প্ৰকৃতিৰ নিয়মত ব্যাঘাত জন্মোৱা কোনো সভ্য মানুহৰ কৰ্ম নহয় : Assamese Viral Post - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, August 22, 2022

প্ৰকৃতিৰ নিয়মত ব্যাঘাত জন্মোৱা কোনো সভ্য মানুহৰ কৰ্ম নহয় : Assamese Viral Post

Assamese Viral Post


এই সময়খিনি (ভাদৰ পৰা কাতিলৈকে) কুকুৰৰ প্ৰজননৰ সময়। এই সময়চোৱাত ৰাস্তাই ঘাটে এনেদৰে কুকুৰক যৌন সংগমত লিপ্ত থকা সকলোতে দৃষ্টিগোচৰ হয়।  ( Assamese Viral Post )


এনে কুকুৰৰ যোৰাবোৰক বহু মানুহে নিজৰ অসভ্য মনৰ উচতনিত নিজকে সভ্য দেখুৱাবলৈ বা কেতিয়াবা মনৰ আনন্দত পৈশাচিক তৃপ্তি পাবলৈ লাঠিৰে কোবাই অথবা শিলগুটি মাৰি যোৰা লাগি থকা কুকুৰ দুটাক যোৰা ভাগি দিয়া দেখা যায়।


      ইয়াৰ ফলত কি হয় জানেনে? মাইকী কুকুৰজনীৰ জননতন্ত্ৰৰ ভিতৰৰ গ্ৰন্থীয়ে অস্বাভাবিক টান পাই যোনিদ্বাৰেদি বাহিৰলৈ উলাই আহিব পাৰে আৰু তাৰফলত তাত infection হয় আৰু কুকুৰজনীৰ মৃত্যু নিৰ্ঘাট। এইদৰে জোৰ- জবৰদস্তি যৌনকেলিত আঘাত জন্মোৱা পাছত কুকুৰজনী আৰু কাহানিও মাক হ'ব নোৱাৰে। 


তাৰোপৰি মতা কুকুৰটোৰো কিডনী বিকল হৈ পৰিব পাৰে।এনেদৰে জোৰ জবৰদস্তি যোৰা ভগাৰ পাছত কুকুৰজনীয়ে নিজৰ জননতন্ত্ৰত আৰু যৌনাংগত যি আঘাত পাই তাৰ যন্ত্ৰণা এখন চোকা দাৰে ৰেপি ৰেপি আমাৰ হাতখন কাটি দিলে যিমান কষ্ট পাম.. ঠিক তাৰ সমান। ( Assamese Viral Post )


      প্ৰকৃতিৰ নিয়মত ব্যাঘাত জন্মোৱা কোনো সভ্য মানুহৰ কৰ্ম নহয়। এইদৰে মিলন ৰত কুকুৰক  লাঠিৰে কোবাই বা ফৰ্ম্মুটি দলিয়াই জোৰকৈ বিচ্ছিন্ন কৰা এক চৰম মহাপাপ তথা অমানুষিক কৰ্ম।


      তথা-কথিত সভ্যতাৰ মুখা পিন্ধা বহু লোকৰ বাবে এই পোষ্টটো অশ্লীল বা অদৰকাৰী  যেন লাগিব পাৰে কিন্তু সচেতন লোক সকলে শ্বেয়াৰ কৰি মানুহক সজাগ কৰিব নিশ্চয়কৈ পাৰে।


✍ উৎপল শিৱম


উৎস : ফেচবুক 


বি:দ্ৰ: আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা বা বাতৰি  ইত্যাদি  আমাৰ ৱেবচাইটত প্ৰকাশ কৰিব বিচাৰে তেন্তে আপোনালোকৰ লেখাসমূহ আমাৰ ফেচবুক পেজ/ SMJ24 ৰ  মুখ্য পৰিচালনা সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্স প্রেৰণ কৰিবলৈ আহ্বান জনালো নিবাৰ্চিত লেখাসমূহ লেখকৰ নাম আৰু ছবিসহ আমাৰ ৱেবচাইটত প্ৰকাশ কৰা হব ।


 ( Assamese Viral Post )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages