব লাগে।


*কেৱল এটা কথা মন কৰিব লাগে-আপুনি যিটো ইচ্ছাক পূৰ্ণ কৰিব বিচাৰে-তাৰ ওপৰত আপুনি ধ্যান দিব লাগে।(সংগ্ৰহিত)।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

No comments:

Post a Comment

Advertisement

Pages