এই ব্যক্তিসকলে ৰঙালাও গুটি সেৱন কৰোতে অলপ সাৱধান হোৱা উচিত : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, August 20, 2022

এই ব্যক্তিসকলে ৰঙালাও গুটি সেৱন কৰোতে অলপ সাৱধান হোৱা উচিত : Assamese Health Tips

Assamese Health Tips


ৰঙালাও গুটিত প্ৰচুৰ পৰিমাণে ভিটামিন বি কম্প্লেক্স , ভিটামিন C, ভিটামিন E, ভিটামিন K, প্ৰটিন,আঁহ ,(dietary fiber), আইৰণ, কেলচিয়াম, মেগনেছিয়াম, মেংগানিজ, ফচফৰাছ,জিংক, চডিয়াম, পতাচিয়াম থাকে যিবোৰ আমাৰ শৰীৰৰ বাবে অত্যন্ত উপকাৰী উপাদান। Assamese Health Tips ) 


পুষ্টিকাৰক ৰঙালাও গুটিৰ উপকাৰী গুণসমূহ তলত থুলমূলকৈ দাঙি ধৰা হৈছে -


(১)বিভিন্ন প্ৰকাৰৰ ভিটামিন বি কম্প্লেক্স, জিংক, এন্টিঅক্সিডেন্ট থকাৰ বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা (immunity) বৃদ্ধি কৰে। বৰ্ষা ঋতুৰ সময়ত হোৱা বিভিন্ন সংক্ৰামক ৰোগৰ পৰা শৰীৰক বচাই ৰাখে। সেয়েহে এই সময়ত ৰঙালাও গুটিৰ বিভিন্ন ব্যঞ্জন খাব লাগে।


(২)ইয়াত প্ৰচুৰ পৰিমাণে মেগনেছিয়াম, জিংক, এন্টিঅক্সিডেন্ট, আৱশ্যকীয় ফেটি এচিড থকা বাবে হাৰ্টৰ বাবে উপকাৰী । মেগনেছিয়াম থকা বাবে ব্লাড প্ৰেচাৰ নিয়ন্ত্ৰণ কৰে, হাৰ্ট এতেক, স্ট্রোকৰ সম্ভাৱনা দূৰ কৰি হাৰ্টৰ সুস্থ আৰু সৱল কৰি ৰাখে।


(৩)ডায়েবেটিচ ৰোগতো ৰঙালাও গুটি উপকাৰী। ইয়াত থকা কিছুমান বিশেষ যৌগ যেনে জিংক আদিয়ে তেজৰ শৰ্কৰা বা ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।


(৪). পুৰুষৰ প্ৰষ্ট্ৰেট গ্ৰন্থিৰ সমস্যাত ৰঙালাও গুটি উপকাৰী। ইয়াত থকা জিংক প্ৰষ্ট্ৰেট গ্ৰন্থিৰ কাৰ্যক্ষমতা অটুট ৰাখে। তদুপৰি ইয়াত থকা DHEA ( Dehydro- epi- androstenedione) এ প্ৰষ্ট্ৰেট গ্ৰন্থিৰ কেঞ্চাৰ হোৱাতো বাধা দিয়ে। Assamese Health Tips ) 


(৫)মহিলাৰ ৰজোনিবৃত্তিৰ (menopause) সময়ত দেখা দিয়া বিভিন্ন সমস্যা দূৰ কৰাত ই সহায় কৰে। ইয়াত থকা অমেগা 3 আৰু অমেগা 6 ফেটি এচিড আৰু প্ৰাকৃতিক উপাদান ফাইট'ইস্ত্ৰজেনে (phytoesterogen) শৰীৰৰ বাবে উপকাৰী কলেষ্টেৰল HDL ৰ পৰিমাণ বৃদ্ধি কৰে আৰু অপকাৰী কলেষ্টেৰল LDL ৰ পৰিমাণ হ্ৰাস কৰে, গাঁঠিৰ বিষ, মূৰৰ বিষ,উচ্চ ৰক্তচাপ আদি বিভিন্ন ৰজোনিবৃত্তিজনীত সমস্যাসমূহ ( postmenopausal symptoms) দূৰ কৰে।


(৬)নিদ্ৰাহীনতা (Insomnia) দূৰ কৰাত ৰঙালাও গুটি খুৱেই উপকাৰী। ইয়াত থকা ট্ৰিপত'ফেন (tryptophan), জিংক আৰু মেগনেছিয়ামে নিদ্ৰাৰ বাবে উপকাৰী হৰম'ন প্ৰস্তুত কৰাত মূখ্য ভূমিকা পালন কৰে।


(৭)চুলি সৰা (hair fall) সমস্যাতো সুফল পোৱা যায়, কাৰণ ইয়াত বিভিন্ন প্ৰকাৰৰ ভিটামিন(ভিটামিন B, ভিটামিনC, ভিটামিনE আদি),প্ৰটিন, আইৰণ, জিংক ,কেলচিয়াম আদি আছে। চুলিৰ সুস্বাস্থ্যৰ বাবে ভিটামিন ,আইৰণ আৰু প্ৰটিনৰ খুব প্ৰয়োজন। লগতে চুলিকোচা স্বাস্থ্যবান আৰু উজ্জ্বল কৰাতো ই সহায় কৰে। পুৰুষৰ চুলি সৰা সমস্যাতো ৰঙালাও গুটি খালে সুফল পাব।


(৮)গাঁঠিৰ বিষত (Arthritis) ৰঙালাও গুটি উত্তম পথ্য।


(৯)ইয়াত থকা আঁহ বা ফাইবাৰে (dietary fiber)শৰীৰৰ অলাগতিয়াল চৰ্বি কমাই ওজন নিয়ন্ত্ৰণ কৰাত সহায় কৰে।


(১০)এন্টিঅক্সিডেন্ট আৰু ফাইবাৰ থকা বাবে যকৃত বা লিভাৰৰ বাবেও উপকাৰী।


ইমানবোৰ ঔষধি গুনেৰে ভৰপূৰ ৰঙালাও গুটি আমাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰা উচিত। 

বি: দ্ৰ:-ৰোগত পথ্য অপথ্যৰ ভূমিকা নিশ্চয় আছে । সেয়েহে ৰোগ চাই খাদ্য গ্ৰহণ কৰা উচিত। পেটৰ বিভিন্ন অসুখত ভোগা ৰোগী, কিডনিৰ সমস্যাত ভোগা ৰোগী, গৰ্ভৱতী মহিলা, শিশুৱে ৰঙালাও গুটি সেৱন কৰোতে অলপ সাৱধান হোৱা উচিত।


এনেধৰনৰ স্বাস্থ্যজনিত লেখা আৰু পঢ়িবলৈ এই লিংকত ক্লিক কৰক - www.স্বস্থ্যবাৰ্তা.smj24.in



Assamese Health Tips

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় আয়োৰ্বেদিক চিকিৎসক ৰেইনী দেৱী ডাঙৰীয়াণীৰ (যোগাযোগ - ৭৩৯৯১১৪৬১৭)আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ।  Assamese Health Tips ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages