সাৱধান নহৰু খালে এই ব্যক্তিসকলৰ শৰীৰত ভিতৰৰ পৰা যথেষ্ট ক্ষতি হ'ব : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, August 7, 2022

সাৱধান নহৰু খালে এই ব্যক্তিসকলৰ শৰীৰত ভিতৰৰ পৰা যথেষ্ট ক্ষতি হ'ব : Assamese Health Tips

Assamese Health Tips

 

আমি সকলোৱে জানো যে-ভাৰতীয় পাকঘৰ আয়ুৰ্বেদিক ঔষধৰ ঘৰ হিচাপে জনাজাত।এনেদৰে যিকোনো ধৰণৰ ৰোগৰ বাবে পাকঘৰত অধিক ঔষধ উপলব্ধ। ইয়াৰে এটা হল-নহৰু।যাক অতিশয় শক্তিশালী বুলি গণ্য কৰা হয়।নহৰু হৈছে এক-বনষৌধি।যি শক্তিশালী-এন্টিঅক্সিডেন্ট খাদ্য হিচাপে সমগ্ৰ বিশ্বতে বিখ্যাত।  ( Assamese Health Tips )


বহু গৱেষণাই দাবী কৰিছে যে-নহৰুত ডাঙৰ ডাঙৰ ৰোগবোৰক নিৰাময় কৰাৰ ক্ষমতা আছে।ইয়াৰ লগতে নহৰুক ঘৰুৱা উাপায়তো আয়ুৰ্বেদিক চিকিৎসাৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়।কিন্তু বহু উপকাৰিতা থকাৰ পাছটো নহৰু একাংশ লোকৰ বাবে ক্ষতিকাৰক।কিছুমান ৰোগত নহৰু খোৱাতো ক্ষতিকাৰক হব পাৰে।


*এইসকল লোকে নহৰু খাব নালাগে-


*ডায়েবেটিছ ৰোগী-

ডায়েবেটিছ ৰোগীৰ বাবে অতিৰিক্তভাৱে নহৰু সেৱন কৰাটো ক্ষতিকাৰক।নহৰুৱে ডায়েবেটিছ ৰোগীৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে।নহৰু অতিৰিক্ত খালে-ডায়েবেটিছ ৰোগীৰ-তেজত চেনিৰ মাত্ৰা কমিব পাৰে।যাৰ বাবে ডায়েবেটিছ ৰোগীৰ সমস্যাৰ সৃষ্টি হব পাৰে।যদি নহৰু কম পৰিমাণত খোৱা হয়-তেন্তে ই চেনি নিয়ন্ত্ৰণ কৰে।কিন্তু অতিৰিক্তভাৱে নহৰু খালে-ই ক্ষতিকাৰক হব পাৰে।  ( Assamese Health Tips )


*যকৃত ৰোগী-

যিসকল লোকৰ-যকৃত,অন্ত্ৰ বা পেটৰ সমস্যা আছে-তেওঁলোকে অতিৰিক্ত নহৰু খাব নালাগে।অৱশ্যে কমাই খাব পাৰে-যাতে-বিশেষ অসুবিধাৰ সৃষ্টি নকৰে।অত্যাধিক পৰিমাণে নহৰু খালে অন্ত্ৰত যিকোনো ধৰণৰ ঘাঁ হব পাৰে।


*শেষতীয়াকে অস্ত্ৰোপচাৰ কৰা ৰোগী-


*শেষতীয়াকে অস্ত্ৰোপচাৰ কৰা লোকসকলে নহৰু খোৱাৰ পৰা বিৰত থাকিব লাগে।নহৰু তেজ পাতল কৰাৰ কাৰকৰূপে কাম কৰে।গতিকে যিসকলে শেষতীয়াকৈ অস্ত্ৰোপচাৰ কৰিছে-তেওঁলোকে নহৰু খোৱাৰ পৰা বিৰত থাকিব লাগে।কাৰণ তেওঁলোকৰ ঘাঁ সতেজ আৰু তেজ পাতল হোৱাৰ বাবে ঘাঁৰ পৰা তেজ ওলোৱাৰ সম্ভাৱনা থাকে।(সংগ্ৰহিত)।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।  ( Assamese Health Tips )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

No comments:

Post a Comment

Advertisement

Pages