লংৰ উপকাৰিতা : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, August 9, 2022

লংৰ উপকাৰিতা : Assamese Health Tips

Assamese Health Tips


আমাৰ দৈনন্দিন জীৱনত বিভিন্ন মছলা আমি ব্যৱহাৰ কৰোঁ। এই মছলাবোৰে খাদ্য সোৱাদ যুক্ত কৰাৰ লগতে মছলাবোৰত থকা ঔষধি গুণে শৰীৰৰ বিভিন্ন উপকাৰ সাধন কৰে। তেনেধৰণৰ এবিধ ঔষধি গুণেৰে সমৃদ্ধ মছলা হৈছে লং। ( Assamese Health Tips )


১)দাঁতৰ ৰোগৰ নিৰাময়ৰ বাবে-লং তেল বহু উপকাৰী।লঙে মুখৰ দুৰ্গন্ধ আঁতৰ কৰে।দাঁতৰ বিষ লং তেলে নিৰাময় কৰে আৰু দাঁতৰ আলুত হোৱা সংক্ৰমণো দূৰ কৰে।


২/মূৰৰ বিষত লং উপকাৰী।লং বটি প্ৰলেপ বনাই তাত অলপমান নিমখ মিহলাই মূৰত লগালে বিষ হ্ৰাস হয়।


৩/কাণৰ বিষৰ বাবে লং উপকাৰী।কাণ বিষ হলে-লং তেল-২/৩টোপাল কাণত দিলে-কাণৰ বিষৰ পৰা পৰিত্ৰাণ পোৱা যায়।


৪/পেটৰ সমস্যা যেনে-পেটৰ বিষ,বদহজমি,এচিডিটি,

অৰ্জীণ,বায়ু সমস্যা আদি যোগ লঙে নিৰাময় কৰে।


৫/লঙে ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰণত ৰাখে। ( Assamese Health Tips )


৬/ছালৰ খজুৱতি ৰোগৰ বাবে লং যথেষ্ট উপকাৰী।ছালত খজুৱতি হলে লং তেল লগালে-খজুৱতিৰ পৰা হকাহ পাব পাৰি।


৭/লংৰ ব্যৱহাৰে শৰীৰৰ বেক্টেৰিয়াসমূহ নাশ কৰে।


৮/কাঁহ-ডিঙিৰ সুৰ সুৰনি আদি ৰোগৰ বাবে লং উপকাৰী।কুহুমীয়া পানীৰ সৈতে লং উতলাই সেই পানীৰে কুলকুল কৰিলে-কাঁহ নিৰাময় হয়।


৯/চুলি সৰা হ্ৰাস কৰা আৰু চুলিৰ ঘনত্ব বঢ়োৱাত লং যথেষ্ট উপকাৰী।


১০/শৰীৰৰ হাড়ৰ বিষ,মাংস পেশীৰ বিষো লঙে আঁতৰ কৰে।


১১)বমি বমি লাগি থকা ভাব লঙে দূৰ কৰে।লংৰ সৈতৈ মৌ ৰস মিহলাই সেৱন কৰিলে বমি ভাৱ দূৰ হয়।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।  ( Assamese Health Tips )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

No comments:

Post a Comment

Advertisement

Pages