সৰিয়হে আপোনাৰ এই বেমাৰবোৰ তৎক্ষণাৎ দূৰ কৰিব : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, August 7, 2022

সৰিয়হে আপোনাৰ এই বেমাৰবোৰ তৎক্ষণাৎ দূৰ কৰিব : Assamese Health Tips

Assamese Health Tips


সৰিয়হ এবিধ শাক।ইয়াৰ গুটিৰ পৰা দৈনন্দিন জীৱনত-সচৰাচৰ ব্যৱহাৰ কৰা সৰিয়হ তেল বা মিঠাতেল পোৱা যায়। ( Assamese Health Tips )


সৰিয়হ গছৰ ফুলবোৰ হালধীয়া।ইয়াৰ গুটিবোৰ মটৰ গুটিৰ দৰে আৱৰণৰ ভিতৰত থাকে।পূৰঠ হলে সেই আৱৰণবোৰ ফাটি যায় আৰু তাৰ ভিতৰৰ পৰা অসংখ্য নিচেই সৰু গুটি ওলায়।সৰিয়হ দুবিধ।হালধীয়া গুটিৰ সৰিয়হক বগা সৰিয়হ আৰু ক'লা-মূগা চানেকীয়া সৰিয়হক ক'লা সযিয়হ বোলা হয়।সৰিয়হক মচলা হিচাপেও ব্যৱহাৰ কৰা হয়।


*সৰিয়হৰ উপকাৰিতাসমূহ-


১)সৰিয়হ মিহিকৰি পিহি শালমইনা হোৱা স্থানত লগালে শালমইনাৰ দাগ আঁতৰে।


২/ক'লা সৰিয়হৰ আঞ্জা কুষ্ঠ ৰোগীৰ বাবে উপকাৰী।


৩/গোধ ৰোগত বগা সৰিয়হ আৰু চজিনা গছৰ ছাল মিহিকৰি পিহি লগালে ৰোগ সোনকালে নিৰাময় হয়।


৪/দাঁতত হালধীয়া দাগ পৰিলে-নিমখ,চৌদাখাৰ,নেমু টেঙাৰ ৰস আৰু সৰিয়হ তেল মিহলাই ঘঁহিলে দাঁত পৰিষ্কাৰ হয়। ( Assamese Health Tips )


৫/কিছুমান ছোৱালীৰ মাহেকীয়া হোৱাৰ সময়ত পেটৰ বিষ হয়।সৰিয়হ পিহি গৰম কৰি পেটত লগালে আৰাম পোৱা যায়।


৬/নহৰু আৰু সৰিয়হ তেল মিহলাই মালিচ কৰিলে বিত বিষত আৰাম পোৱা যায়।


৭/কেতিয়াবা চূণে ডাকে।তেতিয়া সৰিয়হৰ তেল ডকা অংশত লগালে আৰাম পোৱা যায়।


৮/টোপনি কম হলে-নেমুৰ ৰস আৰু সৰিয়হৰ তেল মিহলাই ভৰিত ঘঁহিলে টোপনি ভাল হয়।


৯/গা-ধোৱাৰ সময়ত জাৰকালি কেচাঁ সৰিয়হৰ তেলেৰে মাৰিচ কৰি গা-ধূলে ঠাণ্ডা লগাৰ ভয় নেথাকে।


১০)তলপেটত সৰিয়হৰ তেলেৰে মালিচ কৰিলে-শৌচ খুলুচা হয়।


১১)মিঠাতেলৰ চাকি জ্বলাই অলপ জ্বলোতেই শলিতাডাল নুমাই সেই গৰম তেল নখত দিলে নখচুকীয়া ৰোগ ভাল হয়।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।  ( Assamese Health Tips )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

No comments:

Post a Comment

Advertisement

Pages