শাওণৰ‌ সোমবাৰৰ বিশেষ পূজা-বিধি জানি লওক : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, August 1, 2022

শাওণৰ‌ সোমবাৰৰ বিশেষ পূজা-বিধি জানি লওক : Religious Studies

Religious Studies

 

শাওণৰ সোমবাৰে পুৱা সোনকালে উঠি,পানীত ক'লা তিল মিহলাই স্নান কৰিব লাগে।তাৰপাছত শিৱ মন্দিৰলৈ গৈ-সৰ্বপ্ৰথম ভগৱান গণেশৰ পূজা কৰিব লাগে।  ( Religious Studies )


শিৱ লিংগত জলাভিষেক কৰিব লাগে।ইয়াৰ পাছত বেল পাত আৰু মদাৰ ফুল মহাদেৱক অৰ্পণ কৰিব লাগে।শিৱ পুৰাণৰ অনুসাৰে-মদাৰ ফুল,বেল পাত ভগৱান শিৱক অৰ্পণ কৰিলে,শিৱ পূজাৰ সম্পূৰ্ণ ফল প্ৰাপ্ত হয়।


*শিৱলিংগক শৃংগাৰ কৰি,ধূপ-দ্বীপেৰে আৰতি কৰিব লাগে।আৰতি কৰাৰ পাছত মহাদেৱৰ পূজাত কিবা ভুল ক্ৰটি হলে-ক্ষমা প্ৰাৰ্থনা কৰিব লাগে।বিবাহিত লোকে নিজৰ জীৱন সংগী লগত মহাদেৱ আৰু মাতা পাৰ্ৱতীৰ পূজা-অৰ্চনা কৰিব লাগে।


*সম্পূৰ্ণ পূজাত-

ঔম ওমাম হে শ্ৰেয়াম্ভ নমঃ,মন্ত্ৰটি জপ কৰিব লাগে।


*শাওণৰ সোমবাৰে বিবাহিত মহিলাই কৰে ব্ৰত   ( Religious Studies )


 বিবাহিত মহিলাই নিজৰ স্বামীৰ দীৰ্ঘায়ু আৰু ভাল স্বাস্থৰ বাবে-শাওণৰ সোমবাৰে ব্ৰত কৰে। শাওণৰ সোমবাৰে ব্ৰত কৰা মহিলাই পুৱা সোনকালে উঠি স্নান আদি কৰি-নিজকে সঁজাই তুলে।ইয়াৰ পাছত শিৱ মন্দিৰলৈ গৈ-মহাদেৱ আৰু দেৱী পাৰ্ৱতীৰ পূজা অৰ্চনা কৰে।আৰু ব্ৰত ৰখাৰ সংকল্প লয়।মহিলাসকলে দেৱী পাৰ্ৱতীক শৃংগাৰৰ সামগ্ৰী অৰ্পণ কৰে।


*অহসায় লোকক দান কৰিব লাগে-

*শাওণৰ সোমবাৰে-অহসায় লোকক ভোজন আৰু ধন দানৰ পৰম্পৰা আছে।শাওণৰ সোমবাৰে-ছাতি,কাপোৰ,আৰু জোতা-চেণ্ডলো দান কৰিব পাৰে।নদী বা-পুখুৰীৰ মাছক আটাৰ লাৰু খুৱাব লাগে।গৰুক ঘাঁহ খুৱাব লাগে।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

No comments:

Post a Comment

Advertisement

Pages