আপোনাৰ দাঁতৰ ৰং হালধীয়া নিকি! পাকঘৰতে আছে দাঁত বগা কৰাৰ উপায়। ( Assamese Health Tips )
এজন ব্যক্তিৰ হাঁহি তেওঁৰ ব্যক্তিত্বৰ প্ৰতীক আৰু হাঁহিলে বহুত ৰোগৰ পৰা মুকলিকে সকাহ প্ৰদান কৰে। এই কথাটো সকলোৱে জানে তথাপিও সকলোৱে হাঁহিব নাজানে।
বহুলোকে কেৱল দাঁত হালধীয়া হোৱাৰ বাবে হাঁহিব নোঁৱাৰে। যদি আপুনিও এই সমস্যাত ভুগি আছে, তেন্তে কিছুমান সহজ ঘৰুৱা প্ৰতিকাৰ আছে, যি আপোনাৰ দাঁতৰ হালধীয়া আঁতৰ কৰাত সহায় কৰিব পাৰে।
দাঁত ভালদৰে পৰিষ্কাৰ নকৰা, অত্যাধিক চাহ কফি খোৱা, চিগাৰেট, গুটখা বা ধঁপাত আদি খোৱাৰ ফলত দাঁত হালধীয়া হৈ পৰে। অৱশ্যে কেতিয়াবা জেনিটিক কাৰণত দাঁত হালধীয়া হয়। কিছুমান ঔষধ আছে যাৰ ফলত দাঁত হালধীয়া বা কলা হয়।
যদিও দন্ত চিকিৎসকে দাঁত পৰিষ্কাৰ কৰে, কিন্তু কিছুমান ঘৰুৱা প্ৰতিকাৰ আছে, যিয়ে দাঁত হালধীয়া হোৱা আঁতৰ কৰিব পাৰে।
১) আপুনি দাঁতৰ হালধীয়া হোৱা আঁতৰাবলৈ বিলাহী কমলাৰ বাকলি আৰু নিমখ ব্যৱহাৰ কৰক। বিলাহী আৰু কমলাত এন্ট্রি প্ৰপাটিজ থাকে। যি টাৰ্টাৰ বঢ়োৱা বেক্টেৰিয়াৰ ওপৰত দ্ৰুত প্ৰভাৱ পেলায়। এই তিনিওবিধকে একেলগে গুড়ি কৰক, তাৰ পাছত এই মিশ্রণটো টুথব্ৰাছত লগাই লাহে লাহে দাঁত বোৰ পৰিষ্কাৰ কৰক। তাৰপাছত আপোনাৰ নিয়মীয়া টুথপেষ্টেৰে পুনৰ ব্ৰাছ কৰক। ( Assamese Health Tips )
২/আপুনি নাৰিকল তেল আৰু বেকিং চডা ব্যৱহাৰ কৰিও এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে। নাৰিকল তেল, বেকিং চডা, আৰু নিমখক একেলগে মিহলি কৰক আৰু ইয়াক আঙুলিৰে দাঁত পৰিষ্কাৰ কৰক। মন কৰিব এই মিশ্রণটো মাহত দুবাৰহে ব্যৱহাৰ কৰক। যদি আপোনাৰ দাঁতৰ সংবেদনশীলতাৰ (Sensitivity) দৰে সমস্যা আছে, তেন্তে বেকিং চডা থকা এই মিশ্ৰণটো একেবাৰে ব্যৱহাৰ নকৰিব।
৩) আপুনি দাঁতৰ পৰা হালধীয়া ৰং আঁতৰাবলৈ কলৰ বাকলি ব্যৱহাৰ কৰিব পাৰে। দাঁতত কলৰ বাকলিৰে মালিচ কৰিলে, দাঁতৰ হালধীয়া ৰং আঁতৰ হয়।
৪/আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হল যে, আপুনি যিকোনো বস্তু খোৱা বা পান কৰাৰ পাছত নিশ্চিয় কুলি কুলি কৰক। কুলি কুলি কৰিলে দাঁতত লাগি থকা খাদ্য ওলাই যায়। যাৰ দ্বাৰা আপোনাৰ দাঁত পৰিষ্কাৰ আৰু স্বাস্হ্যৱান হৈ থাকে।
৫) নিমে এন্টিচেপ্তিকৰ দৰে কাম কৰে, যি দাঁতৰ ক্ষয় প্ৰতিহত কৰে। নিমৰ দৈনিক ব্যৱহাৰ মুখৰ দুৰ্গন্ধৰ পৰা সকাহ দিয়ে আৰু আনকি দাঁতৰ কেবিটিও নহয়। যদি আপুনি নিম দাঁতত ব্যৱহাৰ কৰিব নোঁৱাৰে, তেন্তে আপোনাৰ টুথপেষ্টত নিম তেল মিহলাই ব্ৰাছ কৰক। ইয়াৰ দ্বাৰাও আপুনি লাভাম্বিত হব।।।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Health Tips )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
No comments:
Post a Comment