এনেধৰণৰ খাদ্য খালী পেটত সেৱন কৰিলে আপোনাৰ বহুতো ৰোগ হ'ব পাৰে : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, August 30, 2022

এনেধৰণৰ খাদ্য খালী পেটত সেৱন কৰিলে আপোনাৰ বহুতো ৰোগ হ'ব পাৰে : Assamese Health Tips

Assamese Health Tips

খালী পেটত যিকোনো আহাৰ খোৱা স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হব পাৰে । সেয়ে পুৱা কিছুমান খাদ্য গ্ৰহণ কৰিব নালাগে । ( Assamese Health Tips )

 খালী পেটত এইসমূহ খাব লাগে-


কণী-

কণী-প্ৰটিনৰ সমৃদ্ধ উৎস আৰু ই পুৱাৰ নিখুঁট ব্ৰেকফাষ্ট।ৰাতিপুৱা কণী খালে-গোটেই দিনটো পেটটো ভৰপূৰ অনুভৱ হয় আৰু লগতে শক্তি পোৱা যায়।


অমিতা-

অমিতা এটা ডাঙৰ চুপাৰ ফুড।প্ৰতিটো ঋতুতে পোৱা অমিতা আপোনাৰ ব্ৰেকফাষ্টত অন্তৰ্ভূক্ত কৰিব পাৰে।ই আপোনাৰ কলেষ্টৰল কমায় আৰু হৃদৰোগ বৃদ্ধি হোৱাত বাধা দিয়ে।


অটছ-

যদি আপুনি কম কেলৰি আৰু অধিক পুষ্টিকৰ খাদ্য খাব বিচাৰে-তেন্তে-অটছ এটা ভাল ব্ৰেকফাষ্ট।ইয়াৰ উপৰিও ওজন নিয়ন্ত্ৰণ কৰাত সহায় কৰে।


তিয়াই থোৱা আলমণ্ড-

পুৱা উঠাৰ পাছত-প্ৰথমে চাৰিটা আলমণ্ড খালী পেটত খাব লাগে।যাৰ ফলত আমি বহুতো স্বাস্থ উপকাৰিতা পাওঁ।ফাইবাৰ-ওমেগা৩ আৰু ওমেগা-৬ এচিডযুক্ত আলমণ্ড নিশাটো তিয়াই ৰখাৰ পাছত-সদায় পুৱা খালী পেটত সেৱন কৰিব লাগে।মনত ৰাখিব যে-আলমণ্ডৰ বাকলি গুচাই লোৱাৰ পাছতহে-খালী পেটত সেৱন কৰিব লাগে।

  ( Assamese Health Tips )


এইসমূহ কেতিয়াও খালী পেটত সেৱন নকৰিব-


বিলাহী-

বিলাহীৰ বহুতো উপকাৰিতা আছে যদিও খালী পেটত বিলাহী খোৱাটো ক্ষতিকাৰক।বিলাহীৰ এচিডিক গুণে পেটত উপস্থিত থকা গেষ্ট্ৰাইটিছ এচিডৰ লগত বিক্ৰিয়া কৰি এটা জেল সৃষ্টি কৰে।যিয়ে পেটৰ বিষ,ক্ৰেম্প আদিৰ সমস্যাৰ সৃষ্টি কৰে।সেয়হে ৰাতিপুৱা খালী পেটত বিলাহী সেৱন কৰাৰ পৰা বিৰত থাকিব লাগে।


দৈ-

যদিও দৈ শৰীৰৰ বাবে-অতি উপকাৰী।কিন্তু ভোকাতুৰ পেটত দৈ খাব নালাগে।দৈ'ত লেক্টিক এচিড থাকে।যাৰ বাবে ৰাতিপুৱাই দৈ খালে আপোনাৰ শৰীৰৰ ক্ষতি হব।


ছ'ডা-

ছ'ডাত উচ্চমানৰ কাৰ্বনেট এচিড পোৱা যায়।পেটত উপস্থিত থকা এচিডৰ লগত এই বস্তু মিহলি হলে পেটৰ বিষৰ দৰে সমস্যাৰ সৃষ্টি হয়।সেয়হে-ৰাতিপুৱা ছ'ডা খোৱাৰ পৰা বিৰত থাকিব লাগে।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।  ( Assamese Health Tips )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages