জীৱনত পুনৰ ভালপোৱা হব পাৰে : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, August 28, 2022

জীৱনত পুনৰ ভালপোৱা হব পাৰে : Assamese Storyboard

Assamese Storyboard


নৈ খন শান্ত ভাৱে নিজৰ ভাৱনাতে বৈ আছিল। কিন্তু আজি কোনোবাই পাথৰ দলিয়াই শান্ত নৈখনক সাৰ পোৱাই দিলে। ( Assamese Storyboard )


ধ্যান ভগ্ন হৈ পৰিল নৈখনৰ। এনেদৰে কিবা ৰুদ্ৰৰ লগতো হৈ আছিল। তাৰ অন্তৰখনো নৈ খনৰ দৰে আছিল আৰু এই অন্তৰখনত কেৱল এটা এক প্ৰতিমূৰ্তিয়ে আছিল। আন কাৰোবাৰ কথা দূৰ দূৰণিলৈ নাছিল। কেৱল সি আৰু অমৃতা। এই পৃথিৱীত থাকিও, এই পৃথিৱীৰ জ্ঞানৰ পৰা আঁতৰত। 


সি বহুত ভাল পাইছিল নিজৰ পত্নীক। অমৃতাক দেখা পায় সি ভাৱিছিল, এইজনী তাইয়ে কেৱল হয়, যাক সি জীৱনজুৰি ভালপাই থাকিব। কবলে হলে এৰেঞ্জ বিবাহ আছিল। কিন্তু এনে লাগিছিল, তাহাঁতি বহু জনমৰ পৰাই এজনে আনজনৰ পৰিচিত। 


অমৃতাক দেখা পায়ে, ৰুদ্ৰৰ হৃদয় কম্পিত হল। এই হৃদয়খনো বহুত বেলেগ ধৰণৰ। প্ৰতিটো বস্তুৰে সংকেত আগতীয়াকৈ দিব পাৰে। বিয়াৰ ৩বছৰ হল। এতিয়ালৈকে তাহাঁতৰ কোনো সন্তান নাছিল। তথাপিও ৰুদ্ৰৰ কোনো দুখ নাছিল। তাৰ বাবে অমৃতাই সকলো আছিল। 


একেলগে বহু ঠাই তাহাঁতি ফুৰিলে। ৰুদ্ৰৰ, অমৃতা নহলে তাৰ জীৱন আধৰুৱা আছিল। অমৃতা মাক হবলৈ ওলালত ৰুদ্ৰ বৰ আনন্দিত হল। যেনে, তাৰ জীৱন এতিয়া সম্পূর্ণ হৈ গল। কিন্তু এই প্ৰকৃতিয়ে আন কিবা হে বিচাৰিছিল। ছোৱালী এজনী জন্ম দিয়ে,কিন্তু অধিক ৰক্তচাপ হোৱাৰ বাবে অমৃতায়ে মৃত্যুক সাৱটি ললে। 


অমৃতাৰ মৃত্যুৱে ৰুদ্ৰক একেবাৰে নিঠৰুৱা কৰি পেলালে। ঘৰৰ সকলো বস্তুতে সি অমৃতাৰ চায়া দেখা পালে।চায়াটো তাইৰ জীয়েকজনীয়ে আছিল। যেতিয়াই ৰুদ্ৰই জীয়েকৰ মুখখন দেখা পাইছিল, তেতিয়া তাৰ অন্তৰে কান্দি উঠিছিল। সি উশাহ লবলেও কষ্ট পোৱা হল। সি আৰু থাকিব নোৱাৰিলে। আৰু জীয়েকৰ মুখলৈ চাই তাৰ মৰমো নালাগিল। তাৰ মাকে বহুত বুজালে, কিন্তু সি নুবুজিলে। 


ৰুদ্ৰই নিজৰ ট্ৰাঞ্চফাৰ গুৱাহাটী পৰা মুম্বাইলৈ কৰি ললে। মাক দেউতাকে নাতিনীজনীক পাই সুখী হৈছিল। ৰুদ্ৰ ঘৰলৈ আহিলে মাত্র এদিনতকে অধিক দিন নাথাকিছিল। সেই ঠাইখনত, সেই ঘৰখনত তাৰ উশাহ লবলৈ কষ্ট হৈ পৰিছিল। সি ভাৱিছিল, সি গুৱাহাটী আৰু নিজৰ ঘৰখনত থাকিলে, পগলা হৈ যাব। মুম্বাইত ভাড়া ফ্লেট এটা লৈ অকলে থাকিবলৈ ললে। এতিয়া তাৰ অন্তৰখন শুকাই গৈছিল। 


বতৰ সলনি হল, মাহ বাগৰি গল। সি যন্ত্রৰ দৰে নিজৰ কাম কৰি গৈ থাকিল। কিন্তু আজি তাৰ অন্তৰে সাহাকাৰ কৰিছিল। নহয়, এয়া হব নোঁৱাৰে। সি মুখৰ ভিতৰতে কবলৈ ধৰিলে। অন্তৰৰ পৰা এবাৰে ভালপোৱা হয, যি সেয়া সি কৰিলে। 


তেনেহলে পুনৰ আজি কিয়! কিয় এনেদৰে হৈছে! কি সি কাৰোবাৰ প্ৰতি আকৰ্ষিত হৈছে! নহয়, এয়া অমৃতাৰ প্ৰতি অন্যায় কৰা হব। কিন্তু অন্তৰে নুবুজিছে। সি সপোনটো ভৱা নাছিল, যে সি পুনৰ এনেদৰে অনুভৱ কৰিব। কিয় সি বলীয়া হৈছে! কিয় তাৰ চিন্তা হৈছে! এজন প্ৰতিবেশীৰ আনজন প্ৰতিবেশীলৈ চিন্তা কৰিব পাৰে। এয়া স্বাভাৱিক কথা। ইয়াতকৈ অধিক আৰু একো নাই। 


কিছু সময়লৈ সি চিন্তা কৰিলে, তাৰপিছত পুনৰ তাইৰ মুখনি তাৰ সন্মুখলৈ আহিবলৈ ধৰিলে। ৬মাহৰ পাছত ৰুদ্ৰৰ প্ৰতিবেশী হিচাপে এগৰাকী মহিলা থাকিবলৈ আহিছিল। ছোৱালী বুলি কব নোঁৱাৰি, কাৰণ  বয়স ৩২ কে ওপৰৰ আছিল। এটা ফ্লৰত মাথো দুটাই, ফ্লেট আছিল। ঘৰৰ ভিতৰত নেটৰ্ৱক ভালকে নোপোৱাৰ বাবে সি ফোনত বাহিৰত কথা পাতি আছিল। কাষৰ সেই মহিলা গৰাকীয়ে নিজৰ বস্তুবোৰ সামৰি আছিল। এবাৰে তাইৰ ফালে ৰুদ্ৰই চাইছিল, আৰু তাতকৈ একো নাছিল। 


অফিচলৈ আঁহোতে যাওঁতে প্ৰায়ে দেখা পাইছিল। লিফ্টত অকলে যাওঁতে কেতিয়াবা ৰুদ্ৰৰ বেলেগ ধৰণৰ অনুভৱ হৈছিল। এনেটো সি বহুজনৰ লগত লিফ্টত অহা যোৱা কৰে, কিন্তু তাই থাকিলে ৰুদ্ৰই কিছু আকৰ্ষণ হৈছিল।হব পাৰে, অকলে থাকে বাবে বা, শৰীৰটোক কাৰোবাৰ প্ৰয়োজনৰ বাবে। 


এদিন লিফ্টৰপৰা ওলাই অহা সময়ত সেই মহিলা গৰাকীৰ ভৰি এখন মোচোকা খায়, তাই পৰিবলৈ লওঁতে, ৰুদ্ৰই ধৰি ললে। দুবাহুত ধৰি লিফ্টৰ বাহিৰত থকা চকীখনতে বহুৱাই দিলে। কি হল, বুলি ভৰিটোক ধৰি চাবলৈ লওঁতেই, সেই মহিলা গৰাকীয়ে উচাত মাৰি ভৰিটো আঁতৰাই দিলে। নহয় ঠিকে আছে। অলপ পাছতে ভাল হয় যাব বুলি তাই ভৰিটো লৰালে। 


কিবা সহায়তা লাগিব নি! ৰুদ্ৰই সুধিলে! নহয় ধন্যবাদ। পাৰিম। তেতিয়া ৰুদ্ৰ নিজৰ অফিচলৈ গুচি গল। কিন্তু কাৰোবাৰ দুবাহুত ধৰা, কাৰোবাৰ ইমান কাষতো পোৱা, তাৰ হৃদয় বাজি উঠিল। ২,৩দিন তাই দোপ মাৰিয়েই খোঁজ কাঢ়িল। এতিয়া পাতলীয়া হাঁহিৰে আদান প্ৰদান হবলৈ ধৰিলে। মাজে সময়ে এষাৰ দুষাৰ কথাও পাতিছিল। তাইৰ হাঁহিয়ে এতিয়া ৰুদ্ৰ অন্তৰত ঠাই লৈছিল। 


২,৩দিন ধৰি তাইক দেখা পোৱা নগৈছিল। এই কথায় তাৰ মনৰ সাহাকাৰ কৰি উঠিছিল। সি নিজক ঘৰতে ইফালৰ পৰা সিফালে ঘূৰি ফুৰিল। কেতিয়াবা দুৱাৰখন খুলে, আকৌ বন্ধ কৰে। নাজানে কোন হয়! কি কৰে! একোকে গম পোৱা নাছিল। দেখা পাইছিল কেৱল তাইৰ মুখ'খনি। তেনেতে দুৱাৰৰ বেল বাজি উঠিল। ৰুদ্ৰই দুৱাৰখনত খুলাত সম্মুখত বন কৰা বাইজনী আছিল। ছাৰ, অলপ বাইদেউক চাই দিয়ক না! তেওঁৰ গা বহুত বেয়া। বন কৰা বাইজনী য়ে লৰালৰিকৈ কলে। 


ৰুদ্ৰই অলপ ভয় খায়, তাইৰ ওচৰ পালেগৈ, আৰু তাইৰ মূৰত হাত ৰাখি গম পালে যে, তাই মূৰটো জ্বৰত জ্বলি আছিল। কাৰোবাক দেখুৱালে! চিন্তিত মাতত ৰুদ্ৰই সুধিলে। তাই না বুলি মূৰটো লৰালে। তেতিয়া ৰুদ্ৰই ডক্টৰক ফোন কৰি মাতিলে আৰু তাইৰ মূৰত ঠাণ্ডা পানীৰ লেপন দিলে। বন কৰা বাইজনীও গলগৈ। ডাক্টৰে আহিও দৰৱ দিলে। দৰৱ খোৱা পাছতে তাইৰ জ্বৰ কমিবলৈ ধৰিলে। 


পাচদিনা অলপ সুস্থ দেখা পায় ৰুদ্ৰই সুধিলে, আপোনাৰ ঘৰৰ পৰা কাৰোবাক মাতিব লাগে যদি কব, মই ফোন কৰি দিওঁ। তাই পুনৰ না বুলি মূৰটো লৰালে। কোনোবা সম্পর্কীয় ইয়াত আছেনে! তাই পুনৰ না বুলি মূৰটো লৰাই দিলে। তাইক ঔষধ দিয়া, খোৱা বোৱাৰ সকলো দায়িত্ব ৰুদ্ৰই ললে। তাই অলপ সংকোচ কৰিছিল কিন্তু স্বাস্থ্য ভালে নথকাত একো কব নোঁৱাৰিলে। 


২,৩দিনৰ পাছত সুস্থ হৈ উঠাত তাই কলে, ক্ষমা কৰিব! মোৰ বাবে আপোনাৰ বহুত কষ্ট হল। ক্ষমা আকৌ কিহৰ বাবে! এজন প্ৰতিবেশীয়েটো আনজন প্ৰতিবেশীৰ কামত আহে। আহক, ভিতৰলৈ আহক। ৰুদ্ৰই কলে। নহয়, আজি নহয়, বেলেগ এদিনাখন। এতিয়া অফিচলৈ যাওঁ। এনে কয়ে তাই যাবলৈ ওলাল। ৰব, মইও আহি আছো। এনে কয়ে, ৰুদ্ৰইও নিজৰ বেগটো ললে। তাই হাঁহি মাৰি লিফ্টৰ বোটাম টিপিলে। 


এতিয়া প্ৰায়ে আহোতে যাওঁতে দুয়োয়ে কথা পাতিবলৈ ধৰিলে। মাজে সময়ে ৰাতিৰ আহাৰো লগে ভাগে কৰিছিল। দুয়োৰে মাজত বন্ধুত্বৰ সম্বন্ধ গঢ়ি উঠিল। কিন্তু এতিয়াও তাহাঁতি এজনে আনজনৰ এৰি অহা দিনবোৰৰ কথা জনা নাছিল। ঘৰৰ পৰা বাহিৰলৈ দূৰ দূৰলৈ পাহাৰ দেখা পোৱা গৈছিল। সেউজীয়াও বহুত আছিল। ৰুদ্ৰৰ বন্ধুসকলে প্ৰায়ে কৈছিল, তুমি কিমান সুন্দৰ ঠাইত থাকা। কিন্তু এই কথা ৰুদ্ৰই কেতিয়াও অনুভৱে কৰিব পৰা নাছিল। সি কেতিয়াও সেউজীয়া খিনিক দেখিয়ে পোৱা নাছিল। 


অন্তৰখন চেচা হোৱা বাবে সকলোবোৰ চেচা আৰু নিৰ্জীৱই দেখা পাইছিল। এতিয়া কিছু দিনৰপৰা এই সেউজীয়া খিনিক সি দেখা পাইছিল। বৰষুণজাক আহি আৰু বেছিকৈ সেউজীয়া খিনিক ধুনীয়া কৰি তুলিলে। এদিন দুয়ো নিশাৰ আহাৰ কৰিবলৈ বাহিৰলৈ গল। মই এতিয়া লৈকে আপোনাৰ নামটোকে নাজানিলো নহয়। চকীতে বহি ৰুদ্ৰই কলে। 


স্নিগ্ধা। তাই হাঁহি মাৰি কলে। অ, সেইবাবে এই ৰোষ্টোৰেন্টখন ইমান জিকমিকাইছে। কিমান বছৰৰ পাছত যে, ৰুদ্ৰই ধেমেলীয়া কথা কলে এই জিলিকনি চাই পেট নভৰে, কিবা অৰ্ডাৰ কৰক। স্নিগ্ধাই হাঁহি মাৰি কলে। ৰুদ্ৰই খাবলৈ অৰ্ডাৰ কৰিলে। মই আপোনাৰ বিষয়ে একো নাজানো। যদি আপুনি কব বিচাৰে, তেনেহলে মই শুনিব পাৰোঁ। ৰুদ্ৰই খায় খায় কলে। স্নিগ্ধাই তললৈ মূৰ কৰি ভাৱিবলৈ ধৰিলে। ঠিক আছে, আপুনি কব বিচৰা নাই যদি হব। কোনো কথা নাই। নহয়, এনে কোনো কথা নাই। বন্ধুৰ ওপৰত ইমানখিনি বিশ্বাস আছে যে, মই কব পাৰিম। বাহিৰত কম। কথাখিনি স্নিগ্ধাই তললৈ মূৰ কৰিয়েই কলে। আহাৰ খোৱাৰ পাছত দুয়ো বাহিৰৰ বাগিছাত খোজ দিলে। খোজ কাঢ়ি কাঢ়ি, স্নিগ্ধাই নিজকে প্ৰস্তুত কৰি কলে, মই এম, বি, এ, কৰিবলৈ ললো। সিও মোক ভাল পাইছিল।  ( Assamese Storyboard )


আমি দুয়ো একেলগে থাকিবলৈ ললো। মোৰ পৰিয়ালৰ লোকে বহুত বুজালে, খং কৰিলে। কিন্তু মই সি নহলে থাকিব নোঁৱাৰা হলো। মা দেউতাই কলে, বিয়া হৈ একেলগে থাকা। কিন্তু মইহে নামানিলো। মই ভাৱিছিলো আমি ভালপাওঁ যেতিয়া, বিবাহৰ দৰে বান্ধোন কিয়! আৰু সেই সময়ত আমি বিয়াত বহিবও নোঁৱাৰো। 


খংতে, মোৰ পৰিয়ালৰ লোকে মোৰ লগত সম্পর্ক বিচিন্ন কৰিলে। মই চাকৰি এটা পালো। তাৰো চাকৰি হল। কিন্তু অন্য এখন চহৰত। আমি চেষ্টা কৰিছিলো যে, একে চহৰতে থাকিবলৈ। তেতিয়া, কেতিয়াবা সি আহে, আৰু নহলে মই গুচি যাওঁ। এবছৰৰ পাছত সি প্ৰায় অহাটো কম কৰি দিলে। মইয়ে মাজে সময়ে গুচি গৈছিলো। সি প্ৰায়ে আঁতৰি আঁতৰি থাকে। বহুত জোৰ দিয়াত সি কলে যে, সি এতিয়া আনক ভালপাই। কি এনেকুৱা হব পাৰে নে! ভালপোৱাটো এবাৰে হয়। হৃদয়ে এবাৰে মাতে। এইবুলি কয় তাই ফেকুৰি উঠিল। ৰুদ্ৰই তাইক দুবাহুত ধৰি বেঞ্চত বহুৱাই দিলে। 


নহয়, আপুনি কওকচোন, ভালপোৱা পুনৰ হব পাৰে নে! তাই ফেকুৰি উঠি জিজ্ঞাসা ভৰা দৃষ্টিৰে ৰুদ্ৰৰ ফালে চাই ৰল। ৰুদ্ৰই দুচকু তললৈ কৰিলে। অৰ্থাৎ! তেতিয়া প্রথমৰ দৰে ভালপোৱা নাছিল! কেৱল আনক দেখুৱাই হে আছিল। ৰুদ্ৰই তললৈ মূৰ কৰা দেখা পায় স্নিগ্ধাই কলে, নহয়, সেয়াও ভালপোৱাই আছিল, কেৱল সলনি হৈ গল। সলনি, নহয়, হব নোঁৱাৰে কেতিয়াও। কথাটো মাজতে এৰি ৰুদ্ৰ পুনৰ মৌন হৈ ৰল। আপুনি কব কি বিচাৰিছে! পোনে পোনে কওক। স্নিগ্ধাৰ চকুপানী শুকাই গৈছিল। মইও এয়াকে ভাৱিছিলো, দীঘলীয়া উশাহ এটা এৰি ৰুদ্ৰই কলে, ভালপোৱা এবাৰে হয়, হৃদয়ে এবাৰে মাত দিয়ে। মই নিজৰ পত্নীক বহুত ভালপাইছিলো, কিন্তু এজনী কন্যা সন্তান জন্ম দিয়ে তাই মৃত্যুক সাৱটি ললে। এনে লাগিছিল তাইৰ বাহিৰে, আৰু মোৰ হৃদয়ে কোনোদিন ভালপোৱাক অনুভৱ নকৰিব। কিন্তু যেতিয়া, এনেকে কয়ে সি মৌন হৈ পৰিল। কিন্তু যেতিয়া, আৰু কি? প্ৰশ্ন বোধক চাউনিৰে স্নিগ্ধাই ৰুদ্ৰৰ ফালে চালে। 


তেতিয়া ৰুদ্ৰই মুখ খনি ঘূৰাই দিলে। কি, কোনোবাই আনক পালে! ডাঙৰ ডাঙৰ চকু কৰি তাই সুধিলে। ৰুদ্ৰই,তাইৰ ফালে গম্ভীৰ ভাৱে চালে আৰু কলে, বলা, যাওঁ। নহয়, প্ৰথমে কথাটো শেষ কৰক। এইবুলি কয়ে, স্নিগ্ধাই ৰুদ্ৰৰ হাতখনত খামুচি ধৰিলে। বলা যাওঁ। নহয় প্রথমে কব লাগে। কি কব লাগে হা! অ তোমাকে ভাল পাই পেলালো। ৰুদ্ৰই উত্তেজিত হৈ কলে। চকুপানী নিগৰী আহিছিল, তাইৰ চকুৱেদি। নহয়, এনে হব নোঁৱাৰে। তেতিয়া স্নিগ্ধাই ৰুদ্ৰক খামুচি ধৰি থকা হাতখন ধিলা হৈ আহিল। এয়া দৰকাৰী নহয় যে, মই যি অনুভৱ কৰিছো, সেয়া তুমিও কৰিব লাগে। এইবোৰৰ দ্বাৰা আমাৰ বন্ধুত্বৰ মাজত কোনো দিন হেঙাৰ আহিব নোঁৱাৰে। কয়ে ৰুদ্ৰই গাড়ী খন ষ্টাৰ্ট কৰিলে। 


পাচদিনা পুৱা দুয়োয়ে বেলেগ কথা পাতিলে। দুয়োয়ে নিজকে বুজাই লৈছিল। ২দিনৰ বাবে স্নিগ্ধা বেলেগ এখন চহৰলৈ গৈছিল। মাকৰ অসুস্থতাৰ খবৰ পায় ৰুদ্ৰয়ো ঘৰলৈ গুচি আহিল। এইবাৰ সি নিজৰ জীয়েকক দেখা পায় হাঁহি মাৰিলে। কিয় জানো এইবাৰ তাৰ বিৰক্ত লগা নাছিল। মনটো বহুত শান্ত হৈ আছিল। অমৃতাৰ, কথাবোৰে তাক আমনি কৰা নাছিল। ওলোটাই এয়া অনুভৱ কৰাইছিল যে, তাই যিমানদিন জীৱিত থাকিল, মৰমৰে থাকিল। অমৃতাক এতিয়া এটা ভাগৰ দৰে লাগিছিল। যাক সদায়ে সি লগতে ৰাখিব। মাকেও ৰুদ্ৰক এনে ৰূপত দেখা পায় আৰ্শ্চয়জনক হৈ পৰিছিল। মাকৰ এনে লাগিল যেন, প্রথমৰ দৰে ৰুদ্ৰক পুনৰ তেওঁ ঘূৰাই পালে। 


ৰুদ্ৰক প্ৰসন্ন আৰু শান্ত দেখা পায় মাক সোনকালেই সুস্থ হৈ উঠিল। প্ৰথমবাৰলৈ সি নিজৰ জীয়েকৰ বাহিৰলৈ ফুৰাবলৈ লৈ গল। যেনে, জীয়েকৰ লগত তাৰ এতিয়াহে চিনাকি হৈছে মাথো। তাতে ভাল স্কুলত নাম ভৰ্তি কৰি দিলে। এসপ্তাহ ঘৰত থকা পাছত পুনৰ ৰুদ্ৰ মুম্বাই লৈ উভতি আহিল। পুৱা যেতিয়া ৰুদ্ৰ গা ধূই আছিল, তেতিয়া বাৰে বাৰে তাৰ ঘৰৰ বেল বাজি উঠিছিল। কোন হয় নো, যিয়ে ইমান, অশান্ত হৈ বেল বজাই আছে! বাথৰূমৰ গাওন পিন্ধিয়ে সি বাহিৰলৈ আহিল। আৰু দুৱাৰ খুলিলতে স্নিগ্ধা ভিতৰলৈ আহি চিঞঁৰিবলৈ ধৰিলে। কোনফালে গৈছিলে আপুনি! কয় থৈও নগলে! ফোন নাম্বাৰো নিদিলে! আপুনি জানেনে, মোৰ কি অৱস্হা হৈছিল! মই ভাৱি ভাৱি পগলা হৈ গৈছিলো যে, আপুনিও মোক এৰি থৈ গুচি গলগৈ! এয়াটো কলে, ভালপাই বুলি, কিন্তু মোক লৈ অলপো চিন্তাও নকৰে! আৰু কয় কয়ে স্নিগ্ধাই কান্দোনত ভাঙি পৰিল। হাঁহি এটা মাৰি ৰুদ্ৰই স্নিগ্ধাক নিজৰ বুকুৰ মাজতে সোমোৱাই ললে। এতিয়া স্নিগ্ধাইও অনুভৱ কৰিছিল যে, ভালপোৱা পুনৰ হব পাৰে বুলি।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।  ( Assamese Storyboard )



আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages