ভাৰতবৰ্ষৰ প্ৰখ্যাত আয়ুৰ্বেদাৰ্য্যসকলে কোমোৰাৰ প্ৰয়োগৰ বিষয়ে একমুখে কি পৰামৰ্শ আগবঢ়াইছে জানি‌ লওক : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, August 15, 2022

ভাৰতবৰ্ষৰ প্ৰখ্যাত আয়ুৰ্বেদাৰ্য্যসকলে কোমোৰাৰ প্ৰয়োগৰ বিষয়ে একমুখে কি পৰামৰ্শ আগবঢ়াইছে জানি‌ লওক : Assamese Health Tips

Assamese Health Tips


অসমীয়া গৃহিনীসকলৰ সুস্বাদু ব্যঞ্জনৰ তালিকাত জালি কোমোৰাই অতীতৰ পৰাই এক মহত্বপূৰ্ণস্থান দখল কৰি আহিছে৷  Assamese Health Tips )


কোমোৰাৰে বনোৱা ঘাইকৈ উত্তৰ ভাৰতৰ আগ্ৰা চহৰত উপলব্ধ 'পেথা' নামৰ মিঠাইৰ স্বাদ হয়তো আপোনালোকৰ বহুতে লৈছে৷ আপোনালোকে হয়তো নাজানে পাকিস্তান দেশতো পেথা হ'ল এক সম্ভ্ৰান্ত মিঠাই৷ আকৌ শকত থুলন্তৰ মানুহৰ দেহাটোক কোমোৰাৰ সৈতে ৰিজনি নিদিয়ে জানো ? পিছে এই কোমোৰাৰ গুণাৱলী আপোনালোকৰ কিমানে জানে ? সেই কোমোৰাৰ বিষয়ে কিছু অজানা কথা মই আজি আপোনালোকক অৱগত কৰিব ওলাইছোঁ৷


কোমোৰাৰ প্ৰাথমিক উৎপত্তিস্থল হ'ল চীন,জাপান,মালেয়চিয়া আৰু ইণ্ডোনেচিয়া ৷ কালক্ৰমত কোমোৰাৰ সঁচ ভাৰত,পাকিস্তান,বাংলাদেশ আৰু দক্ষিণ পূৱ এচিয়াৰ আন দেশলৈকো বিয়পি পৰে৷ ৫ম আৰু ৬ষ্ঠ শতিকাৰ চীনা গ্ৰন্থাৱলীত কোমোৰাৰ বৰ্ণনা পোৱা যায়৷


কোমোৰাৰ বৈজ্ঞানিক নাম হ'ল Benincasa hispida ৷ ই তিঁয়হৰ সৈতে একে বংশৰ (Cucurbitaceae family) ৷ ইংৰাজী নাম কেইবাটাও যেনে- Ash gourd, White gourd , Winter Melon,Wax gourd, Green Pumkin, Tallow gourd, Chinese watermelon ৷ অসমীয়াত কোমোৰা, চাল কোমোৰা,কুষ্মাণ্ড বুলে৷ বাংলাত জনা যায় কুষ্মাণ্ড, কুমোড়, চাল কুমড়া নামেৰে৷ হিন্দীত পেথা আৰু পেথাকড্ডু বুলে৷ সংস্কৃতত বুলে বৃহৎফলা, গ্ৰাম্যকৰ্কটি, কুষ্মাণ্ড৷ আন ভাষাত পৰিচয় হ'ল এইদৰে- মণিপুৰি (টৰোবট),মাৰাঠী (কোহলা),তামিল (নীৰ পোচানিকাই),মলয়ালম (কুম্বলংগা),মিচিং (পাৰো টাপা), কানাড়া (বুদেকুম্বালাকায়ী), ডিমাচা (খাউখ্লু ),টাই (ফাক্ পাক)৷


কোমোৰা হ'ল বৰ্ষজীৱী লতা৷ ইয়াত প্ৰায় ৩ইঞ্চি বহল হালধীয়া ফুল ফুলে৷ শুং থকা পাতৰ আকৃতি কলিজাৰ দৰে৷ ফল পোনতে সেউজীয়া মিহি নোমযুক্ত হয়৷ কিন্তু পূৰঠ হ'লে হয় মিহি, বগা ছাই বৰণৰ যেন তাত মমৰ প্ৰলেপ সনা হৈছে৷ কোমোৰাৰ আকৃতি দীঘলীয়া বা ঘূৰণীয়া হব পাৰে৷ একোটা দীঘল কোমোৰা ১৬ইঞ্চিলৈকে দীঘল হব পাৰে৷ কোমোৰাৰ গুটিৰ আকৃতি দীঘল ১চেন্টিমিটাৰ মানৰ৷ কোমোৰা হ'ল এবিধ শীতল ফল,য'ত ৯৬শতাংশ পানী থাকে৷ ইয়াৰ স্বাদ প্ৰায় তিঁয়হৰ দৰেই৷ পূৰঠ কোমোৰা ৩৷৪মাহলৈ বেয়া নোহোৱাকৈ সংৰক্ষণ কৰি থব পাৰি৷


বিশ্বৰ বিভিন্ন দেশত কোমোৰাৰ গুণাৱলীৰ ওপৰত বৈজ্ঞানিক বিশ্লেষণ আৰু প্ৰয়োগ কৰি অহা হৈছে৷ তাৰে কেইটামান পাঠকৰ আগত ডাঙি ধৰিলোঁ :

• ১৯৯৫চনত চলোৱা অধ্যয়নৰ মতে কোমোৰাৰ দ্বাৰা কিডনি বিকল হোৱা (CKD) বিলাতি এন্দুৰৰ কিডনিৰ উন্নতি ঘটোৱা পৰিলক্ষিত হয়৷ ( Jiangsu Journal of Agricultural Sciences)

• ২০০০চনত কৰা পৰীক্ষাৰ মতে মৰফিনৰ নিচাসক্তিৰ চিকিৎসাত কোমোৰা ফলপ্ৰসু ৷ (Fitoterapiaত প্ৰকাশিত)৷ 

• বিলাতী এন্দুৰৰ পাকস্থলীৰ ঘাঁ শুকোৱা গুণ কোমোৰাত দেখা গ'ল ২০০১চনত (Journal of Ethnopharmacologyত প্ৰকাশিত তথ্য)

• ডায়েবেটিজৰ চিকিৎসাৰ বাবে কোমোৰা উপকাৰী ৷ কিয়নো বিলাতী এন্দুৰৰ তেজৰ গ্ল'কজৰ পৰিমান কমায়,ইনচুলিনৰ সক্ৰিয়তা বৃদ্ধি কৰে আৰু অপকাৰী ক'লষ্টেৰলৰ পৰিমান হ্ৰাস কৰে৷ ( ২০০৩চনৰ Korean Journal of Nutritionত প্ৰকাশিত তথ্য) 

• ২০০৩চনত প্ৰকাশিত তথ্য মতে বিলাতী এন্দুৰৰ মানসিক উদাসীনতা (Depression) কোমোৰাৰ ভক্ষনে আতৰ কৰে৷ (Indian Journal of Pharmacologyত প্ৰকাশিত তথ্য)

• ২০০৫চনত প্ৰকাশ হোৱা তথ্যমতে কোমোৰাৰ এন্টিডায়ৰিয়েল গুণ প্ৰমাণিত হৈছে ৷ (Indian Journal of Pharmacologyত প্ৰকাশিত)

• বিলাতী এন্দুৰত পৰীক্ষা কৰি দেখা গ'ল কোমোৰাৰ প্ৰয়োগে টিউমাৰৰ তেজৰ প্ৰবাহত বাধা দিয়ে যাৰ ফলত কৰ্কট ৰোগৰ বৃদ্ধি বাধা প্ৰাপ্ত হয়৷ ( ২০০৫চনত Journal of Ethnopharmacologyত প্ৰকাশ কৰা মতে )

• কোমোৰাত এন্টি-ইনফ্লেমেটৰি আৰু বিষনাশক গুণ দেখা গৈছে ৷ (International Journal of Pharmacologyৰ ২০১০চনত প্ৰকাশিত তথ্য)


* এতিয়া ভাৰতবৰ্ষৰ প্ৰখাত আয়ুৰ্বেদাৰ্য্যসকলে কোমোৰাৰ প্ৰয়োগৰ বিষয়ে একমুখে কি পৰামৰ্শ আগবঢ়াইছে সেয়া চাওক :


১- নানাবিধ পাক প্ৰণালীৰ বিকাৰ,শৰীৰৰ কিডনি,লিভাৰ,হৃদযন্ত্ৰ আদি ভালে ৰাখিবলৈ নিয়মীয়াকৈ কোমোৰাৰ ৰস পান কৰা উচিত৷

২-ডায়েবেটিজ নিয়ন্ত্ৰণৰ বাবে কোমোৰাৰ ৰসৰ সৈতে বেলপাতৰ ৰস মিহলাই খালে উপকৃত হব৷

৩- ৰক্তহীনতা আতৰোৱাত কোমোৰাৰ ৰসৰ সৈতে নৰসিংহ পাতৰ ৰস মিহলাই খালে সেই মিশ্ৰণে হাৰ্বেল টনিকৰ দৰে ক্ৰিয়া কৰে৷ Assamese Health Tips )


৪- থাইৰয়েডৰ বিকাৰ আতৰ কৰিবলৈকোমোৰাৰ ৰসৰ সৈতে ধনীয়া পাতৰ ৰস মিহলাই খাব লাগে৷

৫-পচলাৰ ৰস আৰুকোমোৰাৰ ৰসৰ মিশ্ৰণ বসন্ত ৰোগীৰ বাবে সহায়কাৰী৷


কোমোৰাৰ ৰস কেনেকৈ ওলিয়াব আৰু কেনেকৈ খাব?

কোমোৰাৰ বাকলি আৰু গুটি অংশ কাটি আতৰাই লব৷ কোমোৰা যিমানে বেচি পূৰঠ হয় ৰস সিমানে বেচি স্বাদিষ্ট হয়৷ প্ৰায় দেড়শ গ্ৰাম কোমোৰাৰ পৰা এগিলাচ ৰস ওলায়৷ সৰু সৰুকৈ কূটা কোমোৰাৰ টুকোৰা মিক্সাৰ বা জুচাৰৰ সহায়ত ৰস ওলিয়াবলৈ ব্যৱহাৰ কৰক৷ মিক্সাৰৰ পিচাখিনি পাতল কপাহী কাপোৰৰে চেকি লব৷ সেই সিঠাখিনি পেলাই নিদি মূৰৰ চুলি বা ছালত ঘঁহিব পাৰিব৷ উফি,খহু, ব্ৰণ আদি আতৰ কৰাত সহায়ক হব৷ কোমোৰাৰ ৰসত নিমখ, মছলা,নেমু আদি নিমিহলাব৷ ফ্ৰিজত ভৰাই নথৈ সতেজ বা ফ্ৰেচ অৱস্থাতেই ঘটঘটকৈ পি নাখাই এঘুট এঘুটকৈ লাহে ধীৰে খাব৷ পুৱা খালি পেটত নিতৌ এগিলাচ ৰসৰ সেৱন এনেদৰে কৰক৷ এক দেড় ঘন্টালৈ আন গোটা খাদ্য গ্ৰহণ নকৰিব৷ সজীৱতা উপলব্ধি কৰাৰ ওপৰিও কোমোৰাৰ আন আন গুণৰ দ্বাৰা আপুনি উপকৃত হব ৷ কোমোৰাৰ ৰসক সকলো ৰসৰ ভিতৰত সৰ্বোত্তম (King of all juices) বুলি গণ্য কৰা হয়৷


কোমোৰা কেনেদৰে ব্যৱহৃত হয়?

সুস্বাস্থ্যৰ বাবে ৰস ওলিয়াই খোৱাৰ ওপৰিও কোমোৰা ভাজি-তৰকাৰী বা আঞ্জাত দি ৰান্ধি নাইবা কেঁচাই চালাড,ৰায়তা আদি বনাই খাব পাৰি৷ দক্ষিণ ভাৰতৰ লোক সকলে নৰসিংহ,নাৰিকল আৰু পিঠা গুড়িৰ সৈতে পিঁয়াজ-নহৰু আদি দি জুতি লগাই ৰান্ধি খায়৷ অসমীয়া ৰন্ধনশালৰ কথা মই নকলেও আপোনালোকে জানেই৷


কোমোৰাত কি কি লাগতিয়াল তত্ব থাকে?

কোমোৰা হ'ল প্ৰটিন,কাৰ্বোহাইড্ৰেট,ডায়েটেৰী ফাইবাৰ, এন্টিঅক্সিডেন্ট, ভিটামিন আৰু লাগতিয়াল খনিজ তত্বৰ সমাহাৰ৷ ভিটামিন কেইবিধ হ'ল ভিটামিন-চি, নিয়াচিন,ৰাইব'ফ্লেবিন,থায়ামিন৷ খনিজ কেইবিধ হ'ল মেগনেচিয়াম, মেংগানিজ,আইৰন,জিংক আৰু ফচফ'ৰাচ৷ ইয়াত থকা পানীৰ পৰিমাণ হ'ল ৯৬শতাংশ৷ কোমোৰাৰ ৰস হ'ল এলকেলাইন (পিএইচ ৭.২) অৰ্থাৎ খাৰুৱা স্বাদৰ৷


কোমোৰাৰ বহুমুখী উপকাৰিতাৰ তালিকা:

• পাক প্ৰণালীৰ অনেক উপকাৰ কৰে৷ সেইবিলাক হ'ল এচিডিটি কমোৱা,অজীৰ্ণ-বদহজমি আতৰ কৰা, হাগনি আৰু শৌচ-কচা আতৰ কৰা, পাকস্থলীৰ ঘাঁ শুকোৱাত সহায়ক হোৱা আদি৷

• ৰক্তক্ষৰণ ৰোধ কৰা- নাকৰ আৰু দাঁতৰ আলুৰ তেজ ওলোৱা বন্ধ কৰে৷

• ডায়েবেটিজৰ নিয়ন্ত্ৰণত ফলপ্ৰসু৷ 

• শ্বাসপ্ৰণালীৰ ৰোগ যেনে হাঁপানি,চৰ্দি, নিউমোনিয়া আদিৰ চিকিৎসাত উপযোগী৷ 

• হৃদৰোগীৰ বাবে লাভজনক খাদ্য- ৰক্তচাপ নিয়ন্ত্ৰণ, তেজৰ অপকাৰী ক'লেষ্টৰল হ্ৰাস কৰা আদি গুণসমৃদ্ধ৷

• মেদবহুলতা কমোৱা আৰু শকত লোকৰ ওজন হ্ৰাস কৰাত সহায়ক৷

• চুলিৰ শ্ৰীবৃদ্ধি কৰা উফি আতৰ কৰাত সহায়ক৷ 

• ছালৰ কমনীয়তা আৰু উজ্বলতা বঢ়ায়৷ ব্ৰণ,খহু আদি ভাল কৰে৷ ছালৰ দাগ আতৰ কৰে৷ 

• জুইয়ে পোৰাৰ চিকিৎসাত কোমোৰা পিচি প্ৰলেপ দিব লাগে৷

• নানাবিধ মানসিক ৰোগ যেনে মৃগী,ডিপ্ৰেচন, স্মৃতিলোপ পোৱা আদিৰ ক্ষেত্ৰত কোমোৰা উপযোগী৷ কোমোৰাই মগজুৰ ভবা-চিন্তাৰ মেধা শক্তি বঢ়ায়৷ অপ্ৰিয় হলেও শুনা কথা আমাৰ দেশতেই কোনো কোনো ঠাইত তথাকথিত উচ্চবৰ্ণৰ লোকে নিম্নবৰ্গৰ লোকক কোমোৰা খোৱা বাৰন কৰিছিল৷

• টেনচন,ষ্ট্ৰেচ আদিৰ ফলত হোৱা নিদ্ৰাহীনতা কোমোৰাই আতৰ কৰে৷

• ডায়েবেটিজ ৰোগীৰ বাবে উপযোগী খাদ্য৷

• তেজ পৰিশোধন কৰে৷

• প্ৰসাবৰ সংক্ৰমণ আতৰ কৰে৷ মূত্ৰ প্ৰণালীৰ পাথৰ নিষ্কাশনত সহায়ক৷

• আয়ুৰ্বেদিক চিকিৎসকৰ মতে সকলো ধৰণৰ পেলু,ঘাইকৈ ফিটা পেলু নিৰ্মূল কৰাৰ দাবী ৷

• শৰীৰৰ ইমিউনিটি বঢ়ায়৷

• কৰ্কট ৰোগৰ নিয়ন্ত্ৰণত ভূমিকা আগবঢ়োৱাৰ প্ৰচুৰ সম্ভাৱনা দেখা গৈছে৷


সতৰ্কতা –

-গৰ্ভৱতী মহিলাই গৰ্ভাৱস্থাৰ প্ৰথম ৩মাহত কোমোৰা নোখোৱাটো বাঞ্চনীয়৷

-কাচিৎ কোনো লোকৰ কোমোৰা খাই কিবা পাৰ্শ্বক্ৰিয়া দেখা দিলে তাৰ প্ৰতিকাৰ কৰিবলৈ পদিনা পাত,লং,জিৰা নহলে শুকান আদা ব্যৱহাৰ কৰিব লাগে৷


ডা০ ভূপেন শইকীয়া


উৎস : ফেচবুক 


বি:দ্ৰ: আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা বা বাতৰি  ইত্যাদি  আমাৰ ৱেবচাইটত প্ৰকাশ কৰিব বিচাৰে তেন্তে আপোনালোকৰ লেখাসমূহ আমাৰ ফেচবুক পেজ/ SMJ24 ৰ  মুখ্য পৰিচালনা সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্স প্রেৰণ কৰিবলৈ আহ্বান জনালো নিবাৰ্চিত লেখাসমূহ লেখকৰ নাম আৰু ছবিসহ আমাৰ ৱেবচাইটত প্ৰকাশ কৰা হব ।


 Assamese Health Tips )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages