আপোনাৰ শিশুটোৱেও মুখেৰে উশাহ লয় নেকি ? যদি মুখেৰে উশাহ লয় , তেন্তে আপুনি সজাগ হওঁক । ( Assamese Health Tips )
মুখেৰে উশাহ লোৱা শিশুৰ বিভিন্ন ৰোগ হব পাৰে ।যেনে : টনছিল , হাঁপানী , মিৰ্গী , Hyper activity , চকুৰ দৃষ্টি কমি যোৱা , চকু কেৰা হোৱা , কথা স্পষ্ট নোহোৱা , শাৰীৰিক পংগু আদিৰ উপৰিও সঘনাই জ্বৰ, পানীলগা , টনছিল আদি হৈয়েই থাকিব ।
যেতিয়া মানুহ এজনে নাকেৰে উশাহ নলৈ মুখেৰে লয় , তেতিয়া সেই বায়ু ফিল্টাৰ হব নোৱাৰে । দূষিত বায়ু পোন প্ৰথমে গলেৰে পাৰ হৈ গৈ হাওঁফাওঁ পাব । নাকেৰে উশাহ ললে বায়ু ফিল্টাৰ হৈ যায় ।
গলেৰে দূষিত বায়ু পাৰ হৈ গৈ প্ৰথমে টনছিল কৰিব । পাছত হাওঁফাওঁ পালে হাওঁফাওঁৰ বিভিন্ন ৰোগ হব । ইয়াৰ ভিতৰত হাঁপানী , হাওঁফাওঁৰ সংক্ৰমক , ব্ৰংকাইটিছ আদি আজীৱন ঠিক নোহোৱা ৰোগে প্ৰধান । সঘনাই কাহ , চৰ্দি জ্বৰ আদি হৈ থাকিব দূষিত বায়ু হাওঁফাওঁলৈ গলে ।
মুখেৰে উশাহ ললে মানুহৰ ব্ৰেইনত অক্সিজেন নাযায় । ফলত সেইজন মানুহে কোনো এটা কথা ভালকৈ ভাবিব নোৱাৰে । মানুহজন অস্থিৰ হৈ যায় বা hyper activity হয় ।
ব্ৰেইনত অক্সিজেন নাপালে মানুহ এজনৰ ব্ৰেইনৰ শিৰাবোৰত কফ জমা হৈ গৈ মিৰ্গী বেমাৰ বা seizure হয় । টোপনি বহুত কম হয় আৰু একদম খিংখিঙীয়া হয় । ব্ৰেইনত অক্সিজেন নাপালে সেই মানুহজনৰ বিভিন্ন মানসিক ৰোগ হয় । ব্ৰেইনত অক্সিজেন নাপালে কফ জমা হৈ ব্ৰেইন টিউমাৰ পৰ্য্যন্ত হব পাৰে ।।। ( Assamese Health Tips )
এতিয়া কথা হল মুখেৰে উশাহ কি পৰিস্থিতিত লব লগা হয় শিশুৱে ??
যেতিয়া শিশু এটাৰ নাক বন্ধ হৈ যায় , তেতিয়া শিশুটোৱে মুখেৰে উশাহ লয় ।
শিশুৰ নাক কিয় বন্ধ হয় ?
শিশুৰ নাক বন্ধ হয় শিশুক মালিচ নকৰা , শিশুক ঘিঁউ , মৌ আদি নুখুওৱা , শিশুক শিশুখাদ্যৰ পৰা বঞ্চিত কৰি বজাৰত টেমাত ভৰাই অনা খাদ্য আদি খুওৱাৰ বাবেই বেছিকৈ শিশুৰ নাক বন্ধ হয় ।
ইয়াৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হল শিশুৰ মালিচ । জন্মৰ পৰা 14 বছৰলৈ শিশুক মালিচ কৰিব কৈছে আয়ুৰ্বেদত । যদি 6 বছৰ হলেও মালিচ কৰে , তেন্তে শিশুৰ মেডিকেল খৰচ শূণ্য হব । ইয়াৰ লগতে শিশুক বিলোনা ঘিঁউ , জংঘলৰ মৌ আদি খুৱাব নিয়মিত ।
ইতিমধ্যে যিবোৰ শিশুৰ নাক বন্ধ হৈ গৈছে , তেওঁলোকে সেইবোৰ শিশুক নিতৌ কালজিৰা তেলৰ মালিচ কৰক । নাকত বিলোনা ঘিঁউ গৰম কৰি দুই টুপালকৈ দিয়ক । 2-3 মাহ দিলে নাকৰ বিন্ধা সম্পূৰ্ণ খোল খাই যাব ।।।
ইতিমধ্যে যিসকল শিশুৰ মানসিক বিকৃতি বা hyper activity বা অইন মানসিক বিকৃতি হৈছে , তেওঁলোকৰ 99% ৰ ক্ষেত্ৰত মাক দেউতাকে দেখা পাব যে শিশুটিয়ে মুখেৰে উশাহ লৈ আছে । এই ক্ষেত্ৰত মাক দেউতাকে শিশুটিক মানসিক ৰোগী বুলি ভুল চিকিৎসা কৰি শিশুটিক মাৰি পেলাব বা অন্ধকাৰ ভৱিষ্যতলৈ ঠেলি দি আছে ।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ। ( Assamese Health Tips )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment