দৈ কেতিয়া খাব নালাগে জানি লওক: Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, August 14, 2022

দৈ কেতিয়া খাব নালাগে জানি লওক: Assamese Health Tips

Assamese Health Tips


দৈত কেলছিয়াম আৰু লেক্টিক এচিড প্ৰচুৰ মাত্ৰাত পোৱা যায়।নিয়মিত ৰূপত দৈ সেৱন কৰিলে-গাৰ ছালৰ কোমলতা বৃদ্ধি পায়। দৈ কেতিয়া খাব নালাগে জানো আহক ।  ( Assamese Health Tips )


*জ্বৰ হোৱা অৱস্থাত দৈ খাব নালাগে।


*মূৰৰ বিষ,ৰক্তপিত্ত,এলাৰ্জি,

চাইনাচাইটিচ-আদি ৰোগত ভোগা লোকসকলে দৈ খাব নালাগে।


*ৰক্ত সম্পৰ্কীয় ৰোগত ভোগা ব্যক্তিয়ে সাধাৰণতে-ৰাতিৰ ভাগত দৈ খাব নালাগে।


*চেনিৰে সৈতে দৈ খাব নালাগে।চেনিৰ সৈতৈ দৈ সেৱন কৰিলে উপকাৰিতাৰ মাত্ৰা হ্ৰাস পায়।সেয়ে-দৈ সদায়ে নিমখৰ লগত সেৱন কৰা উচিত।

#দৈৰ ঔষধি গুণ- 


১)দৈত কেলছিয়াম আৰু লেক্টিক এচিড প্ৰচুৰ মাত্ৰাত পোৱা যায়।নিয়মিত ৰূপত দৈ সেৱন কৰিলে-গাৰ ছালৰ কোমলতা বৃদ্ধি পায়।


২/দৈৰ লগত জালুক(মিহিকৈ পিহি)চুলি ধুলে-চুলি ঘন,কোমল,আৰু অধিক ক'লা হয় বুলি আয়ুৰ্বেদ শাস্ত্ৰত কোৱা হয়।  ( Assamese Health Tips )


৩/দৈৰ নিয়মিত সেৱনে-কেঞ্চাৰ ৰোগৰ আশংকা কিছু পৰিমাণে কমাই ৰাখে বুলি স্বাস্থ বিশেষজ্ঞসকলে পোষণ কৰিছে।


৪/বৃদ্ধাৱস্থাত প্ৰতিদিনে কমেও-১৫০মিলিগ্ৰামকৈ দৈ সেৱন কৰিলে দেহৰ এন্টবডী অৰ্থাৎ ৰোগ প্ৰতিৰোগৰ ক্ষমতা বৃদ্ধি হয়।


৫/দৈৰ সৈতে নিমৰ পাত মিহিকে পিহি-ছালৰ ৰোগ খৰ আদিত লগালে খৰ নাশ হয়।


৬/কলৰে সৈতে দৈ খালে-মুখৰ ছাল যোৱা আদিত সুফল পোৱা যায় আৰু সোনকালে মুখৰ ছাল যোৱা ৰোগ নিৰাময় হয়।


৭/দৈ অতিসাৰ শোথ ৰোগত যথেষ্ট উপকাৰী।


৮/টেঙা দৈৰে-মূৰ ধুলে-মূৰৰ উফি নাইকিয়া হয়।


৯/২৫০গ্ৰাম দৈৰ লগত-মিঠা আমৰ চৰবত তৈয়াৰ কৰি খালে-মুখ মণ্ডল তেজাল আৰু দীপ্তমান হয়।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।  ( Assamese Health Tips )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages