মুখৰ দুৰ্গন্ধৰ পৰা পৰিত্ৰাণ পোৱাৰ কেইটামান ঘৰুৱা প্ৰতিকাৰ : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, August 9, 2022

মুখৰ দুৰ্গন্ধৰ পৰা পৰিত্ৰাণ পোৱাৰ কেইটামান ঘৰুৱা প্ৰতিকাৰ : Assamese Health Tips

Assamese Health Tips


মুখৰ দুৰ্গন্ধৰ বাবে আপুনি কেতিয়াবা লাজত পৰিছে নেকি! আহক জানো ইয়াৰ কাৰণ আৰু আঁতৰোৱাৰ ঘৰুৱা প্ৰতিকাৰ।   ( Assamese Health Tips )


মুখৰ পৰা দুৰ্গন্ধ অহাৰ ফলত আমি কেইবা'বাৰো লাজত পৰিবলগীয়া হয়। এনে ক্ষেত্রত মানুহে ৰাজহুৱা স্হানত কথা কবলৈ অনিচ্ছুক হয়। কিন্তু এই দুৰ্গন্ধ এটা মেডিকেল কনডিচন হয় যাক হেলিটোচিছ বুলি কোৱা হয়। কেতিয়াবা ইয়াৰ বাবে মানুহৰ আত্মবিশ্বাস কমি যায়। ইয়াৰ আটাইতকৈ ডাঙৰ কাৰণ হৈছে দাঁত আৰু মুখ সঠিকভাৱে পৰিষ্কাৰ নকৰা। মুখত বিকশিত হোৱা বেক্টেৰিয়া ইয়াৰ আটাইতকৈ ডাঙৰ কাৰণ। ইয়াৰ লগতে দাঁতত পোকে ধৰা বা দাঁতৰ আলুৰ সৈতে জড়িত কোনোধৰণৰ সমস্যা, পাইৰিয়া'ৰ দৰে সমস্যাও হব পাৰে। 


সকলোৱে নিশ্চয় লক্ষ্য কৰিছে যে, পুৱা মুখৰ পৰা দুৰ্গন্ধ ওলায়। এইটো সচৰাচৰ পুৱা হয়। কিয়নো ৰাতিটোৰ ভিতৰতে মুখত যথেষ্ট বেক্টেৰিয়া জমা হয় যায়, যাৰ ফলত ইয়াৰ পৰা দুৰ্গন্ধ ওলাবলৈ আৰম্ভ কৰে। ইয়াৰ বাবে কেৱল মানুহৰ সম্পর্কৰ ওপৰতে প্ৰভাৱ নপৰে, বৰঞ্চ বন্ধু বৰ্গৰ সৈতেও দূৰত্ব বাঢ়িবলৈ ধৰে। একে সময়তে শৰীৰত অত্যাৱশকীয় পুষ্টিৰ অভাৱৰ ফলটো এই সমস্যা হব পাৰে। গতিকে আজি কিছুমান ঘৰুৱা প্ৰতিকাৰ বিষয়ে আলোচনা কৰোঁ, যাক আপুনি মুখৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ ব্যৱহাৰ কৰিব পাৰে। 


মুখৰ দুৰ্গন্ধৰ পৰা পৰিত্ৰাণ পোৱাৰ কেইটামান উপায়-


ফিটকিৰি-

মুখৰ দুৰ্গন্ধ আঁতৰ কৰাত ফিটকিৰি যথেষ্ট সহায়ক হব পাৰে। ইয়াক ব্যৱহাৰ কৰিবলৈ এগিলাচ পানী লওক, আৰু ফিটকিৰি যোগ কৰক আৰু ২০মীনিটৰ বাবে থাকিবলৈ দিয়ক। তাৰ পাছত পানীখিনি চেকি এটা বটলত ৰাখি থওক। ৰাতিপুৱা ব্ৰাছ কৰাৰ পাছত এই পানীৰে দৈনিক কুলি কুলি কৰক। এনে কৰিলে মুখৰ দুৰ্গন্ধৰ সমস্যা আঁতৰ হয়।   ( Assamese Health Tips )


#লং-

লংত এন্টি বেক্টেৰিয়া গুণ পোৱা যায়। যিয়ে মুখৰ দুৰ্গন্ধৰ সমস্যা উপশম কৰাত সহায় কৰে। ই উশাহ সতেজ ৰখাত সহায়তা কৰে। যদি আপোনাৰ মুখৰ দুৰ্গন্ধৰ সমস্যা আছে, তেন্তে ৰাতিপুৱা উঠক আৰু ব্ৰাছ কৰাৰ পাছত লংৰ চাহ খাওক। পানীত এক চামুচ লং পাউডাৰ যোগ কৰি ১০ নিনিটৰ বাবে উতলাওক। তাৰ পিছত সেয়া সেৱন কৰক। এনে কৰিলে উশাহৰ দুৰ্গন্ধৰ সমস্যা আঁতৰ হব। 


#বেকিং পাউদাৰ-

মুখৰ দুৰ্গন্ধ আঁতৰ কৰাত বেকিং পাউডাৰ অতি কাৰ্য্যকৰী। প্রথমে ইয়াক ব্যৱহাৰ কৰিবলৈ এগিলাচ পানী লওক আৰু তাত আধা চামুচ বেকিং চডা মিহলাই লওক। দিনত কমেও এই পানীৰে দুবাৰ কুলি কুলি কৰক। ই মুখৰ দুৰ্গন্ধৰ সমস্যা আঁতৰ কৰিব। 


নিমখ পানী-

মুখৰ দুৰ্গন্ধৰ পৰা পৰিত্ৰাণ পাবলৈ নিমখ পানী মুখৰ ভিতৰলৈ লৈ কিছুসময় ৰাখি পেলাই দিব। এনেদৰে কেইদিন মান কৰিলে মুখত থকা বেক্টেৰিয়াবোৰ নিশেষ হোৱাৰ লগতে সেইবোৰ বাহিৰলৈ ওলাই আহিব আৰু দুৰ্গন্ধ নাইকিয়া হব। 


পানী-

মুখৰ পৰা ওলোৱা দুৰ্গন্ধ আঁতৰাবলৈ যথেষ্ট পৰিমাণে পানী খোৱাটো উচিত। কিয়নো ইয়াৰ জৰিয়তে বেছিভাগ বেক্টেৰিয়া মুখৰ পৰা বাহিৰলৈ ওলায় আহে আৰু ইয়াৰ সংখ্যাও হ্ৰাস হয়। উন্নত ফলাফলৰ বাবে পানীত নেমু ৰস মিহলাই তাৰ পাছত সেৱন কৰক। 


ডালচেনি-

প্ৰায় সংখ্যক লোকৰ ঘৰতে ডালচেনি ব্যৱহাৰ কৰা হয়। যদি মুখৰ পৰা দুৰ্গন্ধ ওলোৱা মানুহে ইয়াৰ কেইটামান টুকুৰা চোবাবলৈ আৰম্ভ কৰে, তেনেহলে মুখৰ দুৰ্গন্ধ আঁতৰি যোৱাৰ লগতে বেক্টেৰিয়াবোৰ বিকাশো হ্ৰাস হয়।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।  ( Assamese Health Tips )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

No comments:

Post a Comment

Advertisement

Pages