ৰাধাকৃষ্ণৰ কথাৰে : Assamese Viral Post - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, August 12, 2022

ৰাধাকৃষ্ণৰ কথাৰে : Assamese Viral Post

Assamese Viral Post


 ৰাধাকৃষ্ণৰ_কথাৰে_৫


কৃষ্ণ : কেনে আছা?

ৰাধা : ভাল, ভালেই চাগে।

কৃষ্ণ : নিজেও নাজানা নিজৰ কথা?

ৰাধা : নিজৰ কথা জনা হ'লে বিৰহক আঁকোৱালিব লগা নহ'লহেঁতেন। ( Assamese Viral Post )


কৃষ্ণ : তুমি এতিয়াও তাতেই আছা?

ৰাধা: আগবাঢ়ি যোৱাৰ প্ৰতিভা তোমাৰহে আছে।

কৃষ্ণ : ইমান ক্ষোভ কিয় ৰাধা?

ৰাধা : ক্ষোভ নহয়। কিছু প্ৰশ্ন, কিছু হুমুনিয়াহ।

কৃষ্ণ : তোমাৰ হুমুনিয়াহৰ বাবেইতো মই আহোঁ।

ৰাধা : মোৰ হুমুনিয়াহৰ ভাৰ উঠাব পৰা কৈ তোমাৰ কান্ধত এতিয়া শক্তি নাই।

কৃষ্ণ : যদুকূল আৰু কুৰুবংশৰ ভাৰ উঠোৱা এই কানাইলৈও তোমাৰ সন্দেহ নে?

ৰাধা : কানায়ে মুৰুলীৰ ভাৰহে উঠাইছিল। ৰাজবংশৰ ভাৰ উঠোৱা জন ৰুক্মিণীৰ শ্ৰীহৰিহে।

কৃষ্ণ : আকৌ ৰুক্মিণীৰ প্ৰসংগ?

ৰাধা : তোমালোক অভিন্ন এতিয়া, তোমাৰ লগত পাতিলে তোমাৰ অৰ্ধাংগিনীৰ প্ৰসংগ আহিবই।

কৃষ্ণ : কিন্তু সংসাৰেতো ৰাধাকৃষ্ণক হে অভিন্ন বুলি কয়!

ৰাধা : কেৱল নাম জোৰা দিলেই বুকুৰ বিষবোৰ কমা হ'লে কথাই নাছিল কানাই।

কৃষ্ণ : বুকুৰ বিষ জানো অকল তোমাৰ ৰাধা? মোৰ নহয়? সকলোৰে ত্ৰাণকৰ্তা হৈ মই যে নিজৰ বাবে একোৱেই কৰিব নোৱাৰিলোঁ।

ৰাধা : তোমাৰ বুকুৰ উমান পাওঁ মই। কিন্তু তোমাৰ বিৰহৰ অগনি নুমাবলৈ ৰুক্মিণীৰ নিশ্চল প্ৰেমৰ ধাৰা আছেতো সদায়।

কৃষ্ণ : আনৰ প্ৰেমৰ ধাৰা আৰু কানাইৰ ৰাধা জানো একেই?

ৰাধা : প্ৰেমক তুলনা নকৰিবা। মই বুকুত ৰাখিছোঁ তোমাক আৰু ৰুক্মিণীয়ে শিৰত। আৰু সমাজে সদায় নাৰীৰ শিৰলৈ চাই কানাই, বুকুৰ ভিতৰলৈ জুমি কোনেও নাচায়।

কৃষ্ণ : তোমাৰ বুকুৰ এই শিলটোৰ ওজন মই বুজি পাওঁ প্ৰিয়া।

ৰাধা : ৰাজ বংশৰ ভাৰ উঠোৱাৰ দৰেই সহজ নহয় ৰাধাৰ বুকুৰ শিলটো।

কৃষ্ণ : এয়া তোমাৰ অভিযোগ?

ৰাধা : য'ত প্ৰাপ্তিৰ হাবিয়াস নাই তাত অভিযোগ কিহৰ!

কৃষ্ণ : মোক কাষত নিবিচৰা তুমি?

ৰাধা : তোমাৰ উপস্থিতিতকৈ তোমাৰ স্মৃতি এতিয়া বেছি প্রিয় কানাই। প্ৰেমৰ বাবে এতিয়া আৰু প্ৰেমিকৰ প্ৰয়োজন নাই। এই ৰাধাক সেই গকুলৰ কানাইৰে হৈ থাকিবলৈ দিয়া। কাৰণ এতিয়াৰ শ্ৰীকৃষ্ণ কেৱল ৰুক্মিণীৰ যদুৰায়। ( Assamese Viral Post )



✍️কৌশিক


উৎস : ফেচবুক 


বি:দ্ৰ: আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা বা বাতৰি  ইত্যাদি  আমাৰ ৱেবচাইটত প্ৰকাশ কৰিব বিচাৰে তেন্তে আপোনালোকৰ লেখাসমূহ আমাৰ ফেচবুক পেজ/ SMJ24 ৰ  মুখ্য পৰিচালনা সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্স প্রেৰণ কৰিবলৈ আহ্বান জনালো নিবাৰ্চিত লেখাসমূহ লেখকৰ নাম আৰু ছবিসহ আমাৰ ৱেবচাইটত প্ৰকাশ কৰা হব ।


 ( Assamese Viral Post )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page


No comments:

Post a Comment

Advertisement

Pages