ৰবাব টেঙাৰ ১২ টা ঔষধি গুণাগুণ জানি লওক : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, August 31, 2022

ৰবাব টেঙাৰ ১২ টা ঔষধি গুণাগুণ জানি লওক : Assamese Health Tips

Assamese Health Tips


ৰবাব টেঙা স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী । ৰবাব টৈঙাৰ ১২ টা ঔষধি গুণাগুণ জানো আহক। ( Assamese Health Tips )


১)শালমনৰ সমস্যা থকা ছালৰ গৰাকীয়ে ৰবাব টেঙা খোৱা উচিত।ই ছালৰ অতিৰিক্ত তৈলাক্ত ভাব কম কৰে।ক'লা দাগ,হাইপাৰপিগমেন্টশ্যন আদি সমস্যাও কম কৰে।ছালৰ কমনীয়তা বৃদ্ধিটো ই সহায় কৰে।


২/চুলিৰ সৌন্দৰ্যবৰ্ধনত ৰবাব টেঙা উপকাৰী।ভিটামিন এ,ভিটামিন বি কমপ্লেক্স, ভিটামিন চি,জিংক আদিৰ থকাৰ বাবে-চুলিৰ বাবে উপকাৰী।উফিৰ সমস্যাও কম কৰাত সহায় কৰে।সুন্দৰ স্বাস্থ-উজ্বল-চুলিৰ কামনা কৰা সকলে ৰবাব টেঙা সেৱন কৰা উচিত।


৩/হজমী শক্তি বৃদ্ধি কৰে আৰু ভোক বঢ়ায়।পেট খোলাচা কৰে।


৪/ভিটামিন চি থকাৰ বাবে-শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।বতৰ সলনি হোৱা সময়ত হোৱা-কাঁহ,জ্বৰ,  এলাৰ্জিজনিত সমস্যাৰ পৰা ৰক্ষা কৰে।


৫/ষ্ট্ৰক,হাৰ্ট এতেক,আদিৰ পৰাও সহায় কৰাত ৰবাব টেঙা উপকাৰী।


৬/হাঁড়ৰ গঠন শক্তিশালী কৰাত সহায় কৰে।অষ্টিঅপ'ৰছিছ সমস্যাত ভোগা লোকৰ বাবেও ৰবাব টেঙা উপকাৰী। ( Assamese Health Tips )


৭/ৰক্তহীনতা বা এনিমিয়া ৰোগতো উপকাৰী।


৮/অকালতে পৰা বয়সৰ চাপ কম কৰাতো ৰবাব টেঙাই সহায় কৰে।ই একপ্ৰকাৰৰ বডী দিতক্স বা শৰীৰৰ শোধনাকাৰক হিচাপে কাম কৰে।ৰবাব টেঙাত থকা এন্টিঅক্সিডেন্টে অকালতে অহা বয়সৰ চাপ ৰোধ কৰে।


৯/দাঁতৰ সু-স্বাস্থৰ বাবে ৰবাব টেঙা সহায়ক।কাৰণ প্ৰচুৰ পৰিমাণে ৰবাব টেঙাত ভিটামিন চি আছে।দাঁতৰ আলুৰ পৰা তেজ ওলোৱা সমস্যাত ৰবাব টেঙা খালে সুফল পোৱা যায়।


১০)পতাছিয়াম,মেগনেছিয়াম, ভিটামিন চি,আঁহ আদি থকাৰ বাবে-উচ্চ ৰক্তচাপ,কলেষ্ট্ৰৰল, আৰু মেদবহুলতাৰ সমস্যাত উপকাৰী।


১১)অৰ্শ ৰোগীৰ বাবেও ৰবাব টেঙা উপকাৰী।কাৰণ-ইয়াত প্ৰচুৰ পৰিমাণে আঁহ থাকে।


১২)মূত্ৰজনন হোৱাৰ বাবে প্ৰস্ৰাৱৰ বেক্টেৰিয়াজনিত সংক্ৰমণ বা প্ৰস্ৰাৱ জ্বলা পোৰা আদি কৰা-বিভিন্ন সমস্যাত উপকাৰী।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।  ( Assamese Health Tips )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page


1 comment:

  1. সেৱন কৰা,ব্যাৱহাৰ কৰা " ইত্যাদিৰ অৰ্থ দিব। খাব লাগে,খালে সুফল পাব এই ক্ষেত্ৰত সময়/ খালী পেটত নে/ খোৱাৰ পিছত উল্লেখ নাই। কিছুমান ঔষধ ব্যৱহাৰ কৰা বুলিলে গাত লগোৱা/চুলিত লগোৱাৰ কথাও হয়।গতিকে যিকোনো বিষয় চাই চিন্তি দিলে সকলোৰে উপকাৰ হব।

    ReplyDelete

Advertisement

Pages