মুখৰ বিষৰ দৰে কিছুমান শৰীৰৰ পৰিৱৰ্তনক উপেক্ষা নকৰিব। ই হব পাৰে, হৃদয়ৰোগৰ লক্ষণ। ( Assamese Health Tips )
*সকলো বয়সৰ মানুহে হৃদয়ৰোগৰ আক্রান্ত হোৱা দেখা যায়। ইয়াৰ বাবে কিছুমান কথাৰ প্ৰতি যত্ন লোৱাটো অতি গুৰুত্বপূৰ্ণ। মুখৰ বিষ মৃদু হৃদয়ৰোগৰ লক্ষণো হব পাৰে। যদি বুকুৰ বিষ অস্থিৰতা আৰু অত্যাধিক ঘাম ওলোৱাৰ সমস্যা হয়, তেতিয়া এইবোৰ হৃদয়ৰোগৰ লক্ষণো হব পাৰে। সেইবাবে এনেধৰণৰ লক্ষণ উপেক্ষা কৰা উচিত নহয়।
*হৃদয়ৰোগৰ এই লক্ষণ বোৰ উপেক্ষা নকৰিব।
১/মুখৰ বিষ-মুখৰ খাদ্য চোবোৱা অংশত বিষ অনুভৱ হোৱাটো মৃদু হৃদয়ৰোগৰ লক্ষণ হব পাৰে। এই বিষ মুখৰ পৰা আৰম্ভ হয় আৰু ডিঙিলৈ বিয়পি পৰে। এই বিষ যদি হঠাৎ হয়, তেন্তে ই হৃদয়ৰোগৰ লক্ষণ হব পাৰে।
২/হাতৰ বিষ আৰু জিনজিননি-হাতৰ বিষ বা জিনজিননি-অনুভৱ কৰাটো মৃদু হৃদয়ৰোগৰ লক্ষণ হব পাৰে। এই বিষ বুকু আৰু ডিঙিলৈ গৈ বিষ বাঢ়ি যাব পাৰে। ( Assamese Health Tips )
৩/হঠাৎ ঘাম ওলোৱা-
যদি কাৰোবাৰ নিশা হঠাৎ ঘাম ওলোৱা আৰম্ভ কৰে, তেনেহলে ই হৃদয়ৰোগৰ লক্ষণ হব পাৰে। ইয়াক উপেক্ষা নকৰিব।
৪/উশাহ চুটি হোৱা আৰু মূৰ ঘূৰোৱা- যদি কাৰোবাৰ চিৰি বগাই থাকোঁতে উশাহ চুটি হোৱা আৰম্ভ হয়, তেতিয়া গম পাব পাৰি যে, হৃদযন্ত্রই সঠিক ভাৱে কাম কৰা নাই। ইয়াৰ বাহিৰেও উশাহ লোৱাত অসুবিধা, মূৰ ঘূৰোৱা আৰু বুকুৰ বিষ হৃদয়ৰোগৰ লক্ষণ হব পাৰে।
৫) পেটৰ বিষ- পেটৰ বহুতো সমস্যা হৃদয়ৰোগৰ লক্ষণ হব পাৰে। হিকটি অহা, পেটৰ বিষ হৈছে, মৃদু হৃদয়ৰোগৰ লক্ষণ।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Health Tips )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
No comments:
Post a Comment