জীৱনত এবাৰ হ'লেও নিজক টুকুৰা টুকুৰকৈ খহি পৰা চাব লাগে : Assamese Viral Post - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, August 12, 2022

জীৱনত এবাৰ হ'লেও নিজক টুকুৰা টুকুৰকৈ খহি পৰা চাব লাগে : Assamese Viral Post

Assamese Viral Post


এটা কথা জানে নে, জীৱনত এবাৰ হ'লেও ভাঙি পৰিব লাগে। জীৱনত এবাৰ হ'লেও নিজক টুকুৰা টুকুৰকৈ খহি পৰা চাব লাগে।  ( Assamese Viral Post )


এবাৰ হ'লেও নিজৰ আপোনতকৈও আপোন কাৰোবাৰ মুখা সলোৱাৰ ভাওনাখন দেখিব লাগে। এবাৰ হ'লেও বিফলতাৰ ফুট ছাই মুখত লাগিব লাগে। 


যেতিয়া নিজক তিলতিল কৈ জীয়াই থকাৰ নামত মাত্ৰ উশাহটো লৈ থকা দেখিব, যেতিয়া লগ বন্ধুৰ নামত নিজৰ ছাঁটো হে বিচাৰি পাব, যেতিয়া বিফলতাৰ বাবে গোটেই পৃথিৱীয়ে আপোনালৈ অপমানৰ বোকা ছটিয়াই দিব, যেতিয়া কোনোবা উজাগৰী ৰাতি গাৰুত মুখখন সোপা দি "আৰু নাকান্দিবি" বুলি নিজক নিজে বুজাব লগা হ'ব, সেই সময়ত আপুনি বুজিব জীৱন আচলতে কি, আপুনি বুজিব সময়ৰ মূল্য কি, আপুনি বুজিব নিজৰ জীৱনত নিজৰ মূল্য কি। 


নাথাকে, কোনো নাথাকে শেষলৈকে। যিমানেই নাথাকক গাঢ় বন্ধুত্ব, যিমানেই নাথাকক গভীৰ প্ৰেম, যিমানেই নাথাকক তেজৰ সম্পৰ্ক, কিন্তু শেষত নিজৰ বাবে সদায় নিজে অকলে থাকিব লাগিব। 


জীৱনত সময়ৰ সৈতে হোৱা যুজঁখনত আপুনি নিজে হে নিজৰ সাৰথি। বাকী একো নাই। কষ্টকৰ হ'লেও এইটোৱেই সঁচা। সেয়ে কৈছোঁ, এবাৰ হ'লেও নিজে ভাঙি পৰিব লাগে। তেতিয়া আমাৰ এই "চিৰদিনীয়া" নামৰ ভুল ধাৰণাটো আঁতৰি যায়। ( Assamese Viral Post ) 


এবাৰ হ'লেও ৰখাব নোৱাৰাকৈ কান্দিব লাগে, তেতিয়া চকুত লাগি থকা "সদায় আছে" ধৰণৰ মায়াজালখন চাফা হয়। আৰু এই ভাঙি পৰাৰ পাছত নিজে নিজক যেতিয়া তুলি ধৰা হয়, পুনৰ যেতিয়া জী উঠা হয়, তাতকৈ শক্তিশালী সত্তা আৰু ক'তো নাই। 


কোনো বন্ধুত্বত কোনো প্ৰেমত কোনো সম্পৰ্কত সেইখিনি শক্তি নাথাকে যিখিনি নিজে নিজক জীয়াই তোলাৰ পাছত আহে। এইখন পৃথিৱীৰ সৈতে যুঁজিব পৰাকৈ আপুনি বলীয়ান। কান্দক, ভাঙি পৰক। কিন্তু তাৰ পাছত উঠি আহক। চকুপানীৰ সাগৰখন লাভা লৈ সলাই উঠি আহক। আপুনি আপোনাৰ বাবে। 


অ, কেতিয়াবা প্ৰয়োজনত আনক সংগ দিয়ক, সহায় কৰক। কিন্তু আশা সদায় নিজৰ পৰা কৰক। বিশ্বাস সদায় নিজক কৰক। বাকী পৃথিৱীত আলহী হে সৰহ। চিৰদিনীয়া হৈ আপোনাৰ জীৱনলৈ কোনো নাহে। লিখি থওক।


✍️কৌশিক


উৎস : ফেচবুক 


বি:দ্ৰ: আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা বা বাতৰি  ইত্যাদি  আমাৰ ৱেবচাইটত প্ৰকাশ কৰিব বিচাৰে তেন্তে আপোনালোকৰ লেখাসমূহ আমাৰ ফেচবুক পেজ/ SMJ24 ৰ  মুখ্য পৰিচালনা সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্স প্রেৰণ কৰিবলৈ আহ্বান জনালো নিবাৰ্চিত লেখাসমূহ লেখকৰ নাম আৰু ছবিসহ আমাৰ ৱেবচাইটত প্ৰকাশ কৰা হব ।


 ( Assamese Viral Post )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages