অসমৰ নগাওঁ জিলাৰ পুৰণি গুদামৰ ওচৰত অৱস্থিত-ভগৱান শিৱৰ প্ৰতি উৎসৰ্গিত হিন্দু মন্দিৰ।২০২১চনৰ ফ্ৰেব্ৰুৱাৰী মাহত-এই মন্দিৰৰ নিৰ্মাণ কায্য সম্পূৰ্ণ হৈছিল। স্থাপত্যশৈলীৰ ফালৰ পৰা মন্দিৰটো এটা বিশাল শিৱ লিংগৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে।১২৬ফুট ওখ শিৱ লিংগ আকাৰত নিৰ্মিত এই মন্দিৰ পৃথিৱীৰ সৰ্ববৃহৎ শিৱ লিংগ। ( Religious Studies )
মহা মৃত্যুঞ্জয় মন্দিৰ নগাঁও জিলাৰ পুৰণিগুদামৰ কালাজুগিত মহাপুৰুষ শ্ৰীমন্ত দামোদৰ পথত অৱস্থিত। গুৱাহাটীৰ পৰা প্ৰায় ই প্ৰায় ১২০ কিলোমিটাৰ দূৰত অৱস্থিত।
মন্দিৰটোৰ উদ্বোধন প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱেৰে কৰা হৈছিল। ২০২১ চনৰ ২২ ফেব্ৰুৱাৰীত আৰম্ভ হৈ ২৫ ফেব্ৰুৱাৰী তাৰিখে সমাপ্ত হোৱা এই মহোৎসৱত বিশেষ অতিথি হিচাপে কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰীযুত অমিত শ্বাহ আৰু অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱালে মহা মৃত্যুঞ্জয় মন্দিৰৰ পূজা আৰু যজ্ঞত অংশগ্ৰহণ কৰিছিল। যজ্ঞৰ বাবে ১০৮ যজ্ঞ কুণ্ড স্থাপন কৰা হৈছিল আৰু প্ৰায় ২৫০ জন পুৰোহিত তামিলনাডুৰ পৰা প্ৰাণ প্ৰতিষ্ঠা যজ্ঞ কৰিবলৈ আহিছিল।প্ৰাণ প্ৰতিষ্ঠা যজ্ঞ সম্পূৰ্ণ হোৱাৰ পিছত ২০২১ চনৰ ২৬ ফেব্ৰুৱাৰী তাৰিখৰ পৰা সাধাৰণ ভক্তসকলৰ বাবে মন্দিৰ মুকলি কৰা হয়। ( Religious Studies )
২০২১ চনৰ ২৮ এপ্ৰিলত অসম আৰু উত্তৰ-পূব অঞ্চলত হোৱা প্ৰচণ্ড ভূমিকম্পৰ পৰিমাপ ৰিখটাৰ স্কেলত ৬.৭ আছিল আৰু ইয়াৰ ফলত মন্দিৰৰ ওপৰৰ অংশত সামান্য ফাঁট মেলিছিল। অৱশ্যে কোনো গাঁথনিগত ক্ষতি হোৱা নাছিল।
মহা-মৃত্যুঞ্জয় মন্দিৰৰ ইতিহাস-
মহা-মৃত্যুঞ্জয় মন্দিৰৰ নিৰ্মাণৰ কাম ২০০৩চনত আচাৰ্য ভৃগু গিৰি মহাৰাজে আৰম্ভ কৰিছিল।এই ঠাইত তেওঁ ধ্যান কৰিবলৈ ব্যৱহাৰ কৰিছিল।আৰু তেওঁৰ মতে দৈত্য গুৰু শুক্ৰাচায্যয়ে প্ৰাচীন কালত পৌৰাণিক বিশ্বাস অনুসৰি এই ঠাইতে মহামৃত্যুঞ্জয় মন্ত্ৰৰ ধৰ্মীয় ৰীতি-নীতি পালন কৰিছিল।এই চিন্তৰ আধাৰত আচাৰ্য ভৃগু গিৰি মহাৰাজে মন্দিৰ নিৰ্মাণৰ বাবে এই ঠাইখন বাছনি কৰিছিল।নিমাৰ্ণৰ প্ৰাৰম্ভিক পৰিকল্পনা ২০০৩চনত আৰম্ভ হৈছিল।কিন্তু আন স্থপতিবিদ আৰু অভিযন্তাসকলৰ কেইবাটাও প্ৰচেষ্টাৰ পাছত-চুড়ান্ত অভিযান্ত্ৰিক আৰু ডিজাইনৰ কাম-এৰ নাৰায়ণ শৰ্মাই বহন কৰিছিল।অভিযান্ত্ৰিক বিদ্যাত নিপুণতাত প্ৰতিফলনৰ বাবে মন্দিৰভাগ অতি গুৰুত্বপূৰ্ণ।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Religious Studies )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment