থাইৰডৰ ঘৰুৱা প্ৰতিকাৰ : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, August 31, 2022

থাইৰডৰ ঘৰুৱা প্ৰতিকাৰ : Assamese Health Tips

Assamese Health Tips


বহুলোকে থাইৰডৰ সমস্যাত ভুগি থাকে।বিশেষজ্ঞসকৰ মতে থাইৰড আমাৰ ডিঙিত অৱস্থিত আৰু দেখাত পখিলাৰ দৰে।ইয়াত কেইবাটাও হ'ৰমন তৈয়াৰ কৰা হয়। ( Assamese Health Tips )


থাইৰডত হৰ'ৰমনৰ অস্বাভাৱিক উৎপাদন হলেহে সমস্যাৰ সৃষ্টি হয়।বিশেষজ্ঞসকলৰ মতে সাধাৰণতে থাইৰডৰ দুই প্ৰকাৰৰ হয়।

হাৰপাইথাইৰয়ডিজম আৰু হাইপোথাইৰয়ডিজম।


আচলতে শৰীৰৰ সকলো হ'ৰমন উৎপাদনৰ বাবে থাইৰড দায়ী।থাইৰডত তিনিটা হ'ৰমন উৎপন্ন হয়।থাইৰ'ক্সিন(T4)আৰু ট্ৰাইআইঅ'ড'থাইৰ'নিন(T3)।যিটো সাধাৰণতে থাইৰড  হ'ৰমন আৰু কেলচিট'নিন বুলি জনা যায়।যিয়ে কেলচিয়ামৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে।যদি থাইৰডে এই হৰ'মনবোৰৰ পৰ্যাপ্ত পৰিমাণে বা আনকি বেছিকৈ উৎপন্ন নকৰে-তেন্তে ই শৰীৰত ভাৰসাম্যহীনতা সৃষ্টি কৰিব পাৰে আৰু ইয়াক থাইৰড বোলা হয়।


জীৱ আয়ুৰ্বেদৰ সঞ্চালক ডঃ প্ৰতাপ চৌহানৰ মতে চিকিৎসা জগততথাইৰডৰ বহুতো চিকিৎসা আছে।কিন্তু আয়ুৰ্বেদিক কিছুমান ঔষধ আছে।আয়ুৰ্বেদিক ঔষধে থাইৰডৰ ৰোগ-প্ৰতিৰোধ কৰাই নহয়-থাইৰড ৰোগৰ মূল কাৰণতো নিৰাময় কৰে বুলি বিশ্বাস কৰা হয়।


চজিনাৰ ঠাৰি-


চজিনাৰ ঠাৰিত প্ৰায়বোৰ প্ৰধান পুষ্টিকৰ উপাদান থাকে।যিবোৰ থাইৰডৰ ভাল কৰা কায্যৰ বাবে অতি প্ৰয়োজনীয়।চেলেনিয়ামৰ অভাৱত থাইৰড ৰোগ হব পাৰে আৰ চজিনাত চেলেনিয়ামৰ পৰিমাণ বেছি থাকে।

 ( Assamese Health Tips )


আদা-

থাইৰডৰ বাবে-আদা অন্যতম সহজ ঘৰুৱা উপায়-কাৰণ ই সহজে পোৱা যায়।আদা পটাছিয়াম আৰু মেগনেছিয়ামৰ দৰে প্ৰয়োজনীয় খনিজ পদাৰ্থৰে প্ৰচুৰ পৰিমাণে থাকে।আৰু ই থাইৰডৰ অন্যতম প্ৰধান কাৰণ প্ৰদাহৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে।আদা চাহ খোৱাটো উত্তম সমাধান।


জিৰা-

জিৰাৰ বহুতো ঔষধি গুণ আছে।ই কেৱল খাদ্যৰ সোৱাদ বৃদ্ধি কৰায় নহয়-থাইৰডৰ দৰে গুৰুত্বৰ অৱস্থাৰ চিকিৎসাত সহায় কৰে।থাইৰড ৰোগীয়ে জিৰা চোবাই পানী খাই সকাহ পাব পাৰে।


ধনীয়া-


হাজাৰ বছৰ ধৰি-ধনীয়া তিয়াই থোৱা পানী ব্যৱহাৰ কৰি থাইৰডৰ সমস্যাৰ নিৰাময় কৰি আহিছে।আয়ুৰ্বেদিক চিকিৎসা বিজ্ঞানত ই এক প্ৰধান চিকিৎসা।ধনীয়াত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট আৰু ভিটামিন থাকে।যিয়ে থাইৰড সুস্থ কযাৰ লগতে থাইৰডৰ হ'ৰমন উৎপাদনত নিয়ন্ত্ৰণ কৰে।

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।  ( Assamese Health Tips )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page


No comments:

Post a Comment

Advertisement

Pages